Logo
image

গীনিজত স্থান পালে লাচিতে, আজি ঘোষণা

আমাৰ অসম, ৯ মাৰ্চঃ  অসমে গঢ়িলে বিশ্ব ৰেকৰ্ড৷ অসম আৰু অসমীয়াৰ বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ ৰচনাই স্থান লাভ কৰিলে গীনিজ ৱল্ডৰ্ ৰেকৰ্ডত৷ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি দেশ-বিদেশৰ ৪২ লাখ ৯৪ হাজাৰ ৩৫০ জন লোকে লিখা লাচিতৰ ৰচনাই গীনিজ ৱল্ডৰ্ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷ গীনিজ ৱল্ডৰ্ ৰেকৰ্ড কৰ্তৃপক্ষই ‘হাতে লিখা ৰচনাৰ বৃহত্তম অনলাইন ফটো এলবাম’ শিতানত লাচিতৰ ৰচনাৰ বাবে আজি অসম চৰকাৰৰ হৈ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰিব৷ উল্লেখ্য, শৰাইঘাটৰ ৰণত নৰিয়া দেহাৰে যুঁজ দি মোগলক পৰাস্ত কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী বিশেষভাৱে পালন কৰিছিল অসম চৰকাৰে৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত তিনিদিনীয়াকৈ আয়োজন কৰা লাচিত জয়ন্তীৰ কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অংশ লৈছিল৷ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি লাচিত বৰফুকনৰ সন্দৰ্ভত অনলাইন ৰচনা লিখাৰ বিশেষ কাৰ্যসূচী ৰাখিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো চৰকাৰী কৰ্মচাৰীকে বাধ্যতামূলকভাৱে লাচিতৰ ৰচনা লিখিবলৈ নিৰ্দেশ দিয়াৰ লগতে আন আন লোকসকলকো ৰচনা লিখিবলৈ আহ্বান জনাইছিল৷ মুখ্যমন্ত্ৰী এই আহ৩ানক সঁহাৰি জনাই এমাহৰ ভিতৰতে মুঠ ১৮ টা ভাষাত ৪৫ লাখ ২ হাজাৰ ৮৪৮ খন ৰচনা পৰ্টেলত আপলোড হৈছিল৷ পৰৱৰ্তী সময়ত উক্ত ৪৫ লাখ লোকৰ ৰচনা গীনিজ ৱল্ডৰ্ ৰেকৰ্ডলৈ প্ৰেৰণ কৰাত অৱশেষত গীনিজ ৱল্ডৰ্ ৰেকৰ্ড কৰ্তৃপক্ষই ৪২ লাখ ৯৪ হাজাৰ ৩৫০ খন ৰচনাক যথাযোগ্য হিচাপে বাছনি কৰি বিশ্ব ৰেকৰ্ডৰ স্বীকৃতি প্ৰদান কৰিছে৷ অৱশ্যে ৪৫ লাখ, ২ হাজাৰ, ৮৪৮ খন ৰচনা জমা হৈছিল যদিও ইয়াৰে ২ লাখ, ৮ হাজাৰ, ১৯৮ খন ৰচনা নাকচ কৰে৷ গীনিজ ৱল্ডৰ্ ৰেকৰ্ড কৰ্তৃপক্ষই অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত প্ৰতিখন ৰচনাৰ প্ৰতিলিপি পুংখানুপুংখকৈ পৰীক্ষা কৰি সন্দেহজনক তথা অস্পৃষ্টতাৰ বাবে উক্ত ৰচনাসমূহ নাকচ কৰে৷ মূলতঃ একেই হস্তাক্ষৰ হোৱাৰ লগতে গুগলৰ পৰা হুবহু তুলি দিয়া, একাধিকবাৰ আপলোড কৰা, স্কেনিং কপীৰ অস্পষ্টতা আৰু আখৰৰ দুৰ্বোধ্যতাৰ বাবে এইসমূহৰ ৰচনাক অগ্ৰাহ্য কৰে৷ উল্লেখ্য, গীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ এই প্ৰক্ৰিয়াটোত ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ লগতে অধ্যাপক ড॰ দেৱব্ৰত শৰ্মাই স্বতন্ত্ৰ পৰ্যবেশক হিচাপে দায়িত্ব পালন কৰিছিল৷ গীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ ‘হালেলিখা ৰচনাৰ বৃহত্তম অনলাইন ফটো এলবাম’ শিতানত লাচিত বৰফুকনৰ ৰচনাই এই বিশ্ব অভিলেখৰ স্বীকৃতি লাভ কৰিলে৷ বৰ্তমান লাচিতৰ ৰচনাসমূহ অসম চৰকাৰৰ পৰ্টেলত সংৰক্ষিত হৈ আছে৷ কাইলৈ গীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ কেইবাজনো শীৰ্ষ বিষয়াই দিছপুৰত মুখ্যমন্ত্ৰীৰ হাতত তুলি দিব বিশ্ব ৰেকৰ্ডৰ প্ৰমাণ-পত্ৰ৷