Logo
image

মোদী-আদানিৰ ঘনিষ্ঠ ছবিৰে সদনত তোলপাৰ লগালে ৰাহুলে

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গুজৰাটৰ উদ্যোগপতি গৌতম আদানিৰ সম্পৰ্ক কি? তেওঁ কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গোপনে বিদেশ ভ্ৰমণলৈ যায় অথবা মোদী বিদেশত গৈ উপস্থিত হোৱাৰ পাছতে তেওঁ কিয় সেই দেশত উপস্থিত হয়? কি যাদুৰ  বলত গুজৰাটৰ বিতৰ্কিত উদ্যোগপতি গৌতম আদানিয়ে এনেদৰে পাহাৰসম সম্পত্তি আহৰণ কৰিবলৈ সক্ষম হ’ল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃপাদৃষ্টিৰ বাবেই ২০১৪ চনত ৮ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তি থকা গৌতম আদানিৰ ২০২৩ চনত সম্পত্তিৰ পৰিমাণ ২০০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ’ল৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গুজৰাটী উদ্যোগপতি গৌতম আদানিৰ সম্পৰ্কক লৈ এনেদৰে একাধিক প্ৰশ্ন উত্থাপন কৰাৰ লগতে বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰে৷ ৰাহুল গান্ধীৰ এই বক্তব্যই সংসদ উত্তপ্ত কৰি তোলে৷ আনকি গৌতম আদানিৰ ব্যক্তিগত বিমানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেলগে ভ্ৰমণ কৰা আৰু উভয়ে হাঁহি হাঁহি বহি থকা এখন ফটো লোকসভাত ৰাহুল গান্ধীয়ে দাঙি ধৰে৷ সেই লৈ সংসদত তীব্ৰ বিতৰ্কৰ জোৱাৰ উঠে৷ কিয়নো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে এনেদৰে কোনো ফটো সংসদত দাঙি ধৰাৰ বিধি নাই৷ তদুপৰি বক্তব্যৰ মাজতে কেন্দ্ৰীয় আইন মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কীৰেণ ৰিজিজুৱে ৰাহুল গান্ধীক প্ৰমাণ দাখিল কৰি এনে বক্তব্য দাঙি ধৰিবলৈ প্ৰত্যাহ্ৱান জনায়৷ ৰিজিজুৰ মতে কোনো প্ৰমাণ অবিহনে ৰাহুল গান্ধীয়ে সংসদত মুখত যিহকে আহে তাকে এফালৰ পৰা কৈ গৈছে৷ এনে বক্তব্যৰ কোনো ওজন নাই৷

ৰাহুল গান্ধীয়ে ঘাইকৈ মোদী আৰু আদানি সন্দৰ্ভত দহটা প্ৰশ্ন তথা বক্তব্য উত্থাপন কৰে৷ ৰাহুল গান্ধীয়ে কয়, তেওঁ কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈ কৰা ভাৰত জোড়ো যাত্ৰাত সকলো স্থানতে আদানি কি যাদুৰ বলত এনেদৰে অভাৱনীয়ভাৱে চহকী হ’ল সেই প্ৰশ্নৰ সন্মুখীন হৈছিল৷ ২০১৪ চনত আদানিৰ সম্পত্তিৰ পৰিমাণ আছিল ৮ বিলিয়ন মাৰ্কিন ডলাৰ৷ ২০২২ চনত সেই সম্পত্তি ১৪০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি হ’ল৷ তেওঁ সম্প্ৰতি ৮-১০ টা খণ্ডত ব্যৱসায় কৰে৷ তেওঁ কেনেকৈ প্ৰত্যেকটো ব্যৱসায়তে লাভ কৰে সেয়া এক ৰহস্য বুলি ৰাহুলে মন্তব্য কৰে৷ ৰাহুলৰ মতে মোদী আৰু আদানিৰ সম্পৰ্কৰ আৰম্ভ হৈছিল মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে৷ তেতিয়া আদানিয়ে কান্ধত কান্ধ মিলাই মোদীক গুজৰাটৰ পুনৰুত্থানত সহায় কৰিছিল৷ কিন্তু আচল যাদু আৰম্ভ হ’ল ২০১৪ চনত, যেতিয়া মোদী দিল্লীলৈ আহিল৷ মোদীয়ে আদানিৰ বাবে দেশৰ বহু নিয়ম সলাই পেলালে৷ নিয়ম সলাই আৰু চিবিআই তথা ইডিক ব্যৱহাৰ কৰি বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্বৰ পৰা জিভিকে-ক আঁতৰাই দেশৰ ছটা বিমানবন্দৰ পৰিচালনাৰ দায়িত্ব আদানিক দিলে মোদীয়ে৷ অথচ নিয়ম আছিল এনে অভিজ্ঞতা নথকা কোনো সংস্থাক বিমানবন্দৰৰ দায়িত্ব দিব নোৱাৰিব৷ পুনৰ আন এক নিয়ম সলাই আদানিক অভিজ্ঞতা নথকা সত্ত্বেও প্ৰতিৰক্ষা দপ্তৰৰ কাম দিলে মোদীয়ে৷ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ ঠিক পাছতে আদানিয়ে অষ্ট্ৰেলিয়াৰ কয়লাখনিৰ ঠিকা লাভ কৰিলে৷ তাৰবাবে বিশ্বৰ কোনো বেংকে ঋণ দিবলৈ অস্বীকাৰ কৰিলেও ষ্টেট বেংকে তেওঁক এক বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ দিলে৷ মোদী বাংলাদেশলৈ গ’ল আৰু আদানিয়ে বাংলাদেশৰ শক্তি প্ৰকল্পৰ ২৫ বছৰীয়া ঠিকা পালে৷ মোদী ইজৰাইললৈ গ’ল আৰু তাৰ পাছতে আদানিয়ে ইজৰাইলৰ প্ৰতিৰক্ষাৰ ঠিকা পালে আৰু এটা বন্দৰ কিনি পেলালে৷ মোদীয়ে শ্ৰীলংকা ভ্ৰমণ কৰিলে আৰু তাৰ পাছতে আদানিয়ে শ্ৰীলংকাৰ শক্তি প্ৰকল্পৰ ঠিকা পালে৷ এসময়ত মোদীয়ে আদানিৰ বিমানত উঠি ঘূৰিছিল৷ এতিয়া আদানিয়ে মোদীৰ চৰকাৰী বিমানত উঠি বিদেশলৈ যায়৷ এনেদৰে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী আৰু গৌতম আদানিৰ সম্পৰ্কৰ কথা লোকসভাত মুকলিকৈ কোৱাৰ লগে লগে স্বাভাৱিকতে চৰকাৰী পক্ষই প্ৰবল হুলস্থূলৰ সৃষ্টি কৰে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে বিগত এঘাৰ দিন ধৰি আদানিৰ সকলো কোম্পানীৰ শ্বেয়াৰ বজাৰৰ দৰৰ অস্বাভাৱিক পতন হৈ থাকিলেও সোমবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত আদানি এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য ২৫ শতাংশ বৃদ্ধি পাইছে৷ তেওঁ বিদেশী ঋণ আগতীয়াকৈ ঘূৰাই দিব বুলি ঘোষণা কৰাৰ ফলত আদানিৰ কোম্পানীলৈ বিনিয়োগকাৰীৰ আস্থা ঘূৰি অহা বুলি ধাৰণা কৰা হৈছে৷