Logo
image

মঙলদৈ পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতঃ পৰীক্ষাগৃহত নিৰীক্ষকে পৰীক্ষাৰ্থীক প্ৰশ্নৰ উত্তৰ শিকাই দিয়াৰ অভিযোগ

ডিডিটেল সংবাদ, মঙলদৈঃ এটাৰ পিছত আনটো বিতৰ্কত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ ক'ৰবাত যদি পৰীক্ষা আৰম্ভ হোৱাৰ পিছতে প্ৰশ্নকাকত সামজিক মাধ্যমত ভাইৰেল হৈছে, আন ক'ৰবাত আকৌ পৰীক্ষাগৃহত কৰ্তব্যৰত শিক্ষকে পৰীক্ষাৰ্থীক প্ৰশ্নৰ উত্তৰ শিকাই দিয়াৰ অভিযোগ উঠিছে৷ সোমবাৰে অনুষ্ঠিত হোৱা গণিতৰ পৰীক্ষাত পৰীক্ষাগৃহত কৰ্তব্যৰত শিক্ষকে এগৰাকী পৰীক্ষাৰ্থীক প্ৰশ্নৰ উত্তৰ শিকাই দিয়াক কেন্দ্ৰ কৰি মঙলদৈত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 

মঙলদৈ চহৰৰ নিকটৱৰ্তী চপাইত অৱস্থিত উত্তৰ মঙলদৈ হাইস্কুল পৰীক্ষা কেন্দ্ৰত এগৰাকী কৰ্তব্যৰত শিক্ষকে তেওঁৰ কোনো আত্মীয় এগৰাকী ছাত্ৰীক প্ৰশ্নৰ উত্তৰ শিকাই দিয়াৰ অভিযোগ উঠিছে। পৰীক্ষাগৃহৰ অন্য পৰীক্ষাৰ্থীসকলে কৰ্তব্যৰত শিক্ষক বীৰেণ চন্দ্ৰ নাথৰ বিৰুদ্ধে এই অভিযোগ তুলিছে। ৰামহৰি হাইস্কুলৰ শিক্ষক বীৰেণ চন্দ্ৰ নাথে তেওঁৰ আত্মীয় এগৰাকী ছাত্ৰীক পৰীক্ষা আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰশ্নৰ উত্তৰসমূহ লিখি দিয়াৰ অভিযোগ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰীক্ষা কেন্দ্ৰটোত। 

ইংৰাজী বিষয়ৰ পৰীক্ষাৰ দিনাও এইগৰাকী শিক্ষকে একেগৰাকী ছাত্ৰীক প্ৰশ্নৰ উত্তৰ শিকাই দিয়া বুলি আন পৰীক্ষাৰ্থীয়ে অভিযোগ আনিছে। পৰিস্থিতি উত্তপ্ত হোৱাত দৰং জিলাৰ বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শকৰ দায়িত্বত থকা দৰং জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত মণিকা বৰগোঁহাঞি পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ শিক্ষকগৰাকীক আগন্তুক পৰীক্ষাসমূহৰ নিৰীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে আৰু দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথে উক্ত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে৷