Logo
image

বৰভূঁইকপত তুৰস্ক-ছিৰিয়াত প্ৰায় ১০ হাজাৰ লোকৰ মৃত্যুঃ সহায়ৰ বাবে ভাৰতক 'প্ৰকৃত বন্ধু' আখ্যা তুৰস্কৰ

ডিজিটেল ডেস্কঃ শতিকাৰ আটাইতকৈ বিধ্বংসী ভূমিকম্পৰ ফলত তুৰস্ক আৰু ছিৰিয়াত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বৰভূঁইকপৰ ফলত বিধ্বস্ত হৈছে তুৰস্ক৷ বৃদ্ধি পাইছে মৃতদেহৰ সংখ্যা৷ এইপৰ্যন্ত ৯,৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে৷ মাটিৰ তলত পোত খাইছে মৃতদেহ৷ মৃতদেহ উদ্ধাৰত সমস্যা হৈছে উদ্ধাৰকাৰী দলৰ৷

পৰিসংখ্যা অনুসৰি, তুৰস্কত ৬ হাজাৰৰো অধিক আৰু চিৰিয়াত ৩ হাজাৰৰো অধিক লোক নিহত হৈছে৷ মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান অনুসৰি মৃতকৰ সংখ্যা ২০ হাজাৰৰো অধিক হ'ব। লগতে বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে এই বিধ্বংসী ভূমিকম্পৰ ফলত কমেও ২৩ লোক ক্ষতিগ্ৰস্ত হ'ব পাৰে আৰু আন দেশসমূহক মহাদুৰ্যোগৰ সময়ত তুৰস্ক-ছিৰিয়াক সহায় কৰিবলৈ আহ্বান জনাইছে।

তুৰস্কৰ এই মহাদুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে ভাৰতে৷ তুৰস্কত জীৱন ৰক্ষাৰ বাবে উপস্থিত হৈছে ভাৰতৰ NDRFৰ দল৷ ভূমিকম্পৰ ধ্বংসলীলাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে তুৰস্কৰ ৰাষ্ট্ৰপতিক এই মহাদুৰ্যোগৰ সময়ত সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছিল৷ তাৰ পিছতে ভাৰতীয় বায়ুসেনাৰ বিমানেৰে প্ৰয়োজনীয় সমাগ্ৰীৰ লগতে তুৰস্কত জীৱন ৰক্ষাৰ বাবে ৰাওনা হ'ল উদ্ধাৰকাৰী দল৷ NDRF বাহিনীৰ লগতে চিকিৎসকৰ দলো প্ৰেৰণ কৰিছে ভাৰতে৷ তুৰস্কলৈ ভাৰতে ১০০ কৰ্মীৰ দুটা NDRFৰ দল, বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ আৰু উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰেৰণ কৰিছে৷ ইফালে এই মহাদুৰ্যোগৰ সময়ত সহায়ৰ বাবে ভাৰতক কৃতজ্ঞতা জনাইছে তুৰস্কই৷ তুৰস্কৰ ৰাষ্ট্ৰদূত ফিৰাট চুনেলে ভাৰতক ধন্যবাদ জনাই ভাৰতক প্ৰকৃত বন্ধু আখা দিছে৷