Logo
image

আবিৰ, ধূলিৰে একাকাৰ দৌলোৎসৱ

আমাৰ অসম, ৯ মাৰ্চঃ  ‘ফাগু খেলে কৰুণাময়, এ নন্দ কুমাৰ... আৱিৰৰ ৰঙেৰে ৰাঙলী হৈছে ফাগুনৰ আকাশ৷ ফাগুন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদ্‌যাপন কৰা ৰঙৰ উৎসৱ হৈছে ফাকুৱা৷  ফাকুৱাক হোলি, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে ঠাই বিশেষে কোৱা হয়৷ সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ হিন্দুসকলৰ  আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়৷ ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে৷ পৌৰাণিক আখ্যানত এই দিনটোক ‘কাম দহনৰ দিন’ বুলি উল্লেখ আছে৷ আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল৷ হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ’ল৷ হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে৷ প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পাছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব৷ এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি৷ সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়৷ ফাকুৱাৰ লগত জড়িত অসমৰ উৎসৱক ‘ফল্গুৎসৱ’ বা ‘‘দৌল উৎসৱ’’ বোলা হয়৷ বৰপেটাত দৌলোৎসৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়৷ ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়৷ অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে৷  ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল৷ দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত৷ সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক ‘দেউল’ বোলা হয়৷ এইবাৰো ৰাজ্যৰ ঠাই বিশেষে দুই তিনি দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ফাকুৱা উৎসৱ৷ উজনি নামনিত এতিয়া ফাকুৱা উৎসবকলৈ ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে৷ এইবাৰ ক’ভিডৰ পাছত মানুহে মুক্ত মনে ৰঙৰ উৎসৱ পালন কৰে৷ বুধবাৰ দিনটোত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা, মাজুলী,  বৰদোৱা, উত্তৰ গুৱাহাটীৰ শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰটো বহু ভক্তৰ সমাবেশ হয়৷ বিশেষকৈ বৰপেটাৰ কীত্তৰ্নঘৰৰ চৌদিশ মুখৰিত হৈ পৰে হোলী গীতেৰে৷ শিশুৰ পৰা বৃদ্ধ লৈ সকলোৱে হোলী গীত পৰিবেশন কৰি এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি কৰে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ফাকুৱা উপলক্ষে মঙলবাৰৰ পৰা উছাহৰ ঢল ববলৈ ধৰে৷ বুধবাৰৰ দিনতোত বাণিজ্যৰ কেন্দ্ৰ ফাঁচী বজাৰতো ব্যাপক উছাহ উদ্দীপনা দেখা যায়৷ ইয়াৰ সমন্তৰালকৈ নামঘৰ সমূহতো পুৱাৰে পৰা বহু সংখ্যক ভক্তৰ সমাবেশ ঘটে৷ ইজনে সিজনক আবিৰ সানি আনন্দ ফূৰ্তি কৰাৰ লগতে ভগৱানৰ ওচৰত দেশৰ দহৰ মংগল কামনা কৰে৷ অৱশ্যে এইবাৰ ৰাজ্যৰ অন্যান্য প্ৰান্ততকৈ গুৱাহাটী মহানগৰীত বৰষুণৰ মাত্ৰা হ্ৰাস পাবলৈ ধৰিছে৷ যাৰফলত আবিৰ,  ধূলি-বালিৰে একাকাৰ হৈ পৰা গুৱাহাটী মহানগৰী৷ গুৱাহাটীৰ বহু অঞ্চলত খোৱা পানীৰ তীব্ৰ নাটনি হোৱাৰ লগতে বহু লোকে গা-ধুবলৈ পানীৰ অভাৱ হোৱা বাবে ফাকুৱাৰ আনন্দ লোৱাৰ পৰা বিৰত থাকিব লগীয়া হয়৷  সমগ্ৰ দেশ তথা ৰাজ্যত জলবায়ুৰ পৰিৱৰ্তনে জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ তাৰমাজতে বহুলোকে কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰি ফাকুৱা উৎসৱ পালন কৰি আহিছে৷

ভৰদৌলৰ দিনা লোকাৰণ্য বৰপেটা সত্ৰ

ভাই দেখো কমলাপতিযদৌলৰ উপৰে....বৈকুণ্ঠৰ নাথ দৌল-ৰসে কেলি কৰে ....সত্ৰনগৰী বৰপেটাৰ দৌল উৎসৱৰ আজি দ্বিতীয় দিন৷ আজি বৰপেটাত উদ্‌যাপন কৰা হয় ভৰদৌল৷ বিশাল আয়োজনেৰে উদ্‌যাপিত দৌল উৎসৱ উপলক্ষে হৰিনাম কীত্তৰ্ন আৰু হোলী গীতৰ গুঞ্জনত দিনে- নিশাই মুখৰ হৈ আছে বৰপেটা সত্ৰ৷ কৃষ্ণ ভক্তি-ৰস আৰু ৰঙৰ মহামেলাত উবুৰি খাই পৰিছে অগণন লোক৷ উল্লেখ্য, ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালিত হোৱা শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজি তৃতীয় দিনাও লোকাৰণ্য হৈ পৰে বৰপেটা সত্ৰ৷ বৰপেটাবাসীৰ ওপৰি ভিন্ন প্ৰান্তৰ পৰা অহা অগণন লোকে গোসাঁইক সেৱা জনাবলৈ পুৱাৰে পৰা সত্ৰৰ চৌহদত ভিৰ কৰা পৰিলক্ষিত হয়৷ দিনৰ ভাগত অগণন লোকে সত্ৰৰ চৌহদত উপস্থিত হৈ নিজৰ মনোকামনা সিদ্ধিৰ বাবে দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক ফাকুগুড়িৰে সেৱা জনায়৷ আনহাতে, কিশোৰ-চেমনীয়াসকলে ইজনে-সিজনৰ মুখত নানাৰঙী আবিৰ সানি তাল-খোল, খঞ্জৰি লৈ গোৱা হোলী গীতসমূহে ভৰদৌলৰ দিনটোক অধিক আকৰ্ষণীয় কৰি তোলে৷ আনহাতে, চহৰখনৰ বাইশখন হাটীৰ অলিয়ে-গলিয়ে ডেকাসকলে লগ হৈ গোৱা হোলীগীতসমূহে দৌলোৎসৱৰ পৰিৱেশটো অধিক জীপাল কৰি তুলিছে৷ হোলীগীতৰ মূৰ্ছনাত মুখৰ হৈ পৰিছে চৌদিশ৷ তদুপৰি, চহৰখনৰ বজাৰে-সমাৰে, হাটীসমূহত বিভিন্ন মুখাকৃতি আৰু ৰং-বিৰঙৰ আবিৰৰ দোকানসমূহে সকলোকে আকৰ্ষিত কৰা দেখা গৈছে৷ কালি পুৱা বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে ফাকুগুড়িৰে গোসাঁইক সেৱা জনোৱাৰ পাছত ভক্তপ্ৰাণ ৰাইজে ফাকুগুড়ি আগবঢ়াই সেৱা জনায়৷ সন্ধিয়া লোকে লোকাৰণ্য হৈ পৰে সত্ৰ চৌহদ৷ ভৰদৌলৰ দুয়োদিন পুৱা কীত্তৰ্নঘৰত নিত্য প্ৰসংগ শেষ হোৱাৰ পাছত যোগমোহন গৃহত ক্ৰমে আইসকলৰ প্ৰসংগ, বাপুসকলৰ প্ৰসংগ, ভাগৱত পাঠ, গায়ন-বায়ন, ভোজন ব্যৱহাৰ, ঘোষা-কীত্তৰ্ন আৰু ব্যাস কীত্তৰ্ন অনুষ্ঠিত হয়৷ সন্ধিয়া সত্ৰৰ চৌহদৰ ৰংগমঞ্চত সত্ৰীয়া কলাকৃষ্টি, লোকসংগীত সমাৰোহ, হোলীগীতৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা দৌল মহোৎসৱ উপভোগ কৰিবলৈ অহা যাত্ৰীসকলক সত্ৰ সমিতিৰ তৰফৰ পৰা সিধা বিতৰণৰ দিহা কৰিছে৷ ইপিনে, ৰাজ্যবাসীয়ে আজি ৰঙৰ উৎসৱ ফাকুৱা উদ্‌যাপন কৰাৰ বিপৰীতে বৰপেটাবাসীয়ে কিন্তু কাইলৈহে ফাকুৱা উদ্‌যাপন কৰিব৷ কাইলৈ গোসাঁইক পুৱা ৪.২০ বজাত গোসাঁইক দৌলগৃহৰ পৰা নমোৱাৰ পাছত বিয়লি ৩.৩০ বজাত বৰপেটা সত্ৰৰ পৰা ডেৰ কিলোমিটাৰ নিলগৰ কলবাৰীৰ পৰা হেকেটা খুৱাবলৈ নিয়া হ’ব৷ হেকেতা খুৱাই পুনৰ বৰপেটা সত্ৰলৈ ঘূৰাই অনাৰ সময়ত সত্ৰৰ টুপৰ চোতালত বাঁহভঙা পৰ্ব অনুষ্ঠিত হ’ব৷ ইয়াৰ পাছত গোসাঁইক কীত্তৰ্নঘৰৰ চৌপাশে সাতপাক ঘূৰোৱাৰ সময়তে মঠৰ চোতালত লক্ষ্মী আৰু কৃষ্ণৰ মাজত হোৱা বাদানুবাদৰ এক বাটৰ নাটসদৃশ বোলবোলনি অনুষ্ঠান অনুষ্ঠিত হ’ব৷ তাৰ পাছতে দৌল মহোৎসৱৰ আনুষ্ঠানিক সামৰণি পৰিব৷

বটদ্ৰৱা থানৰ দৌলোৎসৱত নিৰ্মালি ল’লে সোণোৱালে

দৌল পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত ফাকুৱা উপলক্ষে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷  মন্ত্ৰীজনে সেৱা গ্ৰহণ কৰি বটদ্ৰৱা থানৰ পৰা অসমবাসী ৰাইজক ফাকুৱাৰ শুভকামনা জ্ঞাপন কৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে জাতীয় সাজ পৰিধান কৰি সেৱা-নিৰ্মালী গ্ৰহণ কৰে৷ উল্লেখ্য, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ২১ বছৰ বয়সতে বটদ্ৰৱাত এই দৌল পূৰ্ণিমাতে গোবিন্দ গোসাঁইৰ শিৰত ফাকু দি আনন্দদায়ক উৎসৱ ফাকুৱাৰ সূচনা কৰিছিল৷ সেই মহান ঐতিহাসিক সৰোগত কৰি ৫৫০ বছৰৰ পৰম্পৰাৰে বটদ্ৰৱা থানত প্ত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দৌলযাত্ৰা মহোৎসৱ৷ আজি দ্বিতীয় দিনা দৌল পূৰ্ণিমা বা ফল্গু পূৰ্ণিমা৷ পুৱা তাল কোবোৱা প্ৰংসগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গ, ডেৰপৰীয়া প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচীৰ পাছত বিয়লি গোবিন্দ গোসাঁইৰ শিৰত ফাকু দিয়া হ’ব৷ ইফালে দৌল উৎসৱ উপলক্ষে পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱৰ উপস্থিতিত উখল-মাখল হৈ পৰিছে বটদ্ৰৱা ধাম৷ ভকত-বৈষ্ণৱৰ হৰিনামৰ অমল ধবনিৰে মুখৰিত হৈছে আকাশ-বতাহ৷

কৈঠালকুছিৰ কলীয়া গোসাঁই সত্ৰত দৌলোৎসৱ

নলবাৰী জিলাৰ কৈঠালকুছিৰ শ্ৰীশ্ৰী কলীয়া গোসাঁইৰ সত্ৰত ছয় মাৰ্চৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় দৌল উৎসৱ৷ ছয় মাৰ্চৰ দিনা পুৱা দৌল উৎসৱৰ পতাকা উত্তোলন কৰে দৌল উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি ধৰ্মকান্ত তালুকদাৰে৷ সিদিনা পুৱাই গছপুলি ৰোপণ কৰে প্ৰাক্তন সভাপতি উমেশ চন্দ্ৰ তালুকদাৰে৷ দৌল উৎসৱ উদ্বোধন কৰে নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰে৷ দৌল উৎসৱ উদ্বোধন কৰি তালুকদাৰে কয়– দৌল উৎসৱ হৈছে শ্ৰেণীবিহীন সমাজৰ প্ৰতীক৷ দৌল উৎসৱৰ জৰিয়তে এখন উচ্ছ আধ্যাত্মিক আৰু শ্ৰেণীবিহীন সমাজ গঢ়িবলৈ আমি সংকল্পবদ্ধ হ’ব লাগে৷ উল্লেখ্য, আহোমৰ ৩১নং স্বৰ্গদেউ শিৱসিংহই অষ্টাদশ শতিকাত ১৯৩ বিঘা ভূমি দান দি শ্ৰীশ্ৰী কলীয়া গোসাঁই সত্ৰ স্থাপন কৰিছিল৷ তেতিয়াৰ পৰা কলীয়া গোসাঁই সত্ৰত দৌলপূৰ্ণিমা উদ্‌যাপন কৰি আহিছে৷ ৩৮ বছৰ পূৰ্বৰ পৰা এই দৌল উৎসৱ বিশাল আয়োজনেৰে উদ্‌যাপন কৰি আহিছে স্থানীয় লোকসকলে৷

ৰঙে-ৰসে মুখৰ কদমতলী সত্ৰ

দৌল উৎসৱ উপলক্ষে হৰিনাম, অমৃত বাণীৰ ধবনি আৰু নানাবৰণৰ ৰঙৰে একাকাৰ হ’ল কামৰূপ জিলা আৰু দৰং জিলাৰ সীমান্তৱৰ্তী দুমুনীচকীৰ কদমতলী সত্ৰ৷ কদমতলী সত্ৰত আয়োজিত শ্ৰীশ্ৰী কৃষ্ণৰ দৌল উৎসৱ উপলক্ষে দুটাকৈ দিন অঞ্চলটো লোকাৰণ্যত পৰিণত হোৱাৰ লগতে পাৰভঙা উছাহৰ সৃষ্টি হয়৷ বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ চন্দ্ৰকান্ত গোস্বামীয়ে ৬ মাৰ্চৰ পুৱা ধৰ্মধবজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা এই উৎসৱৰ বিপুল হৰ্ষোল্লাসৰে জ্জ মাৰ্চৰ নিশা সামৰণি পৰে৷ প্ৰথমদিনা উৎসৱৰে সংগতি ৰাখি স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আদিৰ লগতে স্থানীয় আয়তীৰ দ্বাৰা পানী তোলা হয়৷ বিয়লি এক শোভাযাত্ৰাৰে গায়ন-বায়নৰ দ্বাৰা গোসাঁই অনা হয় কদমতলী সত্ৰলৈ৷ সন্ধিয়া হোমাৰম্ভ আৰু কীত্তৰ্ন পাঠ কৰা হয়৷ ইয়াৰ পাছত সহস্ৰাধিক ভক্তই মন্দিৰৰ চাৰিওফালে কৰা আৰিয়া প্ৰজ্বলনত বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰ সমাগমত সত্ৰ পৰিণত হয় জনসমুদ্ৰত৷ নিশা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে নাট মঞ্চস্থ কৰে৷ দ্বিতীয় দিনা পুৱা স্বচ্ছ অভিযানৰ পাছত দেৱদৌলত পূজা আৰম্ভ হয়৷ লগে-লগে দবা-শংখ আয়তীৰ উৰুলি, গায়ন-বায়নৰ খোল-তালৰ মাংগলিক ধবনি আৰু জাউৰিয়ে জাউৰিয়ে গোৱা হোলী গীতৰ লগতে হৰিনামৰ মন-প্ৰাণ হৰি নিয়া সুৰে সত্ৰৰ আকাশ-বতাহ পুলকিত কৰি তোলা এক পৰিৱেশত দৌলত গোসাঁই স্থাপন কৰা হয়৷ ইয়াৰ পাছত ছোৱালীৰ নাগাৰা নাম পৰিৱেশন কৰা হয়৷ সত্ৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকাই সেৱা লৈ মুখ্যমন্ত্ৰীৰ হৈ আটাইকে শুভেচ্ছা জনায়৷ তদুপৰি, দূৰ-দূৰণিৰ পৰা অহা অগণন ভক্তই নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে অগণিত ধূপ-দীপ জ্বলোৱাত সত্ৰৰ পৰিৱেশে লাভ কৰে অনন্য মাত্ৰা৷

জনসমুদ্ৰত পৰিণত বাঁহবাৰী কলিয়া গোসাঁই থান

আনন্দ আৰু ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱ তেজপুৰৰ বিভিন্ন স্থানত ধৰ্মীয় পৰম্পৰা তথা উলহ-মালহেৰে অনুষ্ঠিত হৈছে৷ এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ মধ্যস্থল থিয়আটিত অৱস্থিত শ্ৰীশ্ৰীকলিয়া গোসাঁই থানত মঙলবাৰৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাকুৱা আৰু দৌল উৎসৱ আৰম্ভ হৈছে৷ উল্লেখ্য, ২৯ বছৰীয়া দৌল উৎসৱৰে সমৃদ্ধ শ্ৰীশ্ৰীকলিয়া গোসাঁই থানত এইবাৰ এই উৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ উদযাপন কৰা হৈছে৷ কালি পুৱা উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ বৰুৱাই মূল পতাকা উত্তোলন কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ২৫গৰাকী নামঘৰীয়াই ২৫খন পতাকা উত্তোলনৰে ৰূপালী জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ আনহাতে, দৌল পূৰ্ণিমা উৎসৱ উপলক্ষে পুৱা শ্ৰীশ্ৰীকলিয়া গোসাঁই থান লোকে লোকাৰণ্য হৈ পৰে৷ বিভিন্ন জনগোষ্ঠীৰ অগণন ভক্তই ধূপ-বন্তি জ্বলায়৷ কঁকালভাগী মহিলা সমিতিয়ে হোলীগীত পৰিৱেশন কৰি এক অন্যমাত্ৰা প্ৰদান কৰে৷ ইফালে পুৱা মেলাৰ দ্বাৰ উন্মোচন কৰে তেজপুৰ মহাবিদ্যালয় অধ্যক্ষ ড॰ জ্যোতি কমল হাজৰিকাই৷ দুপৰীয়া এক বজাৰ পৰা শ্ৰীশ্ৰী কলিয়া গোসাঁই থান পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে অঃভাঃউঃসাঃসভাৰ তেজপুৰৰ সম্পাদক তথা লেখক শান্তনু বৰুৱা, ৰূপালী জয়ন্তী উপলক্ষে প্ৰস্তুত কৰি উলিওৱা স্মৃতি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাই আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে তেজপুৰ মহাবিদ্যালয় অধ্যক্ষ ড॰জ্যোতি কমল হাজৰিকাই৷ আজিও এই থানলৈ অজস্ৰ লোকৰ সমাগম ঘটে৷ আনহাতে, তেজপুৰৰ বিভিন্ন অঞ্চলৰ নামঘৰ তথা গাঁওসমূহত আজি পৰম্পৰা অনুসৰি গোসাঁই ফুৰুৱা হয়৷ ডেকাৰগাঁও, ঘৰপৰা চুবুৰী, পৰ্বতীয়া, মিলনপুৰ, মাজগাঁও বৰনামঘৰকে ধৰি তেজপুৰৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসংগ কৰাৰ লগতে গোসাঁই ফুৰুৱা হয়৷ চহৰখনৰ মাজমজিয়াত অৱস্থিত কামৰূপীয় সনাতন ধৰ্মমণ্ডলীৰ নামঘৰতো দৌল উৎসৱ উপলক্ষে কালি পূজা অনুষ্ঠিত হোৱাৰ লগতে নাম-প্ৰসংগ কৰা হয়৷ একেদৰে ঐতিহ্যমণ্ডিত নিকামূল সত্ৰতো নাম-প্ৰসংগৰে দৌল উৎসৱ পালন কৰা হয়৷