Logo
image

মুক্তিৰ দিনাই 'ড° বেজবৰুৱা ২' লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি

ডিজিটেল ডেস্ক: বহু অপেক্ষাৰ অন্তত শুকুৰবাৰে মুক্তি লাভ কৰিলে প্ৰয়াত নিপন গোস্বামী পৰিচালিত চৰ্চিত ছবি  “ ড° বেজবৰুৱা ২“ এ ৷  ছবিখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণে ৷ সহযোগী প্ৰযোজক হ’ল ডা° অক্ষতা নাৰায়ণ ৷ ছবিখনৰ সংগীত জুবিন গাৰ্গৰ।সমান্তৰালভাৱে নিপন গোস্বামীৰ দুৰ্দান্ত অভিনয় , ৰমেন বৰুৱাৰ সংগীত আৰু দ্বীপেন বৰুৱাৰ কণ্ঠ সমৃদ্ধ ড° বেজবৰুৱা আছিল অসমৰ বিভিন্ন প্ৰান্তত আৰু সমানুপাতিকভাৱে ষ্টুডিঅ’ত দৃশ্য গ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি।  

 ইতিমধ্যে ছবিখনৰ “ কি নাম দি মাতিম তোমাক “ , জিলিকি জিলিকা তৰা আকাশৰে “ মুক্তিৰ পিচতেই ৰাইজৰ মাজত বিশেষভাৱে সমাদৃত হৈছে ৷  এতিয়া উজনিৰ পৰা নামনিলৈ দৰ্শকৰ মাজত চলচ্চিত্ৰখন চাবলৈ বৃদ্ধি হৈছে উৎসুকতা। ইফালে মুক্তিৰ দিনাই 'ড° বেজবৰুৱা ২' চলচ্চিত্ৰখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।শুকুৰবাৰে  কণমানিজনৰ পৰা যুৱক-যুৱতী আনকি জ্যেষ্ঠজনেও লৰি আহিল অধীৰ অপেক্ষাৰে ৰৈ থকা চলচ্চিত্ৰখন চাবলৈ।

সমগ্ৰ অসমৰ ১৪২ খন স্ক্ৰিণৰ  লগতে দেশৰ ৮ টা ছবি গৃহত (দিল্লী, বাংগালুৰু, নয়দা,চেন্নাই, হায়দৰাবাদ আদিত) চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হৈছে। আনহাতে অনাগত তিনি, চাৰিদিনলৈ চলচ্চিত্ৰখনৰ টিকট বুকিং হৈ গৈছে। তদুপৰি শুকুৰবাৰে বিয়লি ৫ বজালৈ মুঠ ৪২ লাখ টকা চলচ্চিত্ৰখনে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

চলচিত্ৰখনত অভিনয় কৰিছে আদিল হুছেইন , জুবিন গাৰ্গক, গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তকে ধৰি বহু খ্যাতনামা অভিনেতা অভিনেত্ৰীয়ে ৷ ছবিখনৰ দুটা গুৰুত্বপূ্ৰ্ণ চৰিত্ৰত অভিনয় কৰিছে প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ পুত্ৰ সিদ্ধাৰ্থ আৰু বোৱাৰী কিংকিনিয়ে ৷ উল্লেখ‍্য, চলচ্চিত্ৰখনৰ এটা বিশেষ চৰিত্ৰত অভিনয় কৰি গৈছে প্ৰয়াত অভিনেতা নিপন গোস্বামীয়ে। এইখনেই বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে অভিনয় কৰি যোৱা শেষৰখন চলচ্চিত্ৰ।  চলচ্চিত্ৰখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠান বৃহস্পতিবাৰে গুৱাহাটীৰ পি ভি আৰ ত চলচ্চিত্ৰখনৰ কলা-কুশলীৰ উপস্থিতিত অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণে কয়- অসমবাসী ৰাইজে চলচ্চিত্ৰখন আদৰি ল'ব বুলি আশা কৰিলোঁ। প্ৰথম বাৰৰ বাবে অসমীয়া চলচ্চিত্ৰ এখনৰ প্ৰি-বুকিং কৰা হৈছে। দিল্লী, বাংগালুৰু, হায়দবাদ আদিতো প্ৰি-বুকিং হৈ গৈছে। অসমতো ভাল চলচ্চিত্ৰ নিৰ্মাণ কৰিব পৰা সৃষ্টিশীলতা আছে। চলচ্চিত্ৰখন সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ।'

অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয়- এইখন প্ৰায় ২ বছৰ সময় লৈ সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। অসমবাসী ৰাইজে চলচ্চিত্ৰখন আদৰি ল'ব বুলি আশা কৰিলোঁ। অসমত ভাল ভাল চলচ্চিত্ৰ নিৰ্মাণ হওঁক।দৌৰি দৌৰি যাম অসমীয়া চলচ্চিত্ৰ চাম।' উল্লেখ‍নীয় যে, অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ সু-দিন কঢ়িয়াই অনাত আশাৰ ৰেঙনী কঢ়িয়াই আনিছে 'ডক্টৰ বেজবৰুৱা ২' চলচ্চিত্ৰখনে।