Logo
image

আৰ এছ এছ আৰু অসম চুক্তি

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্ছ ক্ষমতাসম্পন্ন কমিটীক লৈ বিজেপি দল আৰু চৰকাৰে নিজেই এতিয়া পানী ঘোলা কৰিবলৈ আৰম্ভ কৰিছে৷ এই কাম অন্য কোনো দল-সংগঠন বা ব্যক্তিবিশেষে কৰা নাই৷ উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক যিদৰে বিজেপি দল আৰু চৰকাৰে সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে, ঠিক তেনেদৰে এতিয়া ৬নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদনো বিজেপিয়ে নস্যাৎ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ‘কেব’ৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ আন্দোলন অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই উচ্ছ ক্ষমতাসম্পন্ন কমিটীখন গঠন কৰি দিছিল অসমবাসীৰ মনৰ ক্ষোভ প্ৰশমিত কৰাৰ উদ্দেশ্যে৷ কমিটীখন গঠনৰ পাছত আৰু এই আইনখন সংসদত গৃহীত হোৱাৰ সময়ত অমিত শ্বাহে ঘোষণা কৰিছিল যে প্ৰতিবেদনখনৰ দাঢ়ি-কমাপৰ্যন্ত সলনি নকৰাকৈ ৰূপায়ণ কৰা হ’ব৷ অমিত শ্বাহৰ এই ঘোষণাই যথেষ্ট আশ্বস্ত কৰিছিল অসমবাসীক৷ ‘কেব’ সংসদত উত্থাপিত হোৱাৰ পূৰ্বে অমিত শ্বাহে অসমৰ দল-সংগঠনৰ নেতৃত্বক নতুন দিল্লীলৈ মাতি আলোচনাত মিলিত হৈছিল৷ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীও অমিত শ্বাহৰে বৈঠকত মিলিত হৈছিল৷ ২০১৯ চনৰ ডিচেম্বৰত অনুষ্ঠিত হৈছিল এই বৈঠক৷ বৈঠকৰ পাছত সভাপতি অতুল বৰাই ঘোষণা কৰিছিল যে  ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰি দিয়া উচ্ছ ক্ষমতাসম্পন্ন কমিটীৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহে তেওঁলোকক দিছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত উপস্থিত হৈ উচ্ছ ক্ষমতাসম্পন্ন কমিটীখনে ৫৬০টা দল-সংগঠন আৰু ব্যক্তিবিশেষৰ মতামত গ্ৰহণ কৰে৷ চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত কমিটীয়ে নিজৰ কাম সম্পূৰ্ণ কৰি ২৫ ফেব্ৰুৱাৰীত প্ৰতিবেদনখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে৷ ইয়াৰ পৰাই আৰম্ভ হয় বিজেপি দল আৰু চৰকাৰৰ ৰাজনৈতিক পাশাখেল৷ কমিটীৰ সদস্য সচিব তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে প্ৰতিবেদনখনত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰে৷ কমিটীখন যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিছিল, সেয়ে কমিটীৰ প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ক জমা দিব লাগিব৷ কমিটীৰ অধ্যক্ষ ন্যায়াধীশ শৰ্মা নতুন দিল্লীত বাহৰ পাতি থাকিল কমিটীৰ প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ক অৰ্পণ কৰিবলৈ৷ কিন্তু ৰহস্যজনকভাৱে গৃহমন্ত্ৰী বা তেওঁৰ মন্ত্ৰণালয়ৰ কোনো আমোলা-বিষয়াই ইয়াক গ্ৰহণ নকৰিলে৷ ন্যায়াধীশ শৰ্মা যোৱা বাটেৰে উভতি আহিবলৈ বাধ্য হ’ল৷ মুখ্যমন্ত্ৰীক অৰ্পণ কৰাৰ সুদীৰ্ঘ ছমাহ প্ৰতিবেদনখনৰ অৱস্থিতিক লৈয়ে বিভ্ৰান্তিকৰ স্থিতি গ্ৰহণ কৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে৷ ফলত বাধ্য হৈ কমিটীৰ অন্যতম সদস্য সদৌ অসম ছাত্ৰ সন্থাই ১১ আগষ্টত এই প্ৰতিবেদনখন ৰাজহুৱা কৰে৷ এই কাৰ্যত দিশহাৰা হৈ পৰা বিজেপি দল আৰু চৰকাৰে কমিটীখনৰ বৈধতাক লৈয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে৷ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত আগভাগ লৈ কয় যে ১০-১২জন মানুহৰ কমিটী এখনে অসমীয়াৰ সংজ্ঞা, সাংবিধানিক ৰক্ষাকৱচ নিৰ্ধাৰণ কৰিব নোৱাৰে৷ এই প্ৰতিবেদন অসম বিধানসভাত উত্থাপন কৰা হ’ব৷ বিধানসভাত ইয়াক আলোচনা কৰা হ’ব৷ বিধানসভাত গৃহীত হ’ব লাগিব প্ৰথমে এইখন৷ ২১ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে অমিত শ্বাহে হেনো তেওঁক কৈছে যে প্ৰতিবেদনখন আখৰে আখৰে কাৰ্যকৰী কৰাৰ কথা তেওঁ কেতিয়াও কোৱাই নাই৷ ‘হাম এইচা বাত কিউ বোলেগা’ –এইটো হেনো অমিত শ্বাহৰ বক্তব্য৷ ৰঞ্জিত দাসে লগতে দাবী কৰে যে অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত ‘কোনোবাই’ বাহিৰলৈ আহি কৈছে যে প্ৰতিবেদনখন আখৰে আখৰে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহে দিছে৷ প্ৰতিবেদনখনৰ গ্ৰহণযোগ্য পৰামৰ্শসমূহহে মানি ল’বলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰস্তুত বুলি ৰঞ্জিত দাসে কয়৷ ৰঞ্জিত দাসে চিহ্নিত কৰা এই ‘কোনোবাজন’ আন কোনো নহয়, বিজেপিৰ মিত্ৰদল অগপৰ সভাপতি অতুল বৰা৷ প্ৰতিবেদনখনক লৈ ইয়াতে শেষ হোৱা নাই বিজেপি দল আৰু চৰকাৰৰ ৰাজনৈতিক চক্ৰান্ত৷ বিছ ছেপ্টেম্বৰৰ নিশা অমিত শ্বাহক সাক্ষাৎ কৰাৰ সময়ত তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই প্ৰতিবেদনখন কোনোবা আইনী বা সংবিধান বিশেষজ্ঞৰ দ্বাৰা পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে৷ পুনৰীক্ষণৰ সময়ত তেওঁক অৱগত কৰিবলৈহে মুখ্যমন্ত্ৰী সোণোৱালক অমিত শ্বাহে নিৰ্দেশ দিয়ে৷ কিন্তু মূল প্ৰতিবেদনখন কি হ’ব, সেই সন্দৰ্ভত কিন্তু অমিত শ্বাহে একো নক’লে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত ১৬শ কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰৰ প্ৰায় ৫৫  হাজাৰ কৰ্মচাৰীক তিনি বছৰৰ বাবে দিনে-নিশাই নিয়োগ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হ’ল৷ কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া উচ্ছ ক্ষমতাসম্পন্ন  কমিটীয়ে নিজৰ প্ৰতিবেদন দাখিল কৰিছে৷ এই দুয়োটা বিষয় অসমীয়া জাতিৰ ভৱিষ্যৎ আৰু অস্তিত্বক লৈ জড়িত আছিল৷ কিন্তু দুয়োটা বিষয়ে বিজেপি দল আৰু চৰকাৰে নস্যাৎ কৰি দিলে৷ অথচ দুয়োটা কামেই বিজেপি দল আৰু চৰকাৰৰ চকুৰ সন্মুখতে সম্পন্ন হৈছে৷ তেন্তে তাৰ পাছতো ইয়াক নস্যাৎ কৰাৰ কাৰণ কি? তাতে আকৌ এইবোৰ  ঘটিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতে৷ বিজেপি গৌণ এইক্ষেত্ৰত৷ আৰ এছ এছহে মুখ্য৷ যেতিয়ালৈকে নাগৰিকপঞ্জী বা ৬নং দফা কমিটীৰ প্ৰতিবেদনত আৰ এছ এছৰ দৰ্শন প্ৰতিফলিত নহয়, তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে না ইয়াক গ্ৰহণ কৰিব পাৰিব, না ইয়াক কাৰ্যকৰী কৰিব পাৰিব৷ লাগিলে যি প্ৰতিশ্ৰুতিয়েই নিদিয়ক কিয়৷