Logo
image

১৩ বছৰলৈ অসমত চৰকাৰ-মুখ্যমন্ত্ৰী সলনি নহয়ঃ পীয়ূষ

ডিজিটেল ডেস্কঃ আৰু ১৩ বছৰলৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব হিমন্ত বিশ্ব শৰ্মা৷ ২০৩৬ চনলৈ বিজেপিয়ে শাসন কৰিব অসম৷ ২০৩৬ চনলৈ মুখ্যমন্ত্ৰী পদ আন কাৰো বাবে খালী নাই৷–এই ভাষ্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷ শুকুৰবাৰে মন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়–২০২৬ নহয়, ২০৩৬ চনলৈ কংগ্ৰেছে আশা কৰিব নালাগে৷ ২০৩৬ চনলৈ দিছপুৰলৈ কোনো আহিব নোৱাৰে৷ ’৩৬ চনলৈ কতো চীট খালী নাই৷ ’৩৬ চনৰ  পাছৰ কথা মই নকও৷ অৰ্থাৎ আৰু ১৩ বছৰলৈ অসমত চৰকাৰ-মুখ্যমন্ত্ৰী সলনি নহয়৷ দুবছৰ ইতিমধ্যে অতিক্ৰম কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে৷ গতিকে আন দলৰ কথা ভাবিবলগীয়া বা ক’বলগীয়া একো নাই৷ উল্লেখ্য, মন্ত্ৰী হাজৰিকাক সাংবাদিকে কংগ্ৰেছ-ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত সোধা প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয়৷

মন্ত্ৰীয় পীয়ূষক কঠোৰ সমালোচনা অখিলৰ 

উচ্ছেদ, বাল্য বিবাহ আদিক ৰাজনৈতিক এজেণ্ডা হিচাপে লৈ সংখ্যালঘুক আক্ৰমণ কৰিছে৷ উচ্ছেদৰ নামত একপ্ৰকাৰ উৎসৱ পাতিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ আদালতে কেইবাবাৰো এই চৰকাৰৰ বেআইনী কামক সমালোচনা কৰাৰ পিছতো গৃহ বিভাগৰ দায়িত্বত থকা ডঃ হিমন্ত বিশ্ব শৰ্মাই সামান্যতম লজ্জা অনুভৱ কৰা নাই বুলি আজি কাজিৰঙাত উপস্থিত হৈ কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰে৷ দুখীয়াৰ দুখ ঢাকিবলৈ উচ্ছেদ, বাল্য বিবাহ, এনকাউণ্টাৰ কৰি অন্য পথে ৰাইজৰ মনোযোগ নিয়াৰ চেষ্টা কৰি আছে৷ সংখ্যালঘু লোকক টাৰগেট কৰি হিন্দুত্বৰ ৰাজনীতি চলোৱাৰ পৰিকল্পনা কৰি আছে৷ জাতি, ধৰ্ম, বৰ্ণ পৰিহাৰ কৰি এইখন ৰাজ্যৰ লোকে বসবাস কৰি আছিল যদিও এই চৰকাৰখনে ধৰ্মীয় মেৰুৰে বিভাজনৰ চেষ্টা চলাই আছে বুলি বিধায়ক অখিল গগৈয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ হিমন্ত চৰকাৰে উচ্ছেদৰ নামত বেআইনী কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে৷ ভূমিহীন লোকক বিকল্প ব্যৱস্থা কৰিহে উচ্ছেদ কৰাৰ আইন থকাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই বেআইনী ভাৱে নিজৰ বল প্ৰয়োগ কৰি অমানৱীয় ভাৱে উচ্ছেদ কৰি আছে৷ উল্লেখ্য, গুৱাহাটী উচ্ছ ন্যায়ালয়ে বন ভূমিৰ বাদে আন ঠাইত উচ্ছেদ নকৰিবলৈ দিয়া ৰায়ক বিধায়ক অখিল গগৈয়ে আদৰণি জানোৱাৰ লগতে উচিত সিদ্ধান্ত বুলি মত প্ৰকাশ কৰে৷ হিমন্ত বিশ্ব শৰ্মাই বেআইনী ভাৱে কাম কৰি আছে৷ তেওঁৰ বহু ক্ষেত্ৰত ন্যায়ালয়ে সমালোচনা কৰি থকাৰ পিছতো মুখ্যমন্ত্ৰীৰ উপৰিও গৃহ বিভাগৰ দায়িত্বত থকা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনাইছে কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে৷ ইফালে মন্ত্ৰী পীয়ুুস হাজৰিকাই এজন মাফিয়াৰ ধৰে কথা কৈ আছে৷ গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত হোৱা এজন ৰাইজৰ প্ৰতিনিধিয়ে এনেধৰণৰ গুণ্ডাৰ দৰে কথা কোৱাটো উচিত নহয়৷ ৰাইজৰ প্ৰৰতিনিধিয়ে গুণ্ডাৰ আচৰণেৰে একপ্ৰকাৰ দাদাগিৰি কৰি দাম্ভিকতাৰে কথা কোৱাটো ন্যায়াসংগত নহয়৷ সংখ্যালঘু অৰ্থাৎ মুছলমান লোকৰ বিৰুদ্ধে সকলো বেআইনী কাম কৰি আছে৷ ইয়াৰ পিছত যদি কোনোবাই এই ক্ষেত্ৰত মাত মাতে তেন্তে মুছলমানৰ পক্ষ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰাটোও গণতান্ত্ৰিক ভাৱে দুৰ্ভাগ্যজনক কথা বুলি অখিল গগৈয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ 

ননৈৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ূষৰ

জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই শুকুৰবাৰে দৰং জিলাৰ ননৈ নদীৰ দুয়োপাৰৰ মথাউৰিৰ বহুকেইটা অঞ্চল ভ্ৰমণ কৰি বিভাগীয়ভাৱে চলি থকা মথাউৰি মেৰামতি আৰু পুনৰ ৰ্নিমাণৰ কাম পৰিদৰ্শন কৰে৷ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা আন বিষয়াসকল আৰু বিভাগীয় ঠিকাদাৰক লগত লৈ মন্ত্ৰী হাজৰিকাই প্ৰথমতে ননৈ নদীৰ সোঁফালে বিগত বাৰিষাত ভাগি যোৱা মথাউৰিটোৰ চাৰিটা স্থানত চলি থকা কামৰ প্ৰত্যক্ষ বুজ লয়৷ উল্লেখ্য, বিগত বাৰিষাত ভাঙি পৰা মথাউৰিটোৰ চাৰিটা স্থানৰ ভিতৰত কছাৰীদ’লত এখন শ্লুইছ গেট নিৰ্মাণৰ কাম চলি আছে৷ মন্ত্ৰীগৰাকীয়ে উক্ত স্থান পৰিদৰ্শন কৰি এই কামৰ অগ্ৰগতিৰ বুজ লয় আৰু যিমান দূৰ সম্ভৱ অহা বাৰিষাৰ আগত শ্লুইছ গেট নিৰ্মাণৰ কাম শেষ কৰিবলৈ বিভাগীয় বিষয়া-ঠিকাদাৰক নিৰ্দেশ দিয়ে৷ পৰিদৰ্শন কালত স্থানীয় সাংবাদিকৰ স’তেহোৱা কথা বতৰাত মন্ত্ৰী হাজৰীকাই কয় - মথাউৰি নিৰ্মাণৰ কাম সমগ্ৰ ৰাজ্যখনতে পুৰাদ্যমত চলি আছে৷  এইবাৰ বানত ক্ষতি হোৱা মথাউৰিৰ অংশ পুনৰ নিৰ্মাণৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহত গোটেই মথাউৰিটোৱেই সৱলীকৰণৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে৷ মঙলদৈৰ ননৈ নদীৰ দুয়োপাৰৰ প্ৰায় ৩৪ কিল’মিটাৰলৈ মথাউৰিৰ পৰ্যায়ক্ৰমে সৱলীকৰণৰ কাম হাতত লোৱা হৈছে বুলিও মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে৷