Logo
image

ৰাজ্যত প্ৰায় ৩ লক্ষাধিক লোক মৃগীৰোগত আক্ৰান্ত

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বত ৫০ নিযুততকৈ অধিক ব্যক্তি মৃগী ৰোগত আক্রান্ত।  দেশত ১০ নিযুততকৈ অধিক মৃগীৰোগী আছে৷- এইদৰে কয় জি এন আৰ চি হাস্পতালৰ ছয়মাইল শাখাৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ প্রসেনজিৎ ডেকাই। সোমবাৰে জি এন আৰ চি ছয়মাইল শাখাত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-"২০১৮ চনৰ জানুৱাৰীৰ পৰা এই পর্যন্ত জিএনআৰচি ছয়মাইল শাখাত থকা মৃগী ৰোগ সৰ্বসেৱা কেন্দ্ৰত ৮,১৬৯জন মৃগীৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ মূল বিষয়বস্তু হ'ল ‘Step Up Against Stigma'। যিকোনো বয়সৰ ব্যক্তিয়ে মৃগী ৰোগত আক্ৰান্ত হ'ব পাৰে। প্ৰতিটো বয়সৰ ব্যক্তিৰ বাবে ইয়াৰ লক্ষণ আৰু চিকিৎসাও বেলেগ বেলেগ ধৰণৰ হয়।মৃগীৰোগ অভিশাপ নহয়, সৰহ সংখ্যক মৃগীৰোগীৰে চিকিৎসা সম্ভৱ। মৃগী ৰোগ হ'ল মগজুৰ এক ৰোগ। আমাৰ ৰাজ্যত প্ৰায় ৩ লক্ষাধিক লোক মৃগীৰোগত আক্ৰান্ত। কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হ'ল আমাৰ অধিকসংখ্যক ৰোগীয়ে অচিনাক্ত অৱস্থাত আছে। যাৰ ফলত তেওঁলোক চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে। এগৰাকী মৃগীৰোগীয়ে অন্য ১০জন লোকৰ দৰে চাকৰি কৰিব পাৰে, খেলা-ধূলাত অংশগ্রহণ কৰিব পাৰে তথা বিয়া কৰাই সুস্থ জীৱন যাপন কৰিব পাৰে।”

বহু বছৰ ধৰি দৰৱ খোৱাৰ পাছতো কিছুমান মৃগীৰোগী সম্পূৰ্ণকৈ আৰোগ্য নহয়। এনে ৰোগীক বিশেষভাৱে যত্ন লোৱাটো প্রয়োজনীয় আৰু মাজে মাজে চিকিৎসকৰ পৰামৰ্শ লৈ থকাটো অতি দৰকাৰ। এই বছৰ আন্তঃৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ লগত সংগতি ৰাখি ছয়মাইলস্থিত মৃগীৰোগ সৰ্বসেৱা কেন্দ্ৰত প্ৰতি বুধবাৰে এখনি মৃগীৰোগ চিকিৎসা ক্লিনিকৰ ব্যৱস্থা কৰা হৈছে। জিএনআৰচি ছয়মাইল শাখাৰ স্নায়ুৰোগ পৰামৰ্শদাতা ডাঃ বিবেকানন্দ লাহনে সংবাদ মেলত কয়-  ‘মৃগীৰোগৰ ৪০টাতকৈও অধিক লক্ষণ আছে। মৃগীৰোগৰ বিষয়ে চিকিৎসকৰ লগতে সৰ্বসাধাৰণ লোকেও মৃগীৰোগৰ লক্ষণসমূহৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ। যথোপযুক্ত পৰীক্ষা-নিৰীক্ষা আৰু সঠিক দৰবৰ দ্বাৰা ৭৫শতাংশ মৃগীৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায়। আনহাতে বাকী থকা ২৫ শতাংশ ৰোগীৰ ক্ষেত্ৰত আমি ভিডিঅ' ই ই জি, এম আৰ আই আৰু নিউৰ'চাইক'লজীৰ মূল্যায়নৰ সহায় লওঁ।'

সংবাদমেলত জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মনে কয়, “মগজুৰ একেটা অংশৰ পৰা বাৰে বাৰে চিজাৰৰ (মৃগীৰোগৰ এক লক্ষণ) উৎপত্তি হৈ থকা বুলি প্ৰমাণিত হ'লে অস্ত্ৰোপচাৰৰ দ্বাৰা সেই অংশটো কাটি পেলোৱা হয়। অস্ত্ৰোপচাৰৰ দ্বাৰা মৃগীৰোগটো বহু ক্ষেত্ৰত নিৰাময় বা নিয়ন্ত্ৰণত ৰাখিব পৰা যায়।  অস্ত্ৰোপচাৰৰ দ্বাৰা ১৫ শতাংশ মৃগীৰোগীক সুস্থ কৰি তুলিব পৰা যায়।' মৃগীৰোগত আক্রান্ত শিশুৰ ক্ষেত্ৰত সময়োপযোগী চিকিৎসাৰ অভাৱত শিশু এটা মানসিক বিকাশত বাধাগ্ৰস্ত হ'ব পাৰে বুলি কয় জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ৰাম গোৱেলে। জিএনআৰচি ছয়মাইলৰ মনোবৈজ্ঞানিক বেদান্ত ফুকনে কয়- 'চিকিৎসকৰ পৰা ৰোগীগৰাকীয়ে নিয়মিত পৰামৰ্শ লৈ থাকিলে মৃগীৰোগীৰ মনোবল বৃদ্ধি হোৱাত যথেষ্ট পৰিমাণে অৰিহনা যোগায়।'