Logo
image

ৰেখাক গামোচা পিন্ধাই মুম্বাইত অসমৰ ছবিৰ প্ৰচাৰ

আমাৰ অসম, ৩০ জানুৱাৰী: বিখ্যাত আলোচনী ‘ষ্টাৰডাষ্টৰ সোণালী জয়ন্তী অনুষ্ঠান শনিবাৰে মুম্বাইৰ তাজ চাণ্টাক্লজ হোটেলত আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে পালন কৰা হয়৷ এই অনুষ্ঠানতে পংকজ মহন্ত প্ৰযোজিত আৰু অৰুণজিৎ বৰুৱা পৰিচালিত চাদ্ৰী আৰু অসমীয়া ভাষাত নিৰ্মিত চলচ্ছিত্ৰ ‘মিনি’ৰ ট্ৰেইলাৰ মুকলি কৰা হয়৷ চলচ্ছিত্ৰখনত বলোৰাম দাস, উৰ্মিলা মহন্ত, ধনঞ্জয় দেবনাথ, নৱ মহন্ত,  চিমি গোস্বামী আদিয়ে অভিনয় কৰাৰ লগতে সম্পাদনা কৰিছে ৰণ্টু চেতিয়াই, চাউণ্ড ডিজাইনিঙ দেৱজিৎ চাংমাই আৰু ভগৱত প্ৰীতমৰ৷ চলচ্ছিত্ৰখন সংগীতেৰে সজাইছে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী তৰালি শৰ্মাই৷ এই সম্পৰ্কে চলচ্ছিত্ৰখনৰ কাহিনীকাৰ তথা পৰিচালক অৰুণজিত বৰুৱাই ‘আমাৰ অসম’ক কয়– ‘শনিবাৰৰ অনুষ্ঠানত বলীউডৰ যশস্বী শিল্পী, প্ৰখ্যাত অভিনেত্ৰী ৰেখা উপস্থিত থাকে৷ তেওঁক চলচ্ছিত্ৰখনৰ প্ৰযোজক পঙ্কজ মহন্তই অসমৰ গৌৰৱ এখন ফুলাম গামোচা উপহাৰ দিয়ে৷ অসমীয়া ফুলাম গামোচা দেখি আপ্লুত হৈ পৰে ৰেখা৷ ৰেখাই অসমৰ  চলচ্ছিত্ৰখনৰ ট্ৰেইলাৰ উপভোগ কৰি ভূয়সী প্ৰশংসা কৰে৷ অসমৰ ঠাইবোৰ সুন্দৰ, চলচ্ছিত্ৰৰ চৰিত্ৰবোৰ সুন্দৰ হৈছে আৰু চলচ্ছিত্ৰখনে মুক্তিলাভ কৰিলে সুযোগ পালে নিশ্চয় চাব বুলি কয় ৰেখাই৷ এই অনুষ্ঠানত অনুপম খেৰ, অনিল কাপুৰ, কাৰ্তিক আৰিয়ান, পুনম ধীলন প্ৰমুখ্যে বলীউডৰ বহু নামী দামী তাৰকা উপস্থিত থাকে৷ চলচ্ছিত্ৰখনৰ ট্ৰেইলাৰ উপভোগ কৰি সকলোৱে উচ্ছ প্ৰশংসা কৰে৷ সকলোৱে চলচ্ছিত্ৰখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰে৷ বলীউডৰ অভিনেতা ৰণবীৰ সিং ছুৰি আৰু কেইবাজনো বিখ্যাত সাংবাদিকে অসমৰ চলচ্ছিত্ৰখন উপভোগ কৰিবলৈ থকা তেওঁলোকৰ আশাৰ কথা ব্যক্ত কৰে৷ চলচ্ছিত্ৰখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলিছে৷ ব্ৰিটিছে ১৮২৩ চনতে অসমত চাহ আৱিষ্কাৰ কৰিছিল৷ এতিয়া ইয়াৰ লগত জড়িত দুশ বছৰীয়া ইতিহাস আছে৷  আমি চাহ জনগোষ্ঠীৰ ২০০ বছৰীয়া ইতিহাস উদ্‌যাপন কৰিব বিচাৰিছোঁ৷ শীঘ্ৰে আমি চলচ্ছিত্ৰখনৰ পোষ্টাৰ মুকলি কৰিম৷’