Logo
image

৫০০ কোটি টকাৰ ক্লাবত সোমাল ‘পাঠান’

আমাৰ অসম, ৩১ জানুৱাৰী: বয়কট গেঙে দেশজুৰি দপদপাই থকাৰ মাজতে শ্বাহৰুখ খানৰ ‘পাঠান’ গৈ ৰাষ্ট্ৰপতি ভৱনত সোমাল৷ প্ৰায় একেলগে ‘পাঠান’ সোমাল ৫০০ কোটিৰ ক্লাবতো৷ যশৰাজ ফিল্মছৰ স্পাই-থ্ৰীলাৰ পাঠানে মুক্তিৰ পঞ্চম দিনা ৫০০ কোটি টকা সংগ্ৰহ কৰি হিন্দী ছবিৰ অভিলেখ স্থাপন কৰিলে আৰু একেদিনাই অৰ্থাৎ ২৯ জানুৱাৰীত  সেই বিতৰ্কিত ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হ’ল ৰাষ্ট্ৰপতি ভৱনত৷ ৰাষ্ট্ৰপতি ভৱনৰ কালচাৰেল চেণ্টাৰত দেওবাৰে পাঠান ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ বিষয়টোৱে তাৎপৰ্য বহন কৰিছে৷ ২৫ জানুৱাৰীত মুক্তি লাভৰ পাছত পঞ্চম দিনটোত পাঠানে মুঠতে ৫০০ কোটি টকা অৰ্জন কৰি অভিলেখ ৰচনা কৰাৰ পিছদিনাই অৰ্থাৎ সোমবাৰে পাঠানৰ মূল অভিনেতা শ্বাহৰুখ খান তেওঁৰ সহঅভিনেতা জন আব্ৰাহাম, দীপিকা পাড়ুকনৰ সৈতে সংবাদ মাধ্যমৰ মুখামুখি হয়৷ অতি বিতৰ্কৰ মাজেৰে মুক্তিলাভ কৰিলেও সংবাদমাধ্যমে ইতিবাচক ভূমিকা গ্ৰহণ কৰাটোৱে পাঠানৰ সফলতাত অৰিহণা যোগোৱা বুলি শ্বাহৰুখ খানে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে৷ শ্বাহৰুখ খানৰ মতে বিতৰ্ক সত্ত্বেও পাঠানে অতি সুস্থভাৱে মুক্তিলাভ কৰিছে৷ সেয়া দেশৰ ছবি উদ্যোগৰ বাবে গুৰুত্বপূৰ্ণ বিষয়৷ উল্লেখ্য, বিশ্বৰ মুঠ ১০০খন দেশত পাঠানক ৮ হাজাৰ পৰ্দাত একেলগে মুক্তি দিয়া হৈছে৷ তাৰ ভিতৰত ভাৰতত ৫,০০০ প্ৰেক্ষাগৃহত বিগত ৫ দিন হাউছফুল হৈ আছে পাঠান৷ কেৱল আমেৰিকাতেই ৬৯৪ টা চিনেমা হলত মুক্তি দিয়া হৈছে ছবিখন৷ বিদেশতো পাঠান এতিয়ালৈ হাউছফুল৷ হিন্দী ছবিৰ মুক্তিৰ ক্ষেত্ৰত হৈছে এই আটাইকেইটা অভিলেখ৷ একেদৰে বক্স অফিচৰ সংগ্ৰহৰ ক্ষেত্ৰতো পাঠানে ইটোৰ পাছত সিটো অভিলেখ গঢ়িছে৷ ৫ দিনত দেশৰ ভিতৰত ২৫০ কোটি টকাৰ ব্যৱসায় কৰি অভিলেখ কৰা পাঠানৰ দৌৰ অব্যাহত আছে৷