Logo
image

কৰিশ্মাই ক'লে, মই ইমান সহজতে হাৰি নাযাওঁঃ নাগাৰা নামক লৈ চলা বিতৰ্ক শেষ কৰাৰ আহ্বান দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ

পশ্চিম দৰঙৰ প্ৰতিবেদকৰ সহায়ত ডিজিটেল ডেস্কঃ নাগাৰা নাম পৰিৱেশন কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল কৰিশ্মা নাথ৷ ইয়াৰ পিছতে আৰম্ভ হ'ল বিতৰ্কৰো৷ কৰিশ্মা নাথে পৰিৱেশন কৰা নাগাৰা নাম একাংশই সমৰ্থন কৰিলে যদিও আন একাংশই তেওঁ ভুলকৈ নাগাৰা নাম পৰিৱেশ কৰা বুলি অভিযোগ তুলিলে৷ একাংশই তীক্ষ্ণ সমালোচনাও কৰিলে কৰিশ্মাক৷ ইয়াৰ মাজতে কৰিশ্মা নাথে কয় যে মই ইমান সহজতে হাৰি নায়াওঁ৷ তেওঁ ইমান দিনে সংগ্ৰাম কৰিয়েই জীৱন চলাই আহিছে৷ বেয়াকৈ কোৱাখিনি কাষৰীয়া কৰি ৰাইজৰ মৰম-আশীৰ্বাদ লৈ আগুৱাই যাম বুলি কয় কৰিশ্মাই৷ 

ইফালে নাগাৰা নামক লৈ চলি থকা বিতৰ্ক  শেষ কৰিবলৈ আহ্বান জনাইছে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই৷ নাগাৰা নাম দৰঙীয়াৰ আপুৰুগীয়া সম্পদ, অন্যতম আধ্যাত্মিক  লোককৃষ্টি। এই লোককৃষ্টিবিধক লৈ অহেতুক বিতৰ্ক নকৰিবলৈ আহ্বান জনাইছে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই। বিগত কিছুদিন ধৰি বিভিন্ন মাধ্যমত অব্যাহত থকা নাগাৰা নামক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক সমাপ্ত কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে। 

সোমবাৰে ছিপাঝাৰত সংবাদ মেল সম্বোধন কৰি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সাধাৰণ সম্পদক নৱ কুমাৰ শকীয়াই কয় যে ষোল্লশ শতিকাত ঐতিহাসিক আধ্যাত্মিক সৌধ খটৰা সত্ৰত দৰঙী চেওচাপৰি নামৰ আৰ্হিত জন্ম লাভ কৰিছিল নকৈ গঢ়া দৰঙী নাগাৰা নাম। শেহতীয়াভাৱে এগৰাকী নতুন প্ৰজন্মৰ শিল্পীক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা বিতৰ্কই অন্যান্য লোকশিল্পীৰ মন ভাঙি পেলোৱা বুলি উল্লেখ কৰি তেওঁ নাগাৰা নামকে ধৰি  প্ৰায় ৩২ টা দৰঙী লোককৃষ্টি সংৰক্ষণ, সংবৰ্দ্ধণ আৰু প্ৰণালীবদ্ধ প্ৰচাৰ-প্ৰসাৰত দৰঙী কলাকৃষ্টি উনয়ন সংঘক সহযোগ কৰিবলৈ প্ৰতিগৰাকী লোকশিল্পীলৈ আহ্বান জনায়। দৰঙী নাগাৰা নামক অধিক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে দৰঙী নাগাৰা নামৰ মহাসন্মিলন আৰু মঙলদৈ চহৰত নাগাৰা নামৰ ৫ দিনীয়া পাঠক কৰ্মশালা অনুষ্ঠিত কৰি শিল্পীসকলৰ মনোবল বৃদ্ধি কৰা বুলি জানিবলৈ দি বিতৰ্কৰ পৰিৱৰ্তে গঠনমূলক সহযোগিতাৰে শুদ্ধৰূপত দৰঙী লোককৃষ্টি চৰ্চা, অনুশীলন, গৱেষণাৰ জৰিয়তে আচোৰ নলগাকৈ পৰিৱেশন কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি  প্ৰতিগৰাকী লোকশিল্পীক সহিষ্ণুতাৰে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ প্ৰণালীবদ্ধ আঁচনিত চামিল হবলৈ  সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই আহ্বান জনায়।