Logo
image

পুনৰ পৰীক্ষাত ফেইল চৰকাৰ

আমাৰ অসম, ৭ মাৰ্চঃ নিজেই পতা পৰীক্ষাত বাৰে বাৰে যেন ‘ফেইল’ কৰিছে অসম চৰকাৰে৷ সেয়া লাগে মেট্ৰিক-উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাই হওক, চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাই হওক নাইবা প্ৰাথমিক বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষাই হওক৷ যিকোনো পৰীক্ষাত প্ৰশ্নকাকত ফাদিল তথা অনিয়ম সংঘটিত হোৱাটো অসম মুলুকত সাধাৰণ কাৰ্যত পৰিণত হৈছে৷ চলিত ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বৰ্তমানলৈ অনুষ্ঠিত হোৱা ইংৰাজী আৰু গণিত দুয়োটা বিষয়ৰে প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ পাছতেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত চৰকাৰ তথা পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা মাধ্যমিক শিক্ষা পৰিষদ  চমুকৈ ছেবাৰ ব্যৰ্থতাকে প্ৰতীয়মান কৰিছে৷ কেৱল মেট্ৰিক পৰীক্ষাই নহয়, দিনচেৰেক পূৰ্বে অনুষ্ঠিত হৈ যোৱা শিক্ষা সংসদৰ পৰিচালিত উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকতো পৰীক্ষাৰ মাজতেই মোবাইলত ভাইৰেল হৈ পৰিছিল৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে ছেবাই পৰিচালনা কৰা নিযুক্তি সম্পৰ্কীয় কেইবাটাও পৰীক্ষাত অনিয়মৰ অভিযোগ আছে৷ ছেবাই পৰিচালনা কৰা ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ পদৰ পৰীক্ষাতো মোবাইল ব্যৱহাৰৰ গুৰুতৰ অভিযোগ উঠিছিল যদিও সেই অভিযোগক কোনো গুৰুত্ব নিদিলে কতৃৰ্পক্ষই৷ 

তদুপৰি বিগত বৰ্ষত অনুষ্ঠিত আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাতো প্ৰশ্নকাকত বাহিৰলৈ আনিছিল পৰীক্ষাৰ্থীয়ে৷ অথচ কোনো পৰীক্ষাৰ্থীকে প্ৰশ্নকাকত ঘৰলৈ আনিবলৈ অনুমতি নাছিল৷ কেৱল ছেবাই পৰিচালনা কৰা পৰীক্ষাই নহয়, এ পি এছ চিৰ লগতে ৰাজ্য চৰকাৰৰ আন আন নিযুক্তি পৰীক্ষাতো অনিয়মৰ অভিযোগ আছে৷ শেহতীয়াকৈ স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰা চাকৰিৰ পৰীক্ষাতো প্ৰশ্নকাকত তথা অ’ এম আৰ শ্বীট মোবাইলত ভাইৰেল হৈছিল৷ একেদৰে লখিমপুৰ মেডিকেল কলেজৰ পৰীক্ষাতো অনিয়ম সংঘটিত হৈছিল৷ পূৰ্বৰ বিজেপি চৰকাৰৰ কাৰ্যকালত আৰক্ষী উপ-পৰিদৰ্শক, এ পি ডি চি এল, গাঁওবুঢ়া, জলসিঞ্চনৰ দৰে বিভাগৰ নিযুক্তি পৰীক্ষা দুৰ্নীতি-অনিয়মৰ বাবেই বাতিল কৰিবলগীয়া হৈছিল৷ আনকি এনে নিযুক্তি কেলেংকাৰিত জড়িত আই এ এছ, এ পি এছ বিষয়াৰ লগতে মন্ত্ৰীৰ অ’ এছ ডি পৰ্যন্ত গ্ৰেপ্তাৰ হোৱাৰ উদাহৰণ আছে৷ বৰ্তমান একাংশ বিভাগত ঢাক-ঢোল বজাই নিযুক্তি পত্ৰ বিতৰণ কৰিলেও নিযুক্তি প্ৰক্ৰিয়াটো সন্দেহৰ ঊধবৰ্ত নহয়৷ মুঠৰ ওপৰত পৰীক্ষাক লৈ চৰকাৰে বাৰে বাৰে যেন ফেইল কৰি আহিছে৷ ইফালে বছৰি বছৰি মেট্ৰিকত প্ৰশ্নকাকত ফাদিল হোৱাটো ছেবাৰ অঘোষিত পৰম্পৰাত পৰিণত হৈছে৷ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত জড়িত গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ ক্ষেত্ৰত ল’ৰা ধেমালি কৰি আহিছে ছেবাই৷ কিন্তু ইয়াৰ পাছতো ছেবাৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে অজ্ঞাত কাৰণত কোনো ব্যৱস্থা নলয় দিছপুৰে৷ কেৱল সচিবজনৰ ওপৰতে সকলো অভিযোগ জাপি দি বদলি কৰিয়েই দায়িত্ব সামৰে চৰকাৰে৷ পৰিণতিত উদ্বেগহীনভাৱে কোনো এবাৰো পৰীক্ষাত বহিব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকলে৷ 

কিন্তু ছেবাৰ বিৰুদ্ধে প্ৰতিবাৰে গুৰুতৰ অভিযোগ উঠিলেও ভুলৰ পৰা যেন শিক্ষা ল’ব নিবিচাৰে৷ এক কথাত নাও বুৰিলেও টিঙৰ পৰা নানামে ছেবাই৷ আনকি নিজৰ ব্যৰ্থতা ঢাকিবলৈ প্ৰাকে প্ৰকাৰন্তৰে ছেবাৰ দুষ্কাৰ্যকে সমৰ্থন কৰে বিভাগীয় মন্ত্ৰী তথা চৰকাৰে৷ ৩ মাৰ্চত অনুষ্ঠিত হোৱা মেট্ৰিকৰ ইংৰাজী বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ ৮ মিনিটৰ পাছতে ফাদিল হৈছিল যদিও ছেবা কতৃৰ্পক্ষই সেই অভিযোগক  নস্যাৎ কৰিছিল৷ উক্ত দিনা পুৱা জ্ঝ.০৮ বজাত মোবাইলত প্ৰশ্নকাকতৰ ফটো তোলাৰ স্পষ্ট প্ৰমাণ আছিল৷ অথচ পৰীক্ষা হলত মোবাইল লৈ শিক্ষক-পৰীক্ষাৰ্থীৰ প্ৰৱেশত নিষেধাজ্ঞা আছিল৷ কিন্তু ইয়াৰ পাছতো পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টাৰ পাছত প্ৰশ্নোত্তৰ লিখিব নোৱৰা পৰীক্ষাৰ্থী পৰীক্ষা হলৰ পৰা ওলাই যাব পাৰে বুলি যুক্তি দিছিল ছেবাই৷ এঘণ্টাৰ পাছত ওলাই যোৱা পৰীক্ষাৰ্থীয়ে হলৰ বাহিৰত মোবাইলত প্ৰশ্নকাকতৰ ফটো তুলিলে প্ৰশ্নকাকত ফাদিল হোৱা বুলি নকয় বুলিও আজৱ মন্তব্য কৰিছিল ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে৷ ইফালে ছেবাৰ সুৰতে সুৰ মিলাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও ইংৰাজী প্ৰশ্নকাকত ফাদিলৰ বাতৰিৰে হাঁহিবলৈ অৱকাশ দিয়া বুলি কৈ বিষয়টো গাপ দিছিল৷ দায়িত্বশীল মন্ত্ৰীজনে অভিযোগৰ তদন্ত দি ছাত্ৰ-ছাত্ৰীৰ সন্দেহ দূৰ কৰিব লাগিছিল যদিও স্বভাৱসুলভ টুলুঙা মন্তব্যৰে প্ৰশ্নকাকত ফাদিলৰ সত্যতাক হাঁহিৰে উৰুৱাই দিছিল৷ ইফালে মেট্ৰিকৰ দ্বিতীয় দিনা গণিতৰ পৰীক্ষাৰো পুনৰ  প্ৰশ্নকাকত ফাদিল হোৱাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজৰ বিভাগৰ ব্যৰ্থতা ঢকাৰ বাবেই যে সত্যতাক বেপেৰুৱা বক্তব্যৰে খণ্ডন কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে৷ ইফালে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে অৱশেষত গণিতৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ অভিযোগক মানি ল’বলৈ বাধ্য হ’ল৷ সোমবাৰে মোবাইলত গণিতৰ প্ৰশ্নকাকতৰ ফটো তুলি ভাইৰেল কৰাৰ সন্দেহত কাছাৰৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ দলুগ্ৰামৰ ইউনিয়ন হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা এটা মোবাইল ফোন জব্দ কৰা বুলি জিলাখনৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে৷