Logo
image

গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে 'অসম ফিজিঅ’কন ২০২৩'ৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটীঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে 'অসম ফিজিঅ’কন ২০২৩' শীৰ্ষক ফিজিঅ’থেৰাপিৰ এখন ৰাষ্ট্ৰীয় অধিৱেশন৷ আজি দিনৰ ১০ বজাত অনুষ্ঠিত হোৱা অধিৱেশনৰ বৈজ্ঞানিক আলোচনা চক্ৰত আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ ডাঃ ধ্ৰুৱজ্যোতি বৰা, ডাঃ গৌৰী দত্ত শৰ্মা, ডাঃ অনিল মহন্ত, ডাঃ জুতিকা ওজাই ফিজিঅ'থেৰাপি চিকিৎসাৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে৷ পাছত ডাঃ ভি পি গুপ্তা, ডাঃ চৈয়দ মহম্মদ ৱাৰিছ, ডাঃ চিৰাগ বাৰ্মা আৰু ডাঃ আনন্দ মিশ্ৰাই আলোচনা পৰ্বখন আগবঢ়াই নিয়ে৷ 

পুৱা ১১ বাজি ৩০ মিনিটত আমন্ত্ৰিত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিন আৰু বিটিআৰৰ চীফ প্ৰমোদ বড়োৰ লগতে সংগঠনটোৰ অধ্যক্ষ ডাঃ দ্বিজেন্দ্ৰ কুমাৰ তালুকদাৰে বন্তি প্ৰজ্বলেনেৰে অধিৱেশনখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে৷ ভাষণ প্ৰসংগত ডাঃ নোমল মোমিনে কয়,"চিকিৎসা বিজ্ঞানৰ বাবে এই অধিৱেশনখন অত্যন্ত গুৰুত্বপূৰ্ণ৷ ফিজিঅ’থেৰাপি অবিহনে ৮০-৯০ শতাংশ বেমাৰ অস্ত্ৰোপচাৰৰ পাচতো সম্পূৰ্ণ সুস্থ নহয়৷ চিকিৎসা বিজ্ঞানৰ বাবে ফিজিঅ’থেৰাপি অত্যন্ত উপযোগী চিকিৎসা৷ এই সন্মিলনে উক্ত চিকিৎসাৰ প্ৰচাৰ তথা প্ৰসাৰত যথেষ্ট সহায় কৰিব৷   

অনুষ্ঠানটোৰ স্মৰণিকা উন্মোচন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই৷ অসম ফিজিঅ’কন ২০২৩ ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ফিজিঅ’থেৰাপিষ্ট স্বৰ্গীয় সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য দেৱক স্মৰণ কৰি মৰণোত্তৰভাৱে তেখেতৰ পৰিয়ালৰ সদস্যৰ হাতত প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়৷ অধিৱেশনৰ প্ৰথম দিনটোত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ বহুকেইজন স্বনামধন্য ফিজিঅ’থেৰাপিষ্টে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰে৷ অধিৱেশনৰ লগত সংগতি ৰাখি যোৱা ২ আৰু ৩ মাৰ্চত গুৱাহাটীৰ বহুকেইখন হাস্পতাল আৰু ফিজিঅ’থেৰাপি কলেজত প্ৰায় দহটা বিভিন্ন বিষয়ৰ কৰ্মশালা অনুষ্ঠিত হয়৷ 

কৰ্মশালাসমূহত উত্তৰপূৰ্বাঞ্চলৰ বহু শিক্ষাৰ্থী আৰু কৰ্মৰত ফিজিঅ’থেৰাপিষ্টে অংশগ্ৰহণ কৰে৷ প্ৰথম দিনৰ কাৰ্যসূচীৰ শেষত আবেলি বিশিষ্ট ব্যক্তিৰ সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে দেশৰ আগশাৰীৰ অভিনেত্ৰী শ্ৰীমতী সীমা বিশ্বাসে৷ তেওঁৰ লগতে উপস্থিত থাকে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া৷ অধিৱেশনৰ  দ্বিতীয় দিনাৰ কাৰ্যসূচীত দেশৰ বহুকেইজন বিশিষ্ট ফিজিঅ’থেৰাপিষ্টৰ বৈজ্ঞানিক পত্ৰ পাঠৰ সমান্তৰালকৈ ফিজিঅ’থেৰাপি চিকিৎসাৰ নতুন আৱিষ্কাৰ আৰু প্ৰযুক্তি সম্বন্ধে তথ্যৰ আদান-প্ৰদান হ'ব যিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ফিজিঅ’থেৰাপিষ্টসকলক বিশেষভাবে সহায় কৰিব বুলি মতপোষণ কৰিছে সংগঠনটোৰ প্ৰচাৰ সম্পাদক ডাঃ প্ৰণব চক্ৰবৰ্তীয়ে৷ উক্ত দিনাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠান হ’ব৷ বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে দিব্যাংগ আৰু বিশেষভাবে সক্ষম ব্যক্তিক সম্পূৰ্ণ বিনামূলীয়াকৈ হুইলচেয়াৰ বিতৰণ কৰি অধিৱেশনৰ সামৰণি পৰিব৷ অনুষ্ঠানটোত সংগঠনটোৰ সাংগঠনিক সভাপতি ডাঃ অভিজিৎ দত্ত, সাংগঠনিক সম্পাদক ডাঃ ৰিতুৰাজ বাইলুং সোণোৱাল, যুটীয়া সাংগঠনিক সম্পাদক ডাঃ অংকুৰজ্যোতি বৰা প্ৰমুখ্যে বিষয়ববীয়াসকলো উপস্থিত থাকে।