Logo
image

‘মুখ্যমন্ত্ৰীৰ টেবুলতহে হ’ব কংগ্ৰেছ-ইউডি এফৰ মিত্ৰতা’

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ যদি এ আই ইউ ডি এফৰে মিত্ৰতা সন্দৰ্ভত কথা পাতিবলগীয়া হয় তেনেহ’লে মুখ্যমন্ত্ৰীৰ টেবুলত পাতিম৷ বিজেপিক উদ্দেশ্যি এনে কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ কংগ্ৰেছ ইউ ডি এফৰে কোনো কাৰণতে মিত্ৰতা নহয় বুলি কৈ থকাৰ পাছতো বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু     তেওঁৰ সতীৰ্থসকলে দাবী কৰি আহিছে কংগ্ৰেছ ইউ ডি এফৰ মিত্ৰতা হ’বই৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিক উদ্দেশ্যি এনেদৰে কটাক্ষ কৰি কয়–ইউ ডি এফৰে মিত্ৰতাৰ কথা আৰু সুধিব নালাগে৷ কাগজ এখন আনক, লিখি দিম৷ আৰু যদি ইউ ডি এফৰ সৈতে মিত্ৰতা কৰিব লাগে তেতিয়া হ’লে মুখ্যমন্ত্ৰীক ক’ব লাগিব৷ আমি মুখ্যমন্ত্ৰীক সুবিধ লাগিব আপুনি মিত্ৰতা বিচাৰিছে নেকি? যদি বিচাৰে ইউ ডি এফকো মাতক আমাকো মাতক৷ মিত্ৰতা কৰি দিয়ক৷ অসমৰ মানুহে এনে মিত্ৰতা বিচাৰে নেকি? মিত্ৰতা সন্দৰ্ভত মোৰ স্থিতি অলৰ অচৰ৷ আমাৰ দলত এই সিদ্ধান্ত হৈ গ’ল৷ সেই সিদ্ধান্তত কোনো সদস্যৰ আপত্তি নাই৷ কোনো নেতা-কৰ্মী, সাংসদ বিধায়ক দলীয় সিদ্ধান্তৰ বিৰুদ্ধে ক’তো এটা মন্তব্য দিয়া দেখা নাই৷ দেবব্ৰত শইকীয়া, গৌৰৱ গগৈৰ কথা ময়ো শুনিম৷ আমি সকলো একেগলে আছোঁ, একেগলে থাকিম৷ বিজেপিক নিৰ্বাচন খেলিবলৈ অসমৰ মানুহে টেক্স দিছে নেকি৷ তেওঁ অসমৰ উন্নয়ন কিয় স্তব্ধ হৈ গ’ল বুলি চৰকাৰলৈ প্ৰশ্ন কৰি কয়– চৰকাৰে কিয় ঋণ লৈছে৷ প্ৰদেশ কংগ্ৰেছ বৰ্তমান পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত৷ লোকসভা নিৰ্বাচনক লৈ কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই৷ এ আই চি চিৰ অধিৱেশনৰ পাচত লোকসভা নিৰ্বাচনকেন্দ্ৰিক সিদ্ধান্তসমূহ হ’ব৷ এ আই ইউ ডি এফৰে মিত্ৰতাৰ ক্ষেত্ৰত দলৰ একাংশ নেতাৰ পোষকতা থকাৰ প্ৰসংগত তেওঁ কয় যে প্ৰদেশ কংগ্ৰেছত এতিয়া কোনো ধৰণৰ বাদ-বিবাদ নাই৷ বৰং তেওঁ সংবাদ মাধ্যমক তেনে ধৰণৰ চেষ্টা নকৰিবৰ বাবে আহ্বান জনায়৷ মিত্ৰতাৰ বিষয়টোত প্ৰদেশ কংগ্ৰেছ নিজৰ স্থিতিত অটল আছে বুলি সদৰি কৰি তেওঁ কয় যে নিখিল ভাৰত কংগ্ৰেছ কমিটীও প্ৰদেশ কংগ্ৰেছৰ সমৰ্থনত আছে৷ ৰাহুল গান্ধীৰ সমৰ্থন থকা বাবেই পাঁচমহীয়া পদ যাত্ৰাত পাঁচ মিনিটৰ বাবেও এ আই ইউ ডি এফক নিমন্ত্ৰণ নজনালে৷ তেওঁ লগতে কয়–এজেপি, ৰাইজৰ দল, চি পি আই, চি পি আই এম আদি দলৰ সৈতে সৌহাৰ্দপূৰ্ণ সম্পৰ্ক ৰাখি কথা পাতিছো৷ লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতাকেন্দ্ৰিক আলোচনা এতিয়াও হোৱা নাই৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কংগ্ৰেছ দল প্ৰস্তুত আছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হঅলেও কংগ্ৰেছ চিন্তিত নহয় আৰু নহঅলেও চিন্তিত নহয়৷ ভিত্তিবৰ্ষক লৈ ন্যায়ালয়ৰ শুনানি প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছ ন্যায়ালয়ৰ সিদ্ধান্তৰ অপেক্ষাত আছে৷ ইফালে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ প্ৰসংগত তেওঁ কয় যে বিধানসভাৰ অধ্যক্ষৰ আশীৰ্বাদ আছে৷ শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে জনোৱা আবেদনৰ প্ৰসংগত বিধানসভাৰ অধ্যক্ষই সিদ্ধান্ত ওলমাই নাৰাখি প্ৰকাশ কৰিব লাগে৷