Logo
image

মোগল গাৰ্ডেনৰ নতুন নাম ‘অমৃত উদ্যান’

আমাৰ অসম, ২৯ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি ভৱনত থকা বিখ্যাত মোগল গাৰ্ডেনৰ নাম  সলনি কৰি অমৃত উদ্যান ৰাখিছে৷ দেশে ৭৪ সংখ্যক গণৰাজ্য দিৱস পালন কৰাৰ দুদিন পাছতে কেন্দ্ৰীয় চৰকাৰে এই ঐতিহাসিক বাগিচাখনৰ নাম সলনি কৰে৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰেছ সচিব নবিকা গুপ্তই শনিবাৰে এটা প্ৰেছ বিবৃতিযোগে জনাইছে যে, স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে দেশজুৰি ‘আজাদী কা অমৃত মহোৎসৱ’ পালন কৰা হৈছে৷ তাৰ সৈতে সংগতি ৰাখিয়েই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মোগল গাৰ্ডেনৰ নাম সলনি কৰি অমৃত উদ্যান ৰাখিছে৷ কাইলৈ দেওবাৰে নতুনকৈ নামাকৰণ কৰা অমৃত উদ্যান উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে৷ উল্লেখ্য, ৩১ জানুৱাৰীৰ পৰা ২৬ মাৰ্চলৈ সাধাৰণ দৰ্শনাৰ্থীৰ বাবে এই সুদৃশ্য মোগল গাৰ্ডেন মুকলি কৰি দিয়া হয়৷ এইবাৰো সেই একেখন ফুলনি বাগিচা দৰ্শনাৰ্থী অমৃত উদ্যান হিচাপে দৰ্শন কৰিব পাৰিব৷ এই উদ্যান ১৫ একৰ ভূমিত বিস্তৃত হৈ আছে৷