Logo
image

৪ দিনত ৪০০ কোটি টকা উপাৰ্জন শ্বাহৰুখৰ 'পাঠান'ৰ

ডিজিটেল ডেস্কঃ ছবিগৃহত 'পাঠান' চলিবলৈ দিয়া নহ'ব বুলি বয়কট গেঙৰ তীব্ৰ হুংকাৰৰ পাছত বিশ্বজুৰি ব্যাপক সফলতা লাভ কৰিছে শ্বাহৰুখ খান অভিনীত চিনেমা 'পাঠান'-এ৷ বিশ্বব্যাপী চিনেমা প্ৰেমীয়ে ব্যাপক সঁহাৰি আগবঢ়াইছে 'পাঠান'ক৷ মাত্ৰ ৪ দিনতে ৪০০ কোটি টকা উপাৰ্জন কৰি বলীউডত নতুন অভিলেখ গঢ়িলে 'পাঠান'-এ৷

উপাৰ্জনৰ দিশৰ পৰা ছাউথৰ ছুপাৰ হিট ছবি 'কেজিএফ চেপ্টাৰ-২', 'বাহুবলী-২' ক চেৰ পেলাবলৈ সক্ষম হৈছে শ্বাহৰুখৰ এই নতুন ছবিখনে৷ ভাৰতত ইতিমধ্যে ২০০ কোটি টকাৰ ব্যৱসায় কৰিছে 'পাঠান'-এ৷ চিনেমাখনৰ মুক্তিৰ প্ৰথম দিনাই ভাৰতত ৫৭ কোটি টকাৰ ব্যৱসায় কৰে৷ আনহাতে দ্বিতীয় দিনা ৭০ কোটি, তৃতীয়া দিনা ৩৬ কোটি আৰু চতুৰ্থ দিনা ৫২ কোটি টকাৰ ব্যৱসায় কৰে 'পাঠান'-এ৷

উল্লেখ্য যে 'পাঠান'ৰ মুক্তিৰ পূৰ্বেই দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ হিন্দুত্বাবাদী সংগঠনে৷ ভাৰতীয় সভ্যতা-সংস্কৃতিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি ছবিগৃহত 'পাঠান'ৰ প্ৰদৰ্শনী বন্ধ কৰাৰো হুংকাৰ দিছিল কেইবাটাও হিন্দুত্ববাদী সংগঠনে৷ বয়কট গেঙৰ তীব্ৰ প্ৰত্যাহ্বানৰ পিছতো মাত্ৰ ৪ দিনতে ৪০০ কোটি টকাৰ ব্যৱসায় কৰি ইতিমধ্যে ছুপাৰ হিট চিনেমাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে 'পাঠান'৷