Logo
image

মই আহিলে কিয় ঠিকাদাৰ নাহে? : মন্ত্ৰী পীযুষ হাজৰিকাৰ ক্ষোভ

ডিজিটেল সংবাদ, বৈঠালাংছ': শুকুৰবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ তথা কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত ৬ নং বিথুং-ৰেংথামা পৰিষদীয় সমষ্টিৰ কপিলী নদীৰ পাৰত চলি থকা ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীবান্ধৰ কাম পৰিদৰ্শন কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উক্ত বান্ধ নিৰ্মাণৰ কাম পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰক নেদেখি ক্ষোভ প্ৰকাশ কৰাৰ লগতে ঠিকাদাৰ কিয় উপস্থিত নাই বুলি বিভাগীয় কৰ্তৃপক্ষক প্ৰশ্ন কৰে মন্ত্ৰী হাজৰিকাই ৷ তদুপৰি নদীবান্ধৰ কাম অতিশীঘ্ৰে সমাপ্ত কৰাৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ 

ইফালে এইবাৰ বাৰিষা অহাৰ পূৰ্বে কপিলী নদীৰ পাৰত মথাউৰি নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ এচ অ পি ডি আঁচনিৰ জৰিয়তে ৩৬ কোটি টকা ব্যয়ৰে বিথুঙত চাৰিটা মথাউৰি নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হাজৰিকা । উল্লেখযোগ্য যে মুগাচং প্ৰাথমিক বিদ্যালয়ৰ পৰা বিথুং ৰেংথামা গাঁৱৰ পৰা কলঙামুখলৈকে ১৩ কোটি টকাৰে ৫০০০ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ'ব। ইয়াৰ লগতে ফাংটেংফ্ৰাং অঞ্চলৰ পৰা জাপান হাঞ্চে গাঁৱলৈ ৬০০০ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি ১৬ কোটি টকাৰে নিৰ্মাণ কৰা হ'ব । আনহাতে কলঙা অঞ্চলত বান খহনীয়া প্ৰতিৰোধ কৰিবলৈ ৩৪ কোটি টকা ব্যয়ৰে ২০১ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি আৰু বি - ইংহই গাঁৱৰ পৰা চমকান গাঁৱলৈ ১৯১০ মিটাৰ মথাউৰি ৩৯.৩ কোটি ব্যয়ৰে নিৰ্মাণৰ লক্ষ্য লৈ আধাৰশিলা স্থাপন কৰে। ৪টা মথাউৰিৰ আধাৰশিলা স্থাপনৰ পিছত এখন জনসভাত অংশগ্ৰহণ কৰে মন্ত্ৰী হাজৰিকাই। সভাত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বেʼ, বিধায়ক বিদ্যাছিং ইংলেং, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকল, পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱাৰ উপৰি স্থানীয় বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।