Logo
image

জনজাতি লোকসকলৰ অস্তিত্বলৈ অহা ভাবুকিৰ প্ৰতিৰোধৰ দাবীত ১২ ফ্ৰেব্ৰুৱাৰীত 'চলো দিছপুৰ' কাৰ্যসূচী

ডিজিটেল সংবাদ, গুৱাহাটীঃ অনুসূচীত জনজাতিসকলৰ মূল ভাষা,ধর্ম, সংস্কৃতি আৰু পৰম্পৰাগত ৰীতি-নীতিসমূহক সাংবিধানিকভাৱে সুৰক্ষিত কৰি জনজাতি লোকসকলৰ অস্তিত্বলৈ অহা ভাবুকিক প্ৰতিৰোধ কৰাৰ দাবীত ১২ ফ্ৰেব্ৰুৱাৰী পুৱা ১০ বজাত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰত “চলৌ দিশপুৰ” নামেৰে এক বিশাল জনজাতীয় গণ সমাৱেশ অনুষ্ঠিত হ'ব৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে মঞ্চৰ অসম প্ৰদেশৰ সহ:আহ্বায়ক বিনোদ কুম্বাঙৱে। তেওঁ লগতে কয়, "সিদিনাৰ সমাবেশত অসমৰ প্ৰত্যেকখন জিলাৰ পৰা এক লাখ অনুসূচীত জনজাতি লোকে পৰম্পৰাগত সাজ- পোছাক পৰিধান কৰি বিশাল গণ সমাবেশত একত্ৰিত হৈ দেশৰ ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্ৰীলৈ সংবিধানৰ ধাৰা ৩৪২ৰ ২য় দফা সংশোধনীৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব।  ধৰ্মান্তকৰণ আমাৰ দেশৰ এক জ্বলন্ত সমস্যা আৰু এই ধৰ্মান্তকৰণৰ প্ৰথম চিকাৰ হয় আমাৰ সমাজৰ দুখীয়া অনুসূচিত জনজাতীয় লোকসকল। তেওঁলোকৰ দৰিদ্ৰতাৰ সুযোগ লৈ বিভিন্ন ধৰণৰ প্রলোভনেৰে কৰা ধৰ্মান্তকৰণ প্ৰক্ৰিয়াই তেওঁলোকৰ জনগোষ্ঠীয় ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ অস্তিত্বলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে।

ধৰ্মৰ পৰিবৰ্তন মনেই সংস্কৃতিৰ পৰিবৰ্তন৷ ধৰ্ম- সংস্কৃতি বিহীন এটা জাতিয়ে কেতিয়াও এটা সম্পূর্ণ জাতি হিচাপে চিহ্নিত অথবা পৰিগণিত হ'ব নোৱাৰে। ধৰ্মান্তৰিত হোৱাৰ লগে লগেই ব্যক্তিজনে প্রথমে ধৰ্মীয় পৰম্পৰাগত ৰিতি-নীতি সলনি কৰে আৰু লাহে লাহে পূৰ্বৰ জনজাতীয় পৰম্পৰাগত নীতি-নিয়মসমূহ যেনে বিবাহ মৃত্যুৰ সময়ত কৰা সৎকাৰ কৰ্ম আদিৰ সংস্কাৰ পদ্ধতিও সলনি কৰি শেষত সকলো ত্যাগ কৰে। এনেদৰে এই ধৰ্মান্তকৰণ প্ৰক্ৰিয়া চলি থাকিলে অতি সোনকালে অসমৰ জনজাতি- বড়ো, তিৱা, কাৰ্বি, ডিমাছা, গাৰো, ৰাভা, মিচিং আদি জনজাতিসকলৰ মূল- ভাষা, ধৰ্ম, সংস্কৃতি, আৰু পৰম্পৰাগত ৰীতি-নীতি হেৰুৱাই কেৱল পোছাকী বড়ো, তিৱা, কাৰ্বি, ডিমাছা, গাৰো, ৰাভা, মিচিং আদি হৈ থাকিব। নিজস্ব ভাষা, ধর্ম, সংস্কৃতি পৰম্পৰাগত ৰীতি-নীতিয়েই এটা জাতিৰ চিনাকিৰ মূল উপাদান।

ধৰ্মান্তকৰণ অনুসূচীত জনজাতিৰ বাবে এটা মৰণ বাণ। ধৰ্মান্তৰিত জনজাতি লোকসকলে দুটাকৈ আৰক্ষণ এছ টি আৰু সংখ্যালঘূৰ সুবিধা লোৱাটো অসংবিধনিক আৰু অনৈতিক৷ অনুসূচীত জনজাতিৰ মৰ্যদা সংবিধানে কেৱল ধৰ্মৰ ভিত্তিত দিয়া নাই, আন মূল ভিত্তিবোৰ হল- সংস্কৃতি, পৰম্পৰা, বিচাৰ প্ৰথা আৰু জন্ম, বিৱাহ আৰু মৃত্যুৰ সময়ত কৰা পূজা-পাৰ্বন আৰু সৎকাৰ কৰাৰ পদ্ধতি ইত্যাদি। ধৰ্মান্তৰিত হোৱাৰ লগে লগে এই সকলোবোৰ সলনি হয়। “সংখ্যালঘূ”আৰক্ষণ ধৰ্মৰ ভিত্তিত হয়। আমি পোৱা তথ্য অনুসৰি ৭ ৰ ২০ শতাংশ মিচিং লোক খ্ৰীষ্টান ধৰ্মলৈ ধর্মান্তৰিত হৈছে। আমাৰ বিধায়কসকলেও এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰি আহিছে। ধৰ্মান্তৰিত জনজাতি লোকসকলে দুটাকৈ আৰক্ষণ  এছ টি আৰু সংখ্যালঘূৰ সুবিধা কৰ্তন কৰাৰ আমি দাবী  জনালোঁ।' সংবাদ মেলত মঞ্চৰ আহ্বায়ক মণ্টুৰাম কোহৰামৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।