Logo
image

বানত সৰ্বস্ব হেৰুওৱা লোকৰ একাউণ্টত সোমাল মাত্র ১ টকা

ডিজিটেল সংবাদ, গুৱাহাটীঃ “আমাৰ ঘৰ-বাৰী সকলো বানপানীয়ে নোহোৱা কৰিলে। কিন্তু আমি চৰকাৰৰ পৰা একো নাপালো। ৰিলিফ মেনুৱেল অনুসৰি ঘৰ ভাঙিলে পাবলগীয়া প্ৰাপ্য ৯৫,১০০ টকাও আমি নাপালো, তাৰ পৰিৱৰ্তে আমাৰ একাউণ্টত সোমাল মাত্র ১ টকাকৈ"- এই অভিযোগ বজালীৰ ভৱানীপুৰৰ মেধিকুছি আৰু নগাঁৱৰ ৰহাৰ বানত ক্ষতিগ্রস্ত লোকসকলৰ। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বান ক্ষতিগ্ৰস্তৰ পুনৰ সংস্থাপন দাবী সমিতি আৰু কৃষক মহাসভা, অসমৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত বজালীৰ ভৱানীপুৰৰ মেধিকুছিৰ বানত ক্ষতিগ্ৰস্ত নোজ তালুকদাৰে কয়- বজালীৰ ভৱানীপুৰৰ মেধিকুছি গাঁৱৰ প্ৰায় ২০টা পৰিয়ালৰ পকী ঘৰ পর্যন্ত পানীৰ সোঁতত ভাঙি গৈছিল। সেই সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বানত সৰ্বস্ব হেৰুওৱাসকলক উপযুক্ত সাহায্য প্ৰদানৰ কথা কৈছিল যদিও মাত্ৰ ৯ টা পৰিয়ালে এক লাখ টকাকৈ লাভ কৰাৰ বাহিৰে বাকী পৰিয়ালে চৰকাৰী সাহায্য পাবলৈ সক্ষম হোৱা নাই। বিগত বছৰৰ আগষ্ট মাহত বানত ক্ষতিগ্রস্ত ১৬টা পৰিয়ালক বজালী জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰশাসনে আয়োজন কৰা বান সাহায্য প্রদান অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই ৯৫,১০০ টকাৰ চেক প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল। 

কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত মেধিকুছিৰ কেইজনমান লোকক ৯৫,১০০ টকাৰ প্ৰতীকি চেক প্ৰদান কৰি বান সাহায্য বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকতা কৰিছিল। কিন্তু সেই চেক বিতৰণৰ কাৰ্যসূচী আনুষ্ঠানিকতাতেই সীমাবদ্ধ হৈ থাকিল। প্রতীকি চেক প্ৰদান কৰি কোৱা হৈছিল যে সিদিনা ১২ বজাৰ ভিতৰত সকলোৱে একাউণ্টত ৯৫,১০০ টকাকৈ সোমাৱাই দিয়া হ'ব। ৯৫,১০০ টকাৰ বিপৰীতে সোমাল মাত্র ১ টাকাহে। তদুপৰি ৬ মাহলৈ খাদ্য সামগ্ৰী যোগান ধৰিম বুলি দম্ভালি মৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মিছা আস্ফালনহে কৰিছিল। তাৰ পাছত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক দেখাই নোপোৱা হ'ল সেই অঞ্চলসমূহত। কেৱল মাত্র ৩৮০০ টকা প্ৰদান কৰিয়েই ইয়াতেই সকলো দ্বায়িত্ব সামৰিছে। তদুপৰি মাত্ৰ ৯ টা পৰিয়ালে এক লাখ টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা পালে কিন্তু ৰাজ্য চৰকাৰৰ পৰা ৯৫,১০০ টকা এতিয়াও পোৱা নাই। চৰকাৰে কেৱল মাত্ৰ সমীক্ষা কৰি আছে। 

ভৱানীপুৰ,বজালীৰ মেধিকুচিত এশ শতাংশ থলুৱা মানুহৰ গাঁও আছিল। বানপানীয়ে বিধ্বস্ত কৰাৰ পাছতো বৰ্নাত্যই মাত্ৰ এটকা পালে একাউণ্টত।  ২০০৫ চনৰ হিচাপ মতে পাবলগীয়া ধনো নাপালে। এয়াই হ'ল থলুৱা লোকৰ অসমত দুৰৱস্থা। আমাৰ গাঁৱসমূহ বহুত উৎপাদনশীল গাঁও আছিল। গাঁৱৰ কৃষিজীৱি ৰাইজে এই মাটিসমূহক কেন্দ্ৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছিল। ধান উৎপাদনৰ উপৰি ঘৰে ঘৰে লাও, জিকা, ভোল, তামোলপান উৎপাদন হৈছিল। কিন্তু ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ভূটানৰ নিৰ্মীয়মান নদীবান্ধৰ পানী আৰু কপিলী জলবিদ্যুৎ প্রকল্পৰ এৰি দিয়া পানীয়ে বানপানীৰ সৃষ্টি কৰি আমাৰ গাঁৱসমূহক চিৰদিনৰ কাৰণে ধ্বংস কৰিলে। খেতি পথাৰৰ বিস্তীর্ণ এলেকা বালিয়ে পুতি পেলোৱাৰ ফলত আমি এতিয়া খেতিপথাৰত একো কাম কৰিব নোৱাৰো। এতিয়া আমাৰ গৃহ, শৌচালয় নাই। বিগত জুন মাহৰ পৰা আমি গৃহহীন ভাবে জীয়াই থাকিব লগা হৈছে। অথচ আমি ইয়াৰে থলুৱা লোক। সেয়ে আমাৰ প্ৰাপ্যখিনি দিবলৈ চৰকাৰক পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। পুনৰ বানপানী অহাৰ সময় আহিছে, আগৰ ঘৰ ভঙা টকা চৰকাৰে দিব পৰা নাই, গতিকে আমাৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে। অলাগতিয়াল কামত চৰকাৰে টকা খৰছ কৰে, কিন্তু অসমীয়া মানুহৰ গাঁৱসমূহেই যদি জীয়াই নাথাকে তেন্তে সেইবোৰ কামত টকা খৰছ কৰি কি লাভ? কাইলৈ যদি ঠাই অভাৱত আমি চৰকাৰী মাটি দখল কৰোঁ তেন্তে হিমন্ত বিশ্ব চৰকাৰেই আমাৰ ঘৰৰ ওপৰত বুলড'জাৰ, জেচিবি চলাব। গতিকে আমি দাবী জনাও যে বানত ক্ষতিগ্ৰস্তক চৰকাৰী মাটি ব্যৱহাৰৰ বাবে বিশেষ চৰকাৰী নীতি গ্ৰহণ কৰিব লাগে। অন্যথা যদি প্রয়োজন হয়, তেন্তে ভৱিষ্যতে প্ৰাপ্যৰ বাবে গণতান্ত্রিক আন্দোলনৰ পথো ল'ব লাগিব। এইবাৰ চৰকাৰৰ সহায় নাপালে নিশ্চয় দিল্লীলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰিম।"

সংবাদ মেলত কৃষক মহাসভা অসমৰ তত্বাৱধায়ক ভাৰতী দেৱীয়ে কয়- বিগত বৰ্ষত বানত ৰহা অঞ্চলত বহু লোক সৰ্বস্বান্ত হৈছে । ৰহা অঞ্চলত ৰাজ্য চৰকাৰে দিয়া ৩৮,০০ টকাও এতিয়াও পোৱা নাই। আনকি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকেও এই ধন পোৱা নাই। ৰহা অঞ্চলত বাচন-বৰ্তন, কাপোৰ-কানি কিনাৰ কাৰণে প্ৰাপ্য ৩,৮০০ টকাও আমাক দিয়া নহ'ল। গতিকে আজি বাধ্য হৈ আমাৰ দুখৰ কথা ৰাইজক জনাবলৈ এই সংবাদ মেলৰ আয়োজন কৰিবলগীয়া হৈছে।" সংবাদ মেলত বান ক্ষতিগ্ৰস্তৰ পুনৰ সংস্থাপন দাবী সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে কয়- এইখন চৰকাৰে বিহুৰ ৰেকৰ্ডৰ নামত কোটি কোটি টকা খৰচ কৰিব,নামঘৰৰ নামত টকা দিয়ে, অসমীয়া লোকৰ ঘৰ ভাঙি যোৱাৰ পাছত টকা দিয়া নহয়। চৰকাৰী মাটি বিভিন্ন বাহিৰাগত বনিয়াৰ হাতত আছে ৷সেইমাটি খিলঞ্জীয়াৰ নামত দিব লাগে। সংবাদ মেলত মেধিকুছি গাঁৱৰ বানত ক্ষতিগ্ৰস্ত হোৱা ডেভিড পাটগিৰি, সীমান্ত তালুকদাৰ, ইশান কলিতা, ৰূপম কলিতা আদি উপস্থিত থাকে।