Logo
image

জয়ছালমেৰৰ বিলাসবহুল প্ৰাসাদত কিয়াৰা-সিদ্ধাৰ্থৰ শুভ পৰিণয়

ডিজিটেল ডেস্কঃ যেতিয়া দুয়ো প্ৰেম কৰি আছিল তেতিয়াও তেওঁলোকে কাকো ঘুণাক্ষৰেও নিজৰ প্ৰেমৰ কথা জনোৱা নাছিল৷ টিনছেল টাউনত সিদ্ধাৰ্থ আৰু কিয়াৰাৰ প্ৰেমৰ কাহিনীৰ বাতৰি ওলাইছিল কিন্তু কিয়াৰা আডৱানীয়ে হাঁহি হাঁহি সেই খবৰ অস্বীকাৰ কৰিছিল৷ ঠিক যেনেদৰে প্ৰেমৰ সংবাদ লুকাই ৰাখিছিল ঠিক তেনেদৰে মঙলবাৰে কিয়াৰা আডৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই ৰাজস্থানৰ জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত গোপনে বিবাহ সম্পন্ন কৰিলে৷ বলীউডৰ জনতা আৰু অনুৰাগী-সমৰ্থকে জানি আহিছিল সোমবাৰেই দুয়োৰে বিবাহ সম্পন্ন হ’ব৷ কিন্তু বিয়াৰ তাৰিখো প্ৰেমৰ দৰে গোপনে ৰাখি মঙলবাৰেহে বিবাহপাশত আবদ্ধ হ’ল বলীউডৰ দুই নায়ক-নায়িকা৷ জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত মঙলবাৰে যেতিয়া বিলাসী গাড়ীৰ সমাৱেশ ঘটিছিল আৰু দৰা উঠি যাবলগীয়া    ঘোঁৰীয়ে প্ৰাসাদত প্ৰৱেশ কৰিছিল তেতিয়াহে সকলোৱে বুজিব পাৰিছিল যে সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়া আজিয়েই সম্পন্ন হ’ব৷ মঙলবাৰে দিনৰ ভাগতে পৰস্পৰক মালা পিন্ধাই আৰু হোমৰ জুইৰ চাৰিওফালে সাতপাক ঘুৰি বিবাহ পাশত আবদ্ধ হ’ল সিদ্ধাৰ্থ আৰু কিয়াৰা৷ অতি ৰাজকীয় ঢঙত আয়োজিত এই বিবাহৰ অনুষ্ঠানত আমন্ত্ৰিতৰ সংখ্যা আছিল ১০০-১২৫ জন অতি ঘনিষ্ঠ আৰু পৰিয়ালৰ ব্যক্তি৷ পাঞ্জাৱী ঐতিহ্য পালন কৰি হ’ল বিয়াৰ অনুষ্ঠান৷ একেবাৰে ব্যক্তিগত পৰিসৰত আয়োজিত হ’লেও এই অনুষ্ঠানত জাক-জমক আৰু ৰাজকীয় ঢঙৰ ঘাটি পৰা নাছিল৷ বলীউডৰ পৰিচালক কৰণ জোহৰ, ডিজাইনাৰ মণিশ মালহোত্ৰা, ‘কবিৰ সিং’ ছবিৰ কিয়াৰাৰ সহ অভিনেতা ছাহিদ কাপুৰকে ধৰি বলীউডৰ কেইবাজনো তাৰকা আছিল বিয়াৰ আমন্ত্ৰিত৷ অভ্যাগতক ৰখা হৈছে সূৰ্যগড় প্ৰাসাদৰ ৮০ টা  বিলাসবহুল ভিলাত৷ অতিথিসকলক বিমান বন্দৰৰ পৰা মাচিডিজ, জাগুৱাৰ, বি এম ডব্লিউৰ দৰে বিলাসী গাড়ীৰে সূৰ্যগড় প্ৰাসাদলৈ লৈ অহা হৈছে৷