Logo
image

স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এক দম্পত্তিক। ১২ ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষা ৷  পৰীক্ষা সম্পন্ন হোৱাৰ পিছত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া ।তদন্তত আৰক্ষীৰ জালত পৰে মৈৰাবাৰীৰ এগৰাকী মহিলাৰ লগতে তেওঁৰ স্বামী। প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত  আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীকো । লখিমপুৰ আৰক্ষীৰ সহযোগত মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় প্ৰশ্ন কাকত ফাদিল কৰা নাছমা বেগমৰ লগতে স্বামী মফিজ উদ্দীনক।স্বামী মফিজ উদ্দীনৰ ঘৰ গুনাইবৰী গাঁৱত । ধৃত মফিজ উদ্দীনে পত্নী নাছমা বেগমৰ সৈতে মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱত শহুৰেকৰ ঘৰত লুকাই আছিল । ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে দুয়োজনকে ঘটনা সন্দৰ্ভত অধিক সোধপোছৰ বাবে লখিমপুৰলৈ লৈ  গৈছে ।
উল্লেখ্য যে অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাত লখিমপুৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল নাছমা বেগম ৷ নাছমা বেগমৰ মোবাইলেৰে স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ শেহতীয়াকৈ অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈছিল বুলি তথ্য পোহৰলৈ আহিছে।