Logo
image

হাউছফুলঃদেশজুৰি ‘পাঠান’ ঢৌ, প্ৰথম দিনাই ১০৫ কোটি সংগ্ৰহ

আমাৰ অসম, ২৬ জানুৱাৰীঃ দেশৰ কোনোবা মুখ্যমন্ত্ৰীয়ে চিনি নাপাব পাৰে, শ্বাহৰুখ খান কিন্তু এতিয়াও বলীউডৰ বাদশ্বাহ৷ বহুচৰ্চিত, বহুবিতৰ্কিত ‘পাঠান’ৰ মুক্তিৰ প্ৰথমদিনাই দেশে-বিদেশে থকা অগণিত দৰ্শকক বুজাই দিছে শ্বাহৰুখ খানে, কোন কাহানিতেই নিগেটিভ অথবা ৰোমাণ্টিক হিৰোৰ আভৰণ খুলি লোৱা বলীউডৰ বাদশ্বাহ আজি দেশৰ শ্ৰেষ্ঠতম একচন হিৰো৷ ২ ঘণ্টা ২৬ মিনিটৰ এটা পলো অহেতুক ব্যয় নকৰা একচন, কেৱল একচন আৰু দেশপ্ৰেমেৰে শ্বাহৰুখ খানে ‘বয়কট গেঙ’লৈ উপলব্ধি কৰিবলৈ বাধ্য কৰাইছে, চেলুলয়ডত তেওঁৰ সমান দেশপ্ৰেমিক আৰু দ্বিতীয় এজন নাই৷ চিক্ৰেট এজেণ্টৰ ‘বছ’ হিচাপে শ্বাহৰুখে যি বলিষ্ঠ শৰীৰি ভাষা প্ৰদৰ্শন কৰিছে সেয়া অনবদ্য৷ ‘পাঠান’ৰ শ্বাহৰুখ খানক ৮ ৰ পৰা  ৮৮ ৰ যিকোনো দৰ্শকেই দেখি বিস্ময় প্ৰকাশ কৰিব, বিমুগ্ধ হ’ব আৰু সৰ্বোপৰি হ’ব ঈৰ্ষান্বীত৷ তেনেদৰেই ‘পাঠান’ত বিস্ময়-মুগ্ধতা আৰু ঈৰ্ষাৰ সৃষ্টিৰে শ্বাহৰুখ খানেৰ প্ৰথমদিনাই সংগ্ৰহ কৰি দিলে ১০৫ কোটি টকা৷ আটাইতকৈ চমুকৈ ‘পাঠান’ সন্দৰ্ভত মন্তব্য কৰিবলৈ হ’লে ছবিখন প্ৰথমদিনাই – মেগাহিট৷ ছুপাৰহিট শব্দটো সম্ভৱতঃ দৰ্শকৰ আগ্ৰহৰ তুলনাত তুচ্ছ হৈ পৰিব৷ বলীউডৰ বাদশ্বাহৰ ইন্দ্ৰজাল নহয়, ধাৰাবাহিক একচন ছিকুৱেন্সেৰে প্ৰথমদিনাই ‘পাঠান’ৰ বক্স অফিচৰ সংগ্ৰহ ৱল্ডৰ্ৱাইড-১০৫ কোটি টকা৷ আনহাতে দেশত ‘পাঠান’ৰ প্ৰথমদিনাৰ বক্স অফিচৰ সংগ্ৰহ ৬৫ কোটি টকা৷ আগতীয়া বুকিঙেৰে ‘পাঠানে’ মুক্তিৰ পূৰ্বেই সংগ্ৰহ কৰিছিল ২৭.১২  কোটি টকা৷ এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ নিশাৰ দ্বিতীয় দৰ্শনীৰ মুঠ সংগ্ৰহৰ হিচাপ আহি হাতত পৰা নাই৷ কিন্তু ছবিৰ প্ৰযোজক  আৰু বস্ক অফিচৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ‘পাঠান’ৰ প্ৰথম দিনাৰ মুঠ সংগ্ৰহ হ’ব বিশ্বজুৰি ১০৫ কোটি টকা৷ সেই হিচাপ নিখুঁতভাৱে আৰু আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰেহে ঘোষণা কৰা হ’ব৷ কিন্তু প্ৰযোজক আৰু পৰিচালকে এটা বিষয় চূড়ান্তভাৱে জনাইছে, ‘ৱল্ডৰ্ৱাইড’ অৰ্থাৎ বিশ্বজুৰি ‘পাঠান’ৰ প্ৰথম দিনাৰ প্ৰতিটো দৰ্শনী হাউছফুল৷ আৰু হাউছফুল হ’লেই ‘পাঠান’ৰ বক্স অফিচৰ সংগ্ৰহ হ’ব ১০৫ কোটি টকা৷ ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত ‘পাঠানে বুধবাৰে মুক্তি লাভ কৰিছে৷ ‘পাঠান’ক মুক্তি দিয়া হৈছে আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, সংযুক্ত আৰব আমিৰশ্বাহী, ইউৰোপৰ প্ৰায় সকলো দেশ আৰু অৱশিষ্ট বিশ্বত৷ বিদেশৰ পৰা ‘পাঠানে’ আগতীয়া বুকিঙৰ জৰিয়তে লাভ কৰিছিল ২০.৬৬ কোটি টকা৷‘পাঠান’ৰ এই সংহাৰী ৰূপ দেখি দেশত বয়কট গেঙে ছবিখনৰ মুক্তিৰ দিনা তাপ মৰি আছে৷ সম্ভৱতঃ আজিৰ পৰা বলীউডৰ বাদশ্বাহে কাকো ‘দিল চাহতো হ্যে’ ছবিৰ দৰে চিনাকি দিবলগীয়া নহ’ব– নাম তো ছুনা হি হোগা৷ শ্বাহৰুখ, আই এম শ্বাহৰুখ৷

অসমৰ ৬৫টা হলত ‘পাঠান’, ৬০ লাখ টকাৰ টিকট বিক্ৰী

সকলো বিৰ্তকৰ অৱসান ঘটাই বুধবাৰে মুক্তি পায় বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বিগ বাজেটৰ ছবি ‘পাঠান’৷ একাংশ হিন্দুত্ববাদী সংগঠনৰ বয়কটৰ মাজতে অসম তথা দেশ-বিদেশৰ ছবিগৃহত মুক্তি পায় পাঠানে৷ গুৱাহাটীৰ নাৰেংগীৰ এটা চিনেমা হলত বজৰং দলৰ কৰ্মীয়ে পাঠানৰ পোষ্টাৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই অভিনেতা শ্বাহৰুখ খানক সন্দৰ্ভত  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এটা মন্তব্যক লৈ বিৰ্তকৰ সৃষ্টি হৈছিল৷ আনকি মুখ্যমন্ত্ৰী শৰ্মাই ‘পাঠান’ ছবি নাচাই বুলিও ৰাজহুৱাকৈ নিজৰ স্থিতি ব্যক্ত কৰিছিল৷ অৱশ্যে হিন্দুত্ববাদী সংগঠনৰ বিৰোধিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে স্থিতিৰ পাছতো বুধবাৰে ছবিগৃহত পাঠান চাবলৈ অসমৰ দৰ্শকৰ ঠেলা-হেঁচা লাগে৷ কোনোবাটো হলত যদি দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে শ্বাহৰুখ খানৰ পোষ্টাৰত গাখীৰ ঢালি অনুৰাগীয়ে আদৰণি জনায়, আন কোনোবাটো ছবিগৃহত আকৌ পাঠানৰ নামত কেক কাটি হলত প্ৰৱেশ কৰে অনুৰাগীয়ে৷ কোনো অনুৰাগীয়ে আকৌ গাঁৱৰ পৰা অহা দৰ্শকৰ বাবে বিনামূলীয়া গাড়ীৰ ব্যৱস্থা কৰাৰ বিপৰীতে আন কোনো অনুৰাগীয়ে ফ্ৰীত বিতৰণ কৰে পাঠানৰ টিকট৷ লক্ষণীয়ভাৱে বুধবাৰে পাঠান মুক্তি পোৱা ৰাজ্যৰ ৬৫টা হলতে অসম আৰক্ষী আৰু চি আৰ পি এফে কটকটীয়া নিৰাপত্তা  দিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়৷  পাঠশালাৰ এটা হলত আৰক্ষীৰ বাধা ওফৰাই প্ৰৱেশদ্বাৰৰ গেট ঠেলি দৰ্শককে হলৰ ভিতৰত প্ৰৱেশ কৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছে৷ শ্বাহৰুখ খানক লৈ একাংশ অনুৰাগী ইমানেই অত্যুৎসাহী হৈ পৰে যে দৰ্শনীৰ পূৰ্বে গোলাঘাটৰ গ’ল্ড চিনেমা হল আৰু গুৱাহাটীৰ অনুৰাধা হলত পাঠানৰ পোষ্টাৰত গাখীৰ  ঢালি আদৰণি জনায়৷ ৰঙিয়াৰ ডিলাইট চিনেমা হলত শ্বাহৰুখ খান ফেন ক্লাবৰ সদস্যই কেক কটাৰ লগতে ধুবুৰীৰ চিনেমা হলতো কেক কাটিহে হলত প্ৰৱেশ কৰে অনুৰাগীয়ে৷ ইফালে মৈৰাবাৰীৰ হেদায়ত উল্লাহ নামৰ যুৱকজনে দৰ্শকক পাঠান চোৱাৰ বাবে ফ্ৰী গাড়ী আৰু ফ্ৰী টিকটৰ ব্যৱস্থা কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে৷ আনহাতে বৰপেটাৰ কয়াকুছিত শ্বাহৰুখ খানৰ অনুৰাগীয়ে মাইকযোগে পাঠানৰ প্ৰচাৰ চলোৱা দেখা যায়৷ ইফালে ছয়গাঁৱৰ আশ্ৰাফুল নামৰ যুৱকজনে গুৱাহাটী পিভিআৰ হলত শ্বাহৰুখ খানৰ মিমিক্ৰী কৰি সকলোকে আমোদ দিয়াই নহয়, অনুৰাধা হলত একাংশ অনুৰাগীয়ে ফটকা ফুটাই উল্লাস প্ৰদৰ্শন কৰে৷ গুৱাহাটীৰ হলত পাঠান উপভোগৰ বাবে ধুবুৰী, বৰপেটা আদি জিলাৰ চৰ অঞ্চলৰ পৰাও দলে দলে দৰ্শকে মহানগৰীৰ হলত ভিৰ কৰা পৰিলক্ষিত হয়৷ চিনেমা হল মালিক সন্থাই সদৰী কৰা মতে পাঠানৰ মুক্তিৰ প্ৰথমটো দিনত প্ৰায় ৬০ লাখ টকাৰ টিকট বিক্ৰী হয়৷ অনলাইনৰ উপৰি বহুতে হলত আহি অফলাইনত টিকট কাটি পাঠান উপভোগ কৰে৷ অৱশ্যে বলীউদৰ ছুপাৰষ্টাৰজনৰ ছবিৰ অগ্ৰিম টিকট বিক্ৰী হোৱাত বহু হলত বুধবাৰে অফলাইনত টিকট নোহোৱা হৈ পৰে৷ অৱশ্যে অসমৰ অভিনেতা দিগন্ত হাজৰিকাই অভিনয় কৰা শ্বাহৰুখ খানৰ পাঠানৰ ক্ষেত্ৰত দৰ্শকে দেখুওৱা উৎসাহ অসমীয়া ছবিৰ ক্ষেত্ৰত দৰ্শকে  দেখুৱাব নে নাই সেয়া সময়েহে ক’ব৷