Logo
image

মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

আমাৰ অসম, ০৫ জানুৱাৰীঃ মঙলবাৰে মহানগৰীৰ হাটীগাঁৱৰ ৰহমান নগৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে পাণবজাৰ আৰক্ষীয়ে। অভিযানকালত ৭২ টা নিষিদ্ধ হিৰইনৰ কন্টেনাৰ, প্ৰায় ৭৪১৬ টা চেমেক্স টেবলেট আৰু ২১০ টা নাইট্ৰজেপাম টেবলেট জব্দ কৰে পাণবজাৰ আৰক্ষীয়ে। ঘটনা সম্পৰ্কত তিনিজন লোক ক্ৰমে, খুখুৰ আলী, উচমান খান আৰু ইব্ৰাহিম খানক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীৰ দলে।