Logo
image

এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত চলিল উচ্ছেদ অভিযান

ডিজিটেল সংবাদ, আমিনগাওঁঃ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে অসম চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। গুৱাহাটীৰ শিলসাঁকো বিলত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ সমান্তৰালকৈ এইবাৰ‌ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱৰ নুমলী জলাহত কামৰূপ জিলা প্ৰশাসনে চলালে বৃহৎ উচ্ছেদ অভিযান। 

শনিবাৰে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ ‌চক্ৰ বিষয়া ৰশ্মি প্ৰতাপৰ নেতৃত্বত কামৰূপ জিলা আৰক্ষী প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত আমিনগাওঁ নুমলী জলাহৰ শিলা সেন্দুৰীঘোপা মৌজাৰ ২১০নং দাগৰ প্ৰায় ৩৫ বিঘা ভূমিত কামৰূপ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত জেচিবিৰে এফালৰ পৰা ভাঙি দিয়া হয় অবৈধভাৱে নিৰ্মাণ কৰি থকা বাসগৃহসমূহ। 

প্ৰশাসনে ভাঙি পেলোৱা ঘৰসমূহত মানুহ নাছিল যদিও উচ্ছেদ অভিযানত পৰিয়াল থকা কেইবাটাও ঘৰ উচ্ছেদ কৰাৰ পৰা বিৰত থাকে কামৰূপ জিলা প্ৰশাসন। অৱশ্যে কামৰূপ জিলা প্ৰশাসনৰ হৈ নেতৃত্ব দিয়া উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ ‌চক্ৰ বিষয়া ৰশ্মি প্ৰতাপে এই পৰিয়ালসমূহক আন ঠাইলৈ যাবৰ বাবে কিছু দিন সময় বান্ধি দিয়ে। প্ৰশাসনৰ তৰফৰপৰা বান্ধি দিয়া সময়ৰ ভিতৰত সেই স্থানৰ পৰা পৰিয়ালসমূহ আঁতৰি নগলে প্ৰশাসনৰ তৰফৰ পৰা পুনৰ উচ্ছেদ অভিযান চলাব আৰু ঘৰসমূহ ভাঙি পেলোৱা হ'ব বুলি পৰিয়া সমূহক চক্ৰ বিষয়া ৰশ্মি প্ৰতাপে সকিয়াই দিয়ে।