Logo
image

ফাকুৱা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ ৰঙৰ উৎসৱ ফাকুৱা তথা দৌল যাত্ৰা উপলক্ষে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ এক বিবৃতিযোগে মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় আধ্যাত্মিক জীৱনধাৰাত উৎসৱ-পাৰ্বণসমূহে সমাজ ব্যৱস্থাক সুশৃংখলিতভাৱে আগুৱাই নিয়াৰ দিশত এক চালিকা শক্তিৰ ৰূপত অৱতীৰ্ণ হৈ আহিছে৷ প্ৰাচীন কালত ভাৰতবৰ্ষত উদযাপন কৰা মদনোৎসৱে ফাগুনৰ প্ৰকৃতিৰ ৰূপৰ সৈতে মানৱীয় জীৱনধাৰাক একাত্ম কৰি তুলিছিল৷ 

অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱ আয়োজন কৰি কৃষ্ণ ভক্তিৰ প্ৰৱাহ বোঁৱাই দিয়াৰ লগতে আধ্যাত্মিক সংস্কৃতিৰ দিশত নৱোন্মেষৰ সূচনা কৰে৷ ভাৰতীয় সনাতন সংস্কৃতিত ফাকুৱাৰ এক বিশেষ মহত্ব আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই উৎসৱ পালনৰ জৰিয়তে আমাৰ বৰ্ণিল সাংস্কৃতিক তথা আধ্যাত্মিক জীৱনশৈলী অধিক সমৃদ্ধ হৈ পৰিব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই উৎসৱ পালনৰ জৰিয়তে সমাজত সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী হৈ উঠিব৷ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে ৰঙৰ উৎসৱ ফাকুৱা পালনে সকলোকে একতা, শান্তি আৰু সহৱস্থানৰ জৰিয়তে আগুৱাই যাবলৈ উদগণি যোগাব৷