Logo
image

ৰাজভৱনত গোলাপ আৰু কাঁইট

ডিজিটেল ডেস্কঃ  গোলাপ স্বৰ্গৰ নন্দন কাননত থাকিলেও তাত কাঁইট সদা বিৰাজমান, ৰাজভৱন সামান্য কথা৷ দেওবাৰে নৰেন্দ্ৰ মোদী চৰকাৰে গুলাবচান্দ কাটাৰিয়াক অসমৰ নতুন ৰাজ্যপাল হিচাপে আৰু অযোধ্যা গোচৰৰ অন্যতম বিচাৰক ছৈয়দ আব্দুল নাজিৰক অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰাৰ পাছতে ৰাজ্যপাল নিয়োগৰ ধৰণ আৰু তেওঁলোকৰ পূৰ্বৰ কাৰ্যকলাপক লৈ দেশজুৰি চৰ্চা আৰু বিতৰ্কৰ সৃষ্টি হৈছে৷ মুঠতে ৬জন  নতুন ৰাজ্যপাল নিযুক্তি, ৭জনক সালসলনিসহ মুঠ ১৩ জন ৰাজ্যপালৰ সংস্থাপনৰ ক্ষেত্ৰত বিতৰ্কৰ সূচনা কৰিছে বিৰোধী দল কংগ্ৰেছে৷ আনকি ২০১২ চনত বিজেপি নেতা অৰুণ জেটলিয়ে এই প্ৰসংগত কৰা মন্তব্য মোদী চৰকাৰৰ বাবে গোলাপত কাঁইটসদৃশ হৈ পৰিছে৷ একেদৰে অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া ৰাজস্থানৰ বিজেপি নেতা গুলাবচান্দ কাটাৰিয়া গুজৰাটৰ ছোহৰাবউদ্দিন শ্বেখ ভুৱা এনকাউণ্টাৰৰ গোচৰৰ অন্যতম অভিযুক্ত হোৱাৰ বিষয়টোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, গুলাবচান্দ কাটাৰিয়া দীৰ্ঘদিন ৰাজস্থানৰ গৃহমন্ত্ৰী আছিল৷ ২০০৫ চনত গুজৰাটত মাফিয়া-প্ৰফেছনেল কিলাৰ ছোহৰাবউদ্দিন শ্বেখক অপহৰণ কৰি নি ভুৱা এনকাউণ্টাৰত হত্যা কৰা হৈছিল৷ সেই বহুচৰ্চিত ঘটনাৰ তদন্ত কৰিছিল চি বি আয়ে৷ তদন্তকাৰীয়ে পৰৱৰ্তী সময়ত ছোহৰাবউদ্দিন শ্বেখৰ হত্যাৰ গোচৰৰ যি অভিযোগনামা দাখিল কৰিছিল, তাত অমিত শ্বাহৰ উপৰি গুলাবচান্দ কাটাৰিয়াকো অভিযুক্ত কৰিছিল৷ ৫০০ পৃষ্ঠাৰ অতিৰিক্ত অভিযোগনামাত গুলাবচান্দ কাটাৰিয়াৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰি চিবিআয়ে লিখিছিল যে, ৰাজস্থানৰ আৰ কে মাৰ্বল প্ৰাইভেট লিমিটেডৰ পৰা ২৪ কোটি টকা ছোহৰাবউদ্দিনে দাবী কৰাৰ পাছত তেওঁক ভুৱা এনকাউণ্টাৰত গুজৰাট আৰু ৰাজস্থান আৰক্ষীয়ে হত্যা কৰিছিল, য’ত গুলাবচান্দ কাটাৰিয়া জড়িত আছিল৷

ইপিনে, দেওবাৰে ৰাষ্ট˜পতি দ্ৰৌপদী মুৰ্মুৱে নিযুক্তি প্ৰদান কৰা প্ৰাক্তন ন্যায়াধীশ এছ এ নাজিৰক লৈ বিতৰ্কৰ উদ্ভৱ হৈছে আৰু প্ৰায় তেনে প্ৰসংগত ২০১২ চনত বিজেপি নেতা অৰুণ জেটলিয়ে দেশৰ ন্যায়াধীশ আৰু তেওঁলোকৰ ৰায়দানক কৰা সমালোচনাৰ বক্তব্য পুনৰ ৰাজহুৱা হোৱাত বিজেপি অস্বস্তিত পৰিছে৷ জেটলিৰ সেই বক্তব্যৰ ভিডিঅ’ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰিছে৷ ভিডিঅ’টোত অৰুণ জেটলিয়ে ৰাজহুৱা ভাষণত কৈছিল–‘অৱসৰৰ পূৰ্বে প্ৰদান কৰা ৰায়দানে অৱসৰৰ পাছত লাভ কৰা সংস্থাপনত অৰিহণা যোগায়৷ এয়া ন্যায়পালিকাৰ স্বাধীনতাৰ প্ৰতি ভাবুকি৷’ ভিডিঅ’টো পোষ্ট কৰি জয়ৰাম ৰমেশে টিপ্পনি কাটিছে –এই বক্তব্যৰ যথেষ্ট প্ৰমাণ যোৱা ৩-৪ বছৰত দেখা গৈছে৷ 

দেওবাৰে ৰাজ্যপাল নিযুক্তিত চ্ছ্ৰজন বিজেপি নেতাক সংস্থাপিত কৰা হৈছে, য’ৰ দুজন উত্তৰ প্ৰদেশৰ৷ সেই অনুসৰি লেফটেনেণ্ট জেনেৰেল কাইৱাল্যা ত্ৰিবিক্ৰম পৰনাইকক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল, লক্ষ্মণ প্ৰসাদ আচাৰ্যক ছিকিমৰ ৰাজ্যপাল, চিপি ৰাধাকৃষ্ণনক ঝাৰখণ্ডৰ ৰাজ্যপাল, শিৱ প্ৰসাদ শুক্লাক হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে৷ আনহাতে বিশ্বভূষণ হৰিচন্দ্ৰক অন্ধ্ৰ প্ৰদেশৰ পৰা ছত্তীশগড়লৈ, অনুসূয়া উইকেইক ছত্তীশগড়ৰ পৰা মণিপুৰলৈ, এল এ গণেশক মণিপুৰৰ পৰা নাগালেণ্ডলৈ, ফাগু চৌহানক বিহাৰৰ পৰা মেঘালয়লৈ, ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক হিমাচল প্ৰদেশৰ পৰা বিহাৰলৈ, ৰমেশ বাইছক ঝাৰখণ্ডৰ পৰা মহাৰাষ্ট্ৰলৈ, ব্ৰিগেডিয়াৰ [অৱসপ্ৰাপ্ত] বি ডি মিশ্ৰক অৰুণাচল প্ৰদেশৰ পৰা লাডাখৰ উপ-ৰাজ্যপাল পদলৈ বদলি কৰা হৈছে৷