৩০০ কোটিৰ ক্লাবত ‘পাঠান’
কিং খানৰ ৰাজকীয় প্ৰত্যাৱৰ্তন৷ সুদীৰ্ঘ ৪ বছৰ পাছত ডাঙৰ পৰ্দালৈ উভতিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান৷ বাদশ্বাহৰ নতুন হিন্দী ছবি ‘পাঠান’ক লৈ বক্স অফিচ তোলপাৰ৷ ছবিখনক লৈ দৰ্শকৰ উন্মাদনা দেখি দেশৰ ডাঙৰ ডাঙৰ চহৰ সমূহত ৬-৭ টাকৈ শ্ব’ দেখুওৱা হৈছে৷ ছবিখনে মুক্তিৰ প্ৰথম দিনাই অভিলেখসংখ্যক ৰাজহ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বাদশ্বাহৰ হাতত ধৰি যেন লক্ষ্মী ঘূৰি আহিছে বলীউডলৈ৷ বিশ্ব বক্স অফিচত ৩০০ কোটিৰ ঘৰত প্ৰৱেশ কৰিছে পাঠানে৷ সংযুক্ত আৰব আমিৰশ্বাহী, ছিংগাপুৰ সকলোতে বলীউডৰ ছবি ৰেকৰ্ড ভংগ কৰিছে কিং খান অভিনীত পাঠানে৷ প্ৰথম দিনাই মাৰ্কিন যুক্তৰাষ্ট্ৰত ১ মিলিয়ন ডলাৰ আয় কৰিছে ছবিখনে৷ পাকিস্তানতো পাঠানে ব্যাপক চৰ্চা লাভ কৰিছে৷ কাশ্মীৰত পাঠানে বিগত ৩২ বছৰৰ অভিলেখ ভংগ কৰে৷ ২৫০ কোটি টকা বাজেটৰ ছবিখনে বলীউডলৈ লক্ষ্মী ঘূৰাই আনিব বুলি আশা কৰা হৈছে৷ আনকি দৰ্শকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি মাজ নিশাও শ্ব’ দেখুওৱাৰ সিদ্ধান্ত লয় প্ৰযোজক সংস্থা ৱাই আৰ এফে৷ হিন্দী ছবিৰ ইতিহাসত ছবি মুক্তিৰ দিনা পাঠানৰ ব্যৱসায়েই আটাইতকৈ অধিক৷ ইতিমধ্যে ব্লকবাষ্টাৰ খিতাপো পাইছে ছবিখনে৷ বিশ্বজুৰি ৮,০০০ টা ছবিগৃহত মুক্তি লাভ কৰিছে পাঠানে৷ হিন্দীৰ উপৰিও তামিল ভাষাটো মুক্তিলাভ কৰিছে পাঠানে৷ আন্তৰ্জাতিক স্তৰত ২,৫০০টা চিত্ৰগৃহত মুক্তিলাভ কৰিছে ছবিখনে৷ ইফালে পাঠানক লৈ বিতৰ্কৰো শেষ নাই৷ বিতৰ্কৰ মাজেৰে বুধবাৰে মুক্তি লাভ কৰা কিং খান শ্বাহৰুখ, দীপিকা পাডুকন আৰু জন আব্ৰাহাম অভিনীত ‘পাঠান’ নামৰ চিনেমাখনে দুদিনত আয় কৰে ১২৭ কোটি টকা৷ ভাৰতত দুদিনত ১২৭ কোটি টকা আয় কৰা পাঠানে বিশ্বজুৰি ২৩৫ কোটি টকা৷ প্ৰথমদিনা ৫৭ কোটি টকা আয় কৰা পাঠানে দ্বিতীয় দিনা অৰ্থাৎ বৃহস্পতিবাৰে আয় কৰে অভিলেখ ৭০ কোটি টকা৷ গণৰাজ্য দিৱস উপলক্ষে বৃহস্পতিবাৰে বন্ধ দিন হোৱাত যথেষ্ট লোক চিত্ৰগৃহলৈ যায় পাঠান চাবলৈ৷ দ্বিতীয় দিনৰ আয়ত পাঠানে কেজিএফ-২কো অতিক্ৰম কৰে৷ কেজিএফ-২য়ে দ্বিতীয় দিনা আয় কৰিছিল ৪৭ কোটি টকা৷ কিন্তু পাঠানে আয় কৰে ৭০ কোটি৷ দুদিনত বিশ্বজুৰি বক্স অফিচ সংগ্ৰহ ২৩৫ কোটি, তিনিদিনত ৩০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিছে পাঠানে৷ উল্লেখ্য, ‘বেচৰম ৰং’-ত গেৰুৱা বিকিনী পৰিহিত দীপিকা পাড়ুকনক লৈ বয়কট কৰা সকলক বুঢ়া আঙুলি দেখুৱাই ভাৰতীয় ছবি ইতিহাসত এক নতুন ইতিহাস গঢ়িছে সিদ্ধাৰ্থ আনন্দ পৰিচালিত ছবিখনে৷ ভাৰতীয় ছবিৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ একচন ছবি হিচাপে চিহ্নিত হৈছে পাঠান৷ সিদ্ধাৰ্থ আনন্দৰ কাহিনী আৰু পৰিচালিত পাঠান প্ৰযোজনা কৰিছে যশৰাজ ফিল্মছৰ বেনাৰত আদিত্য চোপ্ৰাই৷ ২ ঘণ্টা ২৫ মিনিটৰ ছবিখনত শ্বাহৰুখ খান, দীপিকা পাড়ুকন, জন আব্ৰাহাম, ডিম্পল কাপাডিয়া, আশুতোষ ৰাণাৰ লগতে অসমৰ দিগন্ত হাজৰিকাই অভিনয় কৰিছে৷ উল্লেখ্য, অসম সন্তান দিগন্ত হাজৰিকাই ইয়াৰ পূৰ্বে ঋতিক ৰোশনৰ ‘মহেঞ্জোদাৰ’ ছবিত অভিনয় কৰিছিল৷ ছবিখনৰ সংগীত দিছে বিশাল দাদলানীয়ে৷ পাঠানৰ কিংখানে এজন ৰ’ এজেণ্টৰ ভূমিকাত অভিনয় কৰিছে৷ দেশপ্ৰেমমূলক ছবি ‘পাঠান’ৰ যুদ্ধ হৈছে দেশৰ হকে প্ৰাণ ত্যাগ কৰা সৈনিক আৰু দেশৰ শত্ৰুৰ মাজত৷






