Logo
image

ৰাহুলৰ নিৰাপত্তা প্ৰত্যাহাৰ কাশ্মীৰত ভাৰত জোড়ো বাতিল

আমাৰ অসম, ২৮ জানুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ পৰা হঠাৎ নিৰাপত্তা ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছে৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে শেহতীয়াকৈ উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ৷ বেণুগোপালে কৰা অভিযোগ মতে ৰাহুলৰ নেতৃত্বত জম্মু-কাশ্মীৰত চলি থকা ‘ভাৰত জোড়ো’ যাত্ৰাই শুকুৰবাৰে জম্মু-কাশ্মীৰৰ বানীহাল সুৰংগ অতিক্ৰম কৰাৰ পাছতে হঠাৎ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী কৰ্মীসকল অন্তৰ্দ্ধান হৈ পৰে৷ ফলত ৰাহুল গান্ধী আৰু তেওঁক সংগ দিয়া জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কেইবা কিলোমিটাৰ নিৰাপত্তা অবিহনেই  পদযাত্ৰা কৰিবলগীয়া হয়৷ উল্লেখ্য যে জম্মু-কাশ্মীৰত কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাত শুকুৰবাৰে অসংখ্য লোকে যোগ দিয়ে৷ এনে অৱস্থাত  মানুহৰ ভিৰত অঘটন বা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাত কংগ্ৰেছে এই যাত্ৰা স্থগিত ৰাখিবলৈ বাধ্য হৈ পৰে৷ তাৎপৰ্যপূৰ্ণ যে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পৰা নিৰাপত্তা বাহিনী হঠাতে প্ৰত্যাহাৰ কৰা বুলি দলটোৱে গুৰুতৰ অভিযোগ কৰে যদিও জম্মু-কাশ্মীৰ প্ৰশাসন এই সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকে৷ 

শুকুৰবাৰে পুৱা ৰাহুল গান্ধীয়ে বানীহালৰ পৰা ‘ভাৰত জোড়ো’ যাত্ৰাৰ পদযাত্ৰা আৰম্ভ কৰে৷ পূৰ্বৰ সূচী অনুসৰি ৰাহুলে বানীহালৰ পৰা ১১ কিলোমিটাৰ দূৰত্ব পদযাত্ৰা কৰাৰ কথা আছিল৷ কিন্তু বানীহাল সুৰংগ অতিক্ৰম কৰাৰ পাছতে দেখা যায় যে ৰাহুলক সংগ দিয়াৰ বাবে উবুৰি খাই পৰিছে শ শ  কংগ্ৰেছ কৰ্মী তথা সাধাৰণ লোক৷ তেতিয়াই কংগ্ৰেছ নেতাসকলে প্ৰত্যক্ষ কৰে যে হঠাতে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰা আৰক্ষী কৰ্মীসকল এজন এজনকৈ আঁতৰিবলৈ আৰম্ভ কৰিছে৷ আনকি ৰাহুলৰ নিৰাপত্তাৰ দায়িত্বত থকা চিআৰপিএফৰ জোৱান সকলেও আৰক্ষী কৰ্মীসকলক আঁতৰি যোৱা দেখি অবাক হৈ পৰে৷ এনে অৱস্থাত তেওঁলোকে কংগ্ৰেছ নেতাজনৰ নিৰাপত্তাৰ স্বাৰ্থত ভাৰত জোড়ো যাত্ৰাৰ গতি তাতেই বন্ধ কৰিবলৈ বাধ্য হৈ পৰে৷ ইয়াৰ পাছত প্ৰায় আধাঘণ্টা সময় তেওঁলোক তাতে থাকি অৱশেষত ৰাহুল গান্ধীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি নিয়ে৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত জম্মু-কাশ্মীৰ আৰক্ষীৰ এনে কাণ্ডক লৈ স্বাভাৱিকতে দলটোৰ নেতা-কৰ্মীসকল আচৰিত হৈ পৰিছে৷