Logo
image

আজি অসম সোমাবহি গংগা বিলাস

ডিজিটেল ডেস্কঃ বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰা এম ভি গংগা-বিলাস নামৰ বিলাসী প্ৰমোদতৰীখন আজি উপস্থিত হ’ব ধুবুৰীত৷ শুকুৰবাৰে বিয়লি ৪ মান বজাত বাংলাদেশৰ পৰা বৰলুইতেৰে প্ৰমোদতৰীখন উপস্থিত হ’ব ধুবুৰীত৷ ধুবুৰী চহৰৰ পঞ্চুঘাটস্থিত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটত পৰ্য্যটক আৰু কৰ্মচাৰীসকলৰ ইমিগ্ৰেশ্বনৰ কাম-কাজসমূহ সম্পন্ন কৰা হ’ব৷ ধুবুৰীত এনিশা কটাবলগীয়া জাহাজখনৰ ৩৩গৰাকী চুইডিছ পৰ্য্যটকক আদৰিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে জিলা প্ৰশাসনে৷ ইতিমধ্যে ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাট চৌহদত নিৰ্মাণ কৰা হৈছে অস্থায়ী পেণ্ডেল৷ প্ৰশাসনে বৰ্তমানলৈ আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত জনোৱা নাই যদি কাইলৈ অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীৰ দিনা ধুবুৰী জাহাজঘাটত আদৰাৰ পিছত তেওঁলোকৰ নথি-পত্ৰৰ কাম-কাজখিনি কৰা হ’ব৷ ১৮ ফেব্ৰুৱাৰীৰ পুৱা ৬-৩০টা মান বজাত পৰ্যটকসকলে ধুবুৰীৰ গৌৰীপুৰৰ সমীপৰ টেৰাকোটা গাঁও খ্যাত আশাৰীকান্দি ভ্ৰমণ কৰিব৷ তাৰ পৰা পোনে পোনে আহি ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা’ দৰ্শন কৰিব৷ তাৰপিছত কাষতে থকা তেতুলতলাত প্ৰাক স্বাধীনতা-উত্তৰ যুগত ব্ৰিটিছে স্থাপন কৰা দূৰ্মূল্য শ্বেত মাৰ্বল পাথৰেৰে নিৰ্মিত ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণ অবয়বৰ প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰিব পৰ্য্যটকসকলে৷ ১৮ ফেব্ৰুৱাৰীৰ দিনাই বৰলুইতেৰে গোৱালপাৰাৰ পঞ্চৰত্ন অভিমুখে যাত্ৰা কৰিব প্ৰমোদতৰী গংগা-বিলাসে৷ যোৱা ১৩ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ ৰূপে আখ্যায়িত এম ভি গংগা-বিলাস৷ দেশৰ পৰ্যটন ক্ষেত্ৰখনত নতুন দিগন্ত ৰচনা কৰি বাৰাণসীৰ পৰা যাত্ৰা কৰা সেই প্ৰমোদতৰীখনে ভাৰত আৰু চুবুৰীয়া বাংলাদেশৰ সৰ্বমুঠ ২৭ খনকৈ নদী প্ৰণালীৰে ৩,২০০ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ নদী পথ অতিক্ৰমি ৰ মাৰ্চত উপস্থিত হ’ব ডিব্ৰুগড়ত৷ কাইলৈৰ ধুবুৰী জাহাজঘাটত পৰ্য্যটকসকলক আদৰণি জনোৱাৰ সেই বিশেষ কাৰ্য্যসূচীত উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ ধুবুৰীৰ পৰা এম ভি গংগা-বিলাস গোৱালপাৰা, শুৱালকুছি, পাণ্ড, মায়ং, তেজপুৰ, শিলঘাট, বিশ্বনাথ, কেৰকেৰীঘাট, সোৱণশিৰিমুখ, কমলাবাৰী, নিমাতি, দিখৌমুখ ঘাট হৈ বগীবিলত উপস্থিত হ’ব৷