Logo
image

প্ৰশ্ন ফাদিলৰ বাতৰিত হাঁহি উঠিল শিক্ষামন্ত্ৰীৰ

আমাৰ অসম, ৫মাৰ্চঃ নাও বুৰিলেও টিঙৰ পৰা ননমা স্বভাৱ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ দীৰ্ঘদিনীয়া৷ এতিয়া যেন ছেবাতকৈও এখোপ চৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ শুকুৰবাৰে অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাৰ ইংৰাজী প্ৰশ্নকাকত পৰীক্ষা চলি থকাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল যদিও এই ঘটনাৰ তদন্তৰ পৰিৱৰ্তে বেপেৰুৱা মন্তব্যই সমগ্ৰ অভিযোগক নস্যাৎ কৰিবলৈহে উঠিপৰি লাগিছে স্বয়ং শিক্ষামন্ত্ৰী৷ যি সময়ত মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ সত্যা-সত্য তদন্তৰ জৰিয়তে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মনৰ সন্দেহ দূৰ কৰিব লাগিছিল, তেনে সময়ত টুলুঙা মন্তব্যই প্ৰশ্নকাকত ফাদিলৰ স্পৰ্শকাতৰ বিষয়টো তল পেলোৱাত ত্ৰুটি কৰা নাই  শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ বিভাগীয় দায়িত্বশীল মন্ত্ৰীজনে অভিযোগৰ সন্দৰ্ভত ক্ষীপ্ৰতাৰে তদন্ত কৰি ছাত্ৰ-ছাত্ৰীক ন্যায় দিয়াৰ পৰিৱৰ্তে  প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিৰে হাঁহিবলৈ অৱকাশ দিয়া বুলিহে তৰল মন্তব্য কৰে৷ 

উল্লেখ্য, মেট্ৰিকত প্ৰশ্নকাকত ফাদিল হোৱাটো ছেবাৰ এৰাব নোৱৰা দুৰ্নামত পৰিণত হোৱাই নহয়, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষাৰ প্ৰথমটো দিনতে ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত মোবাইলৰ হোৱাট্‌ছএপে হোৱাট্‌ছএপে ভাইৰল হৈ পুৰণি সেই বিতৰ্কৰ যেন পুনৰাবৃত্তি ঘটিল৷ শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা মেট্ৰিকৰ পৰীক্ষা আৰম্ভ হৈছিল যদিও পৰীক্ষা আৰম্ভ হোৱাৰ ৮ মিনিটৰ পাছতেই কোনোৱে মোবাইলত প্ৰশ্নকাকতৰ ফটো তুলিবলৈ সক্ষম হৈছিল৷ অথচ পৰীক্ষা হলত শিক্ষক-ছাত্ৰ সকলোৰে বাবে মোবাইল লৈ প্ৰৱেশত নিষেধাজ্ঞা আছিল৷ ইফালে, মোবাইলেৰে তোলা প্ৰশ্নকাকত মুহূৰ্তৰ ব্যৱধানতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ কিন্তু সংবাদ মাধ্যমত প্ৰশ্নকাকত ফাদিলৰ বাতৰিটো পুৱা ১০.৫৭ বজাত প্ৰত্যক্ষ কৰাৰ যুক্তি দি প্ৰশ্নকাকত ফাদিলৰ অভিযোগ অস্বীকাৰ কৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই৷ ১০.৫৭ বজাত বাতৰি প্ৰকাশ পালে প্ৰশ্নকাকত ফাদিল হোৱা বুলি ক’ব নোৱাৰি বুলিও আত্মপক্ষৰ সমৰ্থনত আকোঁৰগোজ হৈ থাকে ছেবা কতৃৰ্পক্ষ৷ কিন্তু ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখন পুৱা ৯ বাজি ৮ মিনিটত মোবাইলত ফটো তোলাৰ স্পষ্ট তথ্য প্ৰমাণ থকাৰ পাছতো বিষয়টোৰ তদন্তৰ বাবে কোনো পদক্ষেপেই হাতত নল’লে ছেবাই৷ অৰ্থাৎ ছেবাই প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো গাপ দিবলৈহে চেষ্টা কৰে৷ কিন্তু এতিয়া ছেবাৰ সুৰতে সুৰ মিলাই বিভাগীয় ব্যৰ্থতা ঢাকিবলৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাতৰিয়ে হাঁহিৰ খোৰাক যোগোৱা বুলি তৰল মন্তব্য কৰিবলৈও কুণ্ঠাবোধ কৰা নাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ পুৱা ৯.০৮ বজাত প্ৰশ্নকাকতৰ মোবাইলত ফটো তোলাৰ উৎসক চিনাক্তকৰণৰ বাবে আৰক্ষীক গোচৰ দিবলৈ ছেবাক নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে নিজৰ বিভাগীয় ব্যৰ্থতা লুকুৱাবলৈহে নামি পৰিছে শিক্ষামন্ত্ৰী৷ শনিবাৰে সাংবাদিকৰ আগত প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ সন্দৰ্ভত বেপেৰুৱা মন্তব্যৰে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয়– ‘কথাটো শুনি মই অলপ হাঁহিবলৈ সময় পালোঁ৷ কালি দিনটো ব্যস্ত আছিলোঁ আৰু ভাগৰুৱা আছিলোঁ যদিও ইয়াৰ মাজতে প্ৰশ্নকাকত ফাদিলৰ কথাটো শুনি হাঁহিবলৈ অৱকাশ পালোঁ৷ পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টাৰ পাছত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা হলৰ পৰা ওলাই যাব পাৰে৷ গতিকে প্ৰশ্নকাকতখন যিকোনো মানুহে এঘণ্টাৰ পাছত পাব পাৰে৷ দুঘণ্টাৰ পাছত নিউজত আহিছে প্ৰশ্নকাকতখন ভাইৰেল তথা ফাদিল হৈছে৷ এইটো আকৌ কেনেকুৱা কথা৷ গতিকে সংবাদ মাধ্যমৰ বাতৰিটোৱে মোক আমোদহে দিলে৷ এঘণ্টাৰ পাছত প্ৰশ্নকাকতখন বাহিৰত ওলাই গ’লে কাৰ কি ক্ষতি হয়৷ যিসকলে বিতৰ্ক কৰিছে, তেওঁলোকে আমোদৰ বাবেহে কৰিছে৷ এনে বিতৰ্কই ছাত্ৰ-ছাত্ৰীৰ কোনো ক্ষতি নকৰে৷ সামগ্ৰিক মূল্যায়নতো বিশেষ ক্ষতি নকৰে৷ এইবাৰৰ দুখন উত্তৰ বহী কৰাত বিতৰ্ক হৈছিল যদিও ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক সকলোৱে ভালহে পাইছে৷ অহাবাৰ অৱজেক্টিভ প্ৰশ্নসমূহ অ’এমআৰ শ্বীটত দিব পাৰি নেকি তাৰো চিন্তা-চৰ্চা কৰিছোঁ৷'