Logo
image

গুৱাহাটীত পুনৰ ক'লা ৰঙৰ পালছাৰ বাইকৰ আতংকঃ মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে টকাৰ বেগ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী সম্প্ৰতি অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে। এটাৰ পাছত আনটো অপৰাধ সংঘটিত হোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইয়াৰ মাজতে  গুৱাহাটী মহানগৰীত পুনৰ ক'লা ৰঙৰ পালছাৰ বাইকৰ আতংক বাঢ়িছে। ক'লা ৰঙৰ পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ হাতৰ পৰা কাঢ়ি নিলে টকাৰ বেগ। এই ঘটনা সংঘাটিত হয় গুৱাহাটীৰ শিলপুখুৰীৰ কৰ্ণাছাল পথত। 

উল্লেখ্য  যে শিলপুখুৰী ৰে'ল লাইনৰ সমীপৰ বাসিন্দা মিনজুৱাৰা খাতুন নামৰ মহিলাগৰাকীয়ে শনিবাৰে সন্ধিয়া মাতৃক চিকিৎসকক দেখুৱাবলৈ কৰ্ণাছাল পথলৈ ৰিক্সাৰে গৈ তকাৰ সময়তে পিছফালৰ পৰা ক'লা ৰঙৰ পালছাৰ বাইকেৰে অহা দুই যুৱকে মহিলাগৰাকীৰ হাতৰ পৰা টকাৰ বেগটো কাঢ়ি তীব্ৰ বেগেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। লুট কৰি নিয়াৰ বেগটোত মহিলাগৰাকীৰ নগদ ২৬৫০ টকা, তিনিটা মোবাইল ফোন, সোণৰ গহনা, এ টি এম কাৰ্ড, বেংকৰ পাছ বুক, পেন কাৰ্ড আদিকে ধৰি বহু আৱশ্যকীয় নথি পত্ৰ আছিল। 

ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে চানমাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মহিলাগৰাকীৰ বেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে বেগটোৰ ভিতৰত থকা মোবাইল ফোন, সোণৰ গহনা আৰু নগদ ধন লুট কৰি বেগটো পেলায় থৈ যায় দুস্কৃতিকাৰীয়ে। আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰাৰ চেষ্টা কৰাৰ লগতে চুৰি সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে। কিন্তু এইপৰ্যন্ত আৰক্ষীয়ে অপৰাধীৰ শুংসূত্ৰ উলিয়াব পৰা নাই।