Logo
image

অক্ষত জিঞ্জাৰ, আজমল! জলাশয়ত দখলৰ হিচাপ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ৫ মাৰ্চঃ ভগ্নাৱশেষৰ মাজটো শিলসাঁকো বিলৰ একেবাৰে কাষতে এতিয়াও এটাও দাগ নলগাকৈ থিয় হৈ আছে জিঞ্জাৰ হোটেল৷ অক্ষত আছে মৌলানা বদৰুদ্দিন আজমল সম্পত্তিৰ দেৱাল, গুদাম, হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠান, চৰকাৰী গৱেষণা প্ৰতিষ্ঠান আৰু সমবায় প্ৰতিষ্ঠান৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে এইখন চৰকাৰৰ কাৰো প্ৰতি মায়া-মোহ নাই৷ শিলসাঁকোৰ জলাশয়ৰ পৰা উঠি যাব লাগিব জিঞ্জাৰ হোটেল, উঠাই নিয়া হ’ব চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, টেনিছ ক’ৰ্ট৷ ইয়াৰ বাবে এক-দুই মাহৰ সময় দিয়া হ’ব৷ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তৎকালীনভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তক নিৰ্দেশ দিছে৷ পিছে মুখ্যমন্ত্ৰীৰ দৃঢ় ঘোষণাৰ পাছতো কোনো ধৰণৰ কামৰ অগ্ৰগতি নেদেখাত ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই প্ৰশ্ন কৰিছে–‘সঁচাকৈ বুলড'জাৰ চলিবনে জিঞ্জাৰ হোটেলত, আজমলৰ দেৱালত৷ সাধাৰণ মানুহৰ ঘৰবোৰ বুলড'জাৰৰ হাতোৰাত চূড়মাৰ হৈ যায়, কিন্তু ক্ষমতাশালী পুজিপতিৰ সম্পত্তিত ধূলি নপৰাকৈয়ে থাকি যায়৷ শ্ৰেণী বৈষম্যবোৰ এনেদৰেই স্পষ্ট হৈ ৰৈ যায়৷ তাৰ পাছতো আমি নিজকে শান্তনা দিওঁ–আইন সকলোৰে বাবে সমান৷’ ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁৰ প্ৰধান সচিবে ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰি ৰাজ্যৰ বিভিন্ন জলাশয়ত হোৱা বেদখলৰ হিচাপ বিচাৰিছে৷ যোৱা ১৫ বছৰত ৰাজ্যৰ প্ৰতিখন জিলাৰে জলাশয়, ৱাটাৰ বডি বা ৱাটাৰ পেছেজ’ত কিমান বেদখল হৈছে ইয়াৰ সবিশেষ তথ্য সাত দিনৰ ভিতৰত দাখিলৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০০৭ চনৰ ‘দ্যা আছাম হিললেণ্ড এণ্ড ইকলজিকেল এক্ট’ অনুসৰি জলাশয়, ৱাটাৰ বডি, পাহাৰ আদিত বেদখল নিষিদ্ধ যদিও প্ৰশাসনে আজিকোপতি এই সন্দৰ্ভত সক্ৰিয় হোৱা পৰিলক্ষিত হোৱা নাই৷ এই আইনখনৰ ইতিমধ্যে গেজেট নটিফিকেশ্বনো প্ৰকাশ পাইছিল৷

শিলসাঁকোৰ উচ্ছেদ বিজেপি চৰকাৰৰ চূড়ান্ত অগণতান্ত্ৰিক কাৰ্যঃ চিপিআই (এম এল)

চিপিআই (এম এল)ৰ অসম ৰাজ্যিক সমিতিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে শিলসাঁকোত চলোৱা উচ্ছেদ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ এই সম্পৰ্কে দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে কয় যে হাইস্কুল শিক্ষান্ত, উচ্ছতৰ মাধ্যমিক আৰু বছৰেকীয়া পৰীক্ষা চলি থকাৰ সময়তে কোনো ধৰণৰ বিভাগীয় জাননী অবিহনে উচ্ছেদ কাৰ্য চলোৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে শিলসাঁকোত বসবাস কৰা সকলক অবৈধ ভাবে চৰকাৰী মাটি দখল কৰা লোক বুলি কৈছে আৰু এতিয়া তেওঁ কৈছে যে ২০০৮ চনৰ পাছত যি সকলে মাটি দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰা হবই৷ প্ৰথম কথা, এয়া বিভাজনৰ এক কৌশল৷ শিলসাঁকোৰ উচ্ছেদ অহা ১০ দিনলৈ বন্ধ ৰাখিব বুলি শিলসাঁকোৰ উন্নয়ন সমিতিৰ লগত হোৱা বৈঠকত তেওঁ উল্লেখ কৰিছে লগতে উচ্ছেদিত সকলক বিকল্প ভূমি আৰু উচিত ক্ষতিপূৰণ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছে৷ সমগ্ৰ অসমৰ ভূমি যেতিয়ালৈকে জৰীপ নহ’ব আৰু চৰকাৰী ভূমি দখল কৰি থকা বহিৰাগত, বিদেশী আৰু মন্ত্ৰী আমোলাৰ তালিকা প্ৰস্তুত নহ’ব তেতিয়ালৈকে উচ্ছেদ বন্ধ ৰাখিব লাগিব৷  আনকি সাধাৰণ উচ্ছেদৰ ক্ষেত্ৰতো আইনসন্মতভাবে ক্ষতিপূৰণ নিৰ্দ্ধাৰণ কৰি নিস্পত্তি হোৱাৰ পাছতহে উচ্ছেদৰ প্ৰক্ৰিয়া গ্ৰহণ কৰাটো আইনসন্মত নিয়ম যদিও কিন্ত দুৰ্ভাগ্যজনক যে চৰকাৰে সেই ন্যূনতম নিয়মো পালন কৰা নাই আৰু নিজ দেশৰ অধিবাসী নাগৰিকৰ লগত এইখন চৰকাৰে আক্ৰমণকাৰী শত্ৰুৰ দৰে ব্যৱহাৰ কৰিলে৷ সমগ্ৰ উচ্ছেদ প্ৰক্ৰিয়া টোঘলকী কাণ্ড আৰু নিজৰ ব্যৰ্থতা ঢকাৰ প্ৰয়াস৷ শিলসাঁকোৰ উচ্ছেদিত সকলক পুনৰ সংস্থাপন আৰু উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আমি দাবী জনালোঁ৷’