Logo
image

নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত আছু-NSUIৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়

ডিজিটেল সংবাদ, নগাঁওঃ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু আৰু কংগ্ৰেছৰ ছাত্র সংগঠন এন এছ ইউ আইয়ে বিজয় যাত্ৰা অব্যাহত ৰাখিছে। সংগঠন দুটাৰ সমৰ্থিত কেইবাগৰাকী প্ৰাৰ্থীয়ে গুৰুত্বপূৰ্ণ পদত জয় লাভ কৰিবলৈ সক্ষম হৈছে।

সাধাৰণ সম্পাদকৰ পদত আছু সমৰ্থিত বিশাল সোণোৱাল, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা নিশিতা বৰা, সহকাৰী ক্ৰীড়া সম্পাদক নৱজ্যোতি গায়ন, সুকুমাৰ কলা সম্পাদক মানস বৰা, আলোচনী সম্পাদিকা শৰ্মিষ্ঠাগিৰী বৰদলৈ, শ্ৰেণী প্ৰতিনিধি ঝৰ্ণা দত্ত আৰু শ্বাস্বতী ভৰদ্বাজ বিজয়ী হৈছে। নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি কাকতি আৰু সাধাৰণ সম্পাদক দুলাল শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে। 

ইপিনে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থী ৫ টা পদত বিজয়ী হৈছে। তেওঁলোক হৈছে সভাপতি পদত আৰ্শিক ডেকা, সমাজ কল্যাণ সম্পাদিকা স্বপ্নালিকা দেৱী, সাংস্কৃতিক সম্পাদিকা ৰিয়া বৰদলৈ, তৰ্ক সম্পাদক পবিত্ৰ হাজৰিকা আৰু সংগীত সম্পাদক জিষ্ণু নন্দন শইকীয়া ।