Logo
image

বলীউডক অসমলৈ মাতিবলৈ মুম্বাইৰ পঞ্চতাৰকা হোটেলত বাহৰ মন্ত্ৰী-বিষয়াৰ

আমাৰ অসম, ৭ মাৰ্চঃ অসমৰ পৰ্যটন উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কোটি কোটি টকাৰ চুক্তিৰে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচাদৰ পাতিছিল ৰাজ্য চৰকাৰে৷ পৰ্যটকক আকৰ্ষণৰ বাবে নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ লগতে ৰাজকোষৰ ধন ব্যয় কৰি বলীউডৰ ফিল্মফেয়াৰ বঁটা অনুষ্ঠানৰো আয়োজক হৈছিল অসম চৰকাৰ৷ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰচাৰ-প্ৰসাৰৰ নামত শ শ কোটি টকা অসম চৰকাৰৰ ৰাজকোষৰ ধন খৰচ কৰাৰ পাছত পৰ্যটন উদ্যোগলৈ কিমান ৰাজহ আহিছে, তাৰ হিচাপ নাই যদিও পুনৰবাৰ পৰ্যটনৰ বিকাশৰ বাবে বলীউডৰ পৰিচালকৰ শৰণাপন্ন হৈছে অসম চৰকাৰ৷ পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে বলীউডৰ পৰিচালকক অসমক শ্বুটিংস্থলী হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই ৰাজ্য চৰকাৰে মায়ানগৰী মুম্বাইৰ পঞ্চতাৰকা হোটেলত আয়োজন কৰিছে মেগা ইভেণ্ট৷ অসমক চিনেমা পৰ্যটন বান্ধৱ ৰাজ্য হিচাপে প্ৰচাৰ কৰি চিনেমাৰ শ্বুটিঙৰ পথ সুচল কৰাৰ উদ্দেশ্যেৰে মুম্বাইৰ গ্ৰেণ্ড হায়াট হোটেলত ৰ’ড শ্বোৰো আয়োজন কৰে৷ 

অসম চৰকাৰৰ পৰ্যটন বিভাগে কোটি টকা ব্যয়েৰে আয়োজন কৰা এই মেগা ইভেণ্টৰ বাবে ইতিমধ্যে মায়ানগৰীৰ গ্ৰেণ্ড হায়াটৰ বিলাসী কোঠাত বাহৰ পাতিছে ৰাজ্যৰ কেইবাজনো শীৰ্ষ আমোলাই৷ পঞ্চতাৰকা হোটেলখনত সোমবাৰে অনুষ্ঠিত ৰ’ড শ্ব’ত অসম চৰকাৰৰ এটিডিচিৰ অধ্যক্ষ, উপাধ্যক্ষৰ লগত পৰ্যটনৰ অতিৰিক্ত মুখ্য সচিব, সচিব আৰু আন আন শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে৷ এই কাৰ্যসূচীতে মহাৰাষ্ট্ৰ পৰ্যটন নিগম আৰু অসম পৰ্যটন নিগমৰ মাজত এখন চুক্তিৰো স্বাক্ষৰ হয়৷ অৱশ্যে অসমৰ পৰ্যটনৰ প্ৰসাৰৰ বাবে আয়োজন কৰা অনুষ্ঠানৰ বাজেট ৰাজহুৱা নকৰিলেও এই পদক্ষেপে বলীউডৰ ছবি শ্বুটিংস্থলী হিচাপে এতিয়া পৰিচালকসকলে অসমক বাছনি কৰাৰো আশা ব্যক্ত কৰিছে উদ্যোক্তাসকলে৷ তদুপৰি অৱসৰকালীন সময়, দুঃসাহসিক ক্ৰীড়া আৰু বন্য  জীৱনধাৰাৰ বাবেও অসমৰ পৰ্যটনে এতিয়াৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বিশেষভাৱে সমাদৰ লাভ কৰিব বুলিও দাবী কৰা হৈছে৷ মুম্বাইত অনুষ্ঠিত মেগা ইভেণ্টত ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় – ‘আমি অসমক চিনেমা পৰ্যটন বান্ধৱ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন পন্থা হাতত লৈছো৷ চিংগল উইণ্ড অনুজ্ঞাপত্ৰৰ জৰিয়তে বিভিন্ন ঠাইত সহজেই শ্বুটিঙৰ অনুমতি দিয়াৰ লগতে নিৰ্মাতাসকলকো প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ’ব৷ অসমৰ যাতায়ত ব্যৱস্থা বহু উন্নত বাবে এতিয়া সহজেই দেশৰ যি কোনো ঠাইৰ সৈতে যোগাযোগ সম্ভৱ৷ শান্তিপূৰ্ণ প্ৰকৃতিৰ অপূৰ্ব সম্ভাৰ অসম ইয়াৰ আধ্যাত্মিক পৰিৱেশ, বন্য জীৱনধাৰা, নদী সংস্কৃতি আৰু দুঃসাহসিক পৰ্যটনৰ বাবে প্ৰসিদ্ধ৷ ‘‘ অসম পৰ্যটন উন্নয়ন নিগমৰ পৰ্যটন সচিব পদ্মপাণী বৰাই ভাষণ প্ৰসংগত কয় -২০২২ চনটোত অসমে ২০২১তকৈ ৫১১ শতাংশ ঘৰুৱা আৰু ৭৬৩ শতাংশ বিদেশী পৰ্যটক বৃদ্ধিৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ 

অনুষ্ঠানত সুদক্ষ অভিনেতা অসম সন্তান আদিল হুছেইনে কয় ‘‘অসম চৰকাৰ বিশেষকৈ পৰ্যটন বিভাগে অসমক শ্বুটিং পৰ্যটন বান্ধৱ ৰাজ্য হিচাপে গঢ়ি তোলাৰ পদক্ষেপ অতি আকাংক্ষিত আৰু অতি প্ৰয়োজনীয়৷ মই আশা কৰিম হিন্দী চিনেমা জগত আৰু অ’ টি টি মঞ্চসমূহে তেওঁলোকৰ পৰৱৰ্তী প্ৰকল্পসমূহত অসমৰ অসূৰ্যস্পৰ্শা আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে ৰাজ্যখনৰ ঐশ্বৰ্যময় সংস্কৃতিক আৱিষ্কাৰ কৰিব৷ মই মোৰ জীৱনকালতে অসমক বিশ্বৰ ভিতৰতে এখন প্ৰসিদ্ধ চিনেমা পৰ্যটন থলী হিচাপে চাব বিচাৰো যাতে সমগ্ৰ বিশ্বৰ দৰ্শক ইয়াৰ সৈতে পৰিচিত হ’ব পাৰে৷ অসম পৰ্যটনৰ শক্তিশালী উপস্থাপনেৰে প্ৰস্তুত কৰা ৰ’ড শ্ব’টোৰ আৰম্ভণিৰ ভিডিঅ’টোত অসমৰ কিছু সংখ্যক বিশেষ পৰ্যটন থলী আৰু তাত দেশ-বিদেশৰ বিভিন্ন পৰ্যটকে কেনে ধৰণেৰে আমোদ লয় তাক প্ৰদৰ্শন কৰা হয়৷ ইয়াৰ লগতে পৰ্যটন থলীসমূহত উপলব্ধ বিভিন্ন আমোদ-প্ৰমোদৰ সুবিধা আৰু এইসমূহ কি দৰে কাৰ্যকৰী কৰিব পাৰি সেই সন্দৰ্ভতো আলোকপাত কৰা হয়৷ উক্ত কাৰ্যসূচীত ‘‘সম্ভাৱনাময় চিনেমা পৰ্যটন কেন্দ্ৰ হিচাপে অসম’’ শীৰ্ষক এলানি বিশেষ আলোচনাচক্ৰও অনুষ্ঠিত হয়৷ আলোচনা চক্ৰখনত উপস্থিত থাকে শোভা চাণ্ট, হেড কনটেণ্ট এলায়েন্সেচ, জিঅ’ ষ্টুডিঅ'ছ, বৈভৱ মোডী, গ্ৰুপ হেড এড চেলছ - ভাঅ’, মুম্বাই, জীনেশ শ্বাহ- হেড, অৰিজিনেলচ, ৰয় কাপুৰ ফিল্মছ, মহেশ মঞ্জেৰকাৰ, অভিনেতা, পৰিচালক, সুমিত কাপাহী, পৰিচালক-আবুনদানিতা এণ্টাৰটেইনমেণ্ট, অভিমন্যু ৰয়, কাষ্টিং ডাইৰেক্টৰ; পাপন, পদ্মকুমাৰ নৰসিংহমূৰ্তি, পৰিচালক, পাৰ্থসাৰথি মহন্ত, ডি আই জি আৰু কৰণ অৱেৰয়৷