Logo
image

ধবংসস্তূপৰ মাজত জীৱন

ডিজিটেল ডেস্কঃ বগাপানী, টিংৰাই, বুঢ়াচাপৰি-লাওখোৱা, গোপাল আতা থানত উচ্ছেদ শেষ হ’ল৷ কিন্তু এতিয়া অন্ন-বাসস্থানৰ সন্ধানত অন্য এক যুঁজত জপিয়াই পৰিবলগীয়া হৈছে উচ্ছেদিত লোকসকল৷ তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত বগাপানী আৰু টিংৰাই ৰে’ল ষ্টেচন এলেকাৰ ৰে’লৱেৰ মাটিত অস্থায়ীভাৱে বসবাস কৰি থকা পৰিয়ালৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ অভিযান চলায়৷ এই উচ্ছেদিত লোকৰ অধিকাংশই গাখীৰৰ ব্যৱসায়ৰ সৈতে জড়িত৷ এই উচ্ছেদৰ সময়ত উচ্ছেদিত লোকসকলে নিজৰ নিজৰ বাসগৃহ-ব্যৱসায় সকলো চকুৰ সন্মুখত হেৰুৱাই শোকবিহল হৈ পৰে৷ আনকি বহু মহিলাই উচ্ছেদৰে জড়িত আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ কৰ্মীক হাতে-ভৰিয়ে ধৰি কাকুতি মিনতি কৰাও পৰিলক্ষিত হয় নিজৰ জীৱনকালত অৰ্জিত সম্পত্তি ৰক্ষাৰ শেষ চেষ্টা হিচাপে৷ উচ্ছেদিতসকলৰ ভিতৰত প্ৰায় ৪০জন শিক্ষাৰ্থী আছে, যিয়ে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব৷ এই ছাত্ৰ-ছাত্ৰীসকলে এতিয়া গাঁও পঞ্চায়তৰ এটা অৰ্ধনিৰ্মিত বজাৰগৃহত নিশা মমবাতি জ্বলাই পৰীক্ষাৰ প্ৰস্তুতি চলাবলগীয়া হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত কেৱল ডিগবৈতে নহয় ৰাজ্যৰ যতে বেদখল হৈছে তাতে প্ৰশাসনে অতি কঠোৰ ভাবে উচ্ছেদ অভিযান চলাই আছে৷ কিন্তু বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি অহা এই লোকসকলৰ বাসগৃহ-দোকান আদি নিশাটোৰ ভিতৰতে নাইকীয়া হোৱাৰ ফলত ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়াল আজি এক অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হ’বলগীয়া হৈছে৷ উচ্ছেদিত সকলক চৰকাৰে কেতিয়া পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব তাৰ কোনো নিশ্চিয়তা নাই৷ উচ্ছেদিত লোকসকলৰ বাবে চৰকাৰে কৰ্ম সংস্থাপনৰ কোনো ধৰণৰ বিকল্প ব্যৱস্থা এই পৰ্যন্ত কৰা নাই৷ বুঢ়াচাপৰি অভয়াৰণ্যত চৰকাৰ প্ৰশাসনে তিনিদিন ধৰি উচ্ছেদ অভিযান চলায়৷ এই অভিযানত প্ৰায় দুই হাজাৰ ৯৯ হেক্টৰ ভূমিত উচ্ছেদ চলোৱা হয়৷ উচ্ছেদৰ ফলত ২৫৫৩টা বাসগৃহ বুলডজাৰেৰে ভাঙি দিয়া হয়৷ বাসগৃহ উচ্ছেদ কৰাৰ লগতে ১২৭৬৫ জন বেদখলকাৰীক বিতাড়িত কৰা হয়৷ উচ্ছেদিত সকলৰ ভিতৰত বহু কেইগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীও আছে৷ নিজৰ ঘৰ-বাৰী হেৰুৱাই এতিয়া অঘৰী হৈ পৰা এই পৰীক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনৰ প্ৰতিও দেখা দিছে চৰম অনিশ্চয়তা৷ উচ্ছেদৰ ফলত নিজৰ ঘৰখনৰ লগতে কিতাপ পত্ৰও হেৰুৱাবলগীয়া হয় পৰীক্ষাৰ্থীসকল৷ অথচ ২০ ফেব্ৰুৱাৰীৰ পৰা উচ্ছতৰ মাধ্যমিক আৰু ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ প্ৰতিটো উচ্ছেদিত অঞ্চলত আজি একেই পৰিস্থিতি৷ উচ্ছেদ অভিযানৰ সময়ত যিয়ে যি পাৰে সামান্য পৰিমানে নিজৰ ঘৰৰ সা-সম্পত্তি ৰক্ষাৰ আগ্ৰাসন চেষ্টা চলায়৷ এই সামান্য সা-সম্পত্তিকে লগত লৈ বেদখলকৃত ভূমিৰ পৰা সন্মুখত এক অনিশ্চিত ভৱিষ্যতক লৈ আতৰি গৈছে উচ্ছেদিত লোকসকলে৷ উচ্ছেদৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে মহিলা আৰু শিশু৷ ধবংসস্তূপৰ মাজতে এতিয়া জীৱন বিচাৰি ফুৰিছে উচ্ছেদিত লোকসকলে৷ উচ্ছেদিত লোকসকলৰ এতিয়া শেষ আশ্ৰয়স্থল হৈছে পথৰ দাঁতি বা মুকলি পথাৰ৷ এইসমূহত অস্থায়ী বাসগৃহ সাজি কোনোৰকমে জীৱনটো ৰক্ষা কৰি আছে হাজাৰ হাজাৰ উচ্ছেদিত লোকে৷ নূ্যনতমো মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈছে এইসকল লোক৷

উচ্ছেদত উচ্ছ ন্যায়ালয়ৰ হস্তক্ষেপ

 বুঢ়া চাপৰিত প্ৰশাসনৰ বেদখল উচ্ছেদ সম্পৰ্কত হস্তক্ষেপ কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ উচ্ছেদিত সকলৰ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ বিচাৰপীঠে ৰাজহ গাঁৱত উচ্ছেদ চলাব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে৷ বুঢ়াচাপৰিত চলি থকা উচ্ছেদ লৈ হাবিবৰ ৰহমান আৰু অন্যান্য ৩২জন লোকে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত ৰুজু কৰা ৮৮১/২০২৩ নম্বৰৰ গোচৰৰ শুনানি গ্ৰহণ কৰি বনভূমিৰ বাহিৰ ৰাজহ গাঁৱত উচ্ছেদ নকৰিবলৈ নিৰ্দেশ দিয়ে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে মেধীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক ৰাজহ গাঁৱত উচ্ছেদ নচলাবলৈ নিৰ্দেশ দিয়ে৷ উচ্ছ ন্যায়ালয়ৰ বিচাৰপীঠে উচ্ছেদ চলাই থকা স্থানসমূহ বনভূমি নে ৰাজহ গাঁও সেয়াও চাবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে৷ অৱশ্যে বুঢ়া চাপৰিত উচ্ছেদিত স্থানসমূহ বনভূমি হোৱাৰ পৰিপ্ৰেক্ষিতত উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ বাধা আঁতৰে৷