Logo
image

গাঞ্জাৰ পৰা শিৱ মন্দিৰবোৰক আঁতৰত ৰাখক, শিৱই কেতিয়াও গাঞ্জা খোৱা নাছিলঃ চন্দ্ৰমোহন শৰ্মা

ডিজিটেল সংবাদ, বজালীঃ আমাৰ চাৰিওপিনে নিতৌ স্থাপন হ'ব ধৰিছে শিৱ মন্দিৰ৷ জ্ঞান আৰু আধ্যাত্মিকতাবাদৰ প্ৰতীক আমাৰ এই মন্দিৰবোৰ ৷ প্ৰতিদিনে ভক্তপ্ৰাণ ৰাইজে এই মন্দিৰত পূজা-অৰ্চনা কৰি মনৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰে ৷ ইয়াৰ বিপৰীতে এচাম ভক্তপ্ৰাণ তথা যুৱ প্ৰজন্মই যথেমধে শিৱ মন্দিৰ স্থাপন কৰি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিছে ৷ নতুকৈ শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি ধৰ্মক দোহাই গাঞ্জা সেৱন কৰিলে মন্দিৰৰ পবিত্ৰ ৰক্ষা কৰাটো নুবুজাই৷ হিন্দুসকলৰ সনাতন ধৰ্মক উচ্চ স্থান প্ৰদান কৰিবলৈ হলে গাঞ্জাৰ পৰা শিৱ মন্দিৰবোৰক আঁতৰত ৰাখিব লাগিব৷ ভগৱান শিৱই গাঞ্জা সেৱন কৰিছিল বুলি কোনো পুৰাণত উল্লেখ নাই ৷ এই মন্তব্য শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক চন্দ্ৰ মোহন শৰ্মাৰ ৷


অলপতে বজালী মহকুমাৰ দলৈ গাওঁ শিৱ মন্দিৰৰ বাকৰিত শৈৱ মহাসংঘৰ বৰপেটা জিলা সমিতি গঠন কৰাৰ উদ্দেশ্য আয়োজন কৰা এক সভাত অংশগ্ৰহন কৰি শৰ্মাই কয় যে এতিয়া এচাম যুৱ প্ৰজন্মই প্ৰতিষ্ঠা কৰা শিৱ মন্দিৰৰ বাকৰিত গাঞ্জা সেৱন কৰা দৃশ্য প্ৰত্যক্ষ কৰিলে একাংশ সচেতন লোকে শিৱ মন্দিৰত প্ৰৱেশ কৰিবলৈ সংকোচ কৰে৷ সমগ্ৰ বিশ্বৰ শৈৱ ভক্তসকলক একত্ৰিত কৰি সামূহিক শৈৱ ভক্ত জাগ্ৰত কৰাৰ মানসেৰে আয়োজন কৰা সভাত সভাপতিত্ব কৰে টিহু নিবাসী বিশিষ্ট সমাজকৰ্মী কুমুদ ভট্টাচাৰ্য্যই ৷ বিশিষ্ট লেখক কবি অনুপ পাটোৱাৰীয়ে আঁত ধৰা এই ব্যতিক্ৰমী সভাত সভাপতি ভট্টাচাৰ্যই কয় ভক্তি মাৰ্গৰে মানৱ জীৱনৰ মন প্ৰাণ সুন্দৰ হৈ থাকে আৰু সুন্দৰ আৰধনাৰে আমাৰ সমাজখন গ্লানি মুক্ত কৰিব পাৰি ৷ সভাত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে বক্তব্য প্ৰদান কৰে৷ আনহাতে এই সভাতে অনুপ কুমাৰ পাটোৱাৰীক সভাপতি দিনেশ ৰয় আৰু জগন্নাথ দেক সাধাৰণ সম্পাদকৰ দায়িত্ব দি ২০জনীয়া অসম শৈৱ মহাসংঘৰ বৰপেটা জিলা সমিতি গঠন কৰা হয় ৷