Logo
image

সুৰা বিক্ৰী তুংগত দুৰ্ঘটনাৰো অভিলেখ

আমাৰ অসম, ১০ মাৰ্চঃ  পৰম্পৰা ৰক্ষা কৰি অসমবাসীয়ে উদ্‌যাপন কৰিলে ৰঙৰ উৎসৱ ফাকুৱা তথা দৌলোৎসৱ৷ ফাকুৰ বিবিধ ৰং আৰু হোলীৰ গীতেৰে সমগ্ৰ অসম উখল-মাখল হৈ পৰে৷ অৱশ্যে পৰম্পৰা ৰক্ষা কৰি হোলী উদ্‌যাপন কৰিলেও হোলীত ৰঙীন ফাকুৱাৰ বিপৰীতে ৰঙীণ পানীয় বিক্ৰীয়ে অভিলেখ গঢ়িলে৷ অৰ্থাৎ অসমবাসীয়ে ৰঙীণ পানীয়ৰ সৈতে এইবাৰ বিশেষভাৱে উপভোগ কৰিলে ৰঙৰ উৎসৱটো৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও ফাকুৱাৰ দুটা দিন অৰ্থাৎ মঙলবাৰ আৰু বুধবাৰে ৰাজ্যবাসীয়ে প্ৰাণ কৰিলে ১০ কোটি ৬২ লাখ টকাৰ সুৰা৷ এক কথাত বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰৰ দৌলোৎসৱত  অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হয় ৰাজ্যত৷ উক্ত দিন দুটাত কেৱল গুৱাহাটী মহানগৰীতে ৫.১৮ কোটি টকাৰ বিলাসী সুৰা ব্যৱসায় হয়৷ অথচ ২০২২ বৰ্ষত গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বিক্ৰী হৈছিল ৪.২০ কোটি টকাৰ সুৰা৷ এটা বছৰতে গুৱাহাটীত সুৰাৰ বিক্ৰীৰ পৰিমাণ ১ কোটি টকা অধিক বৃদ্ধি পায়৷ আবকাৰী বিভাগৰ তথ্য মতে ফাকুৱাৰ প্ৰথমটো দিন অৰ্থাৎ মঙলবাৰে ৰাজ্যত সৰ্বাধিক ৯.৫৮ কোটি টকাৰ সুৰা বিক্ৰী হয়৷ আনহাতে দ্বিতীয়টো দিন অৰ্থাৎ বুধবাৰে ১.৪০ কোটি টকাৰ সুৰা বিক্ৰী হয়৷ উৎসৱ-পাৰ্বনত সুৰা বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰাটো নতুন কথা নহয় যদিও এইবাৰৰ হোলীত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে বিগত দুৰ্গা পূজাৰ সময়তো অসমত ১৬.৮০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে৷ আনকি বিশ্বকৰ্মা পূজাতো কেৱল গুৱাহাটীতে ৬.২০ কোটি টকাৰ সুৰা বিক্ৰীয়ে অন্য এক অভিলেখ গঢ়িছিল৷ ৰঙৰ উৎসৱ ফাকুৱাৰ দুটা দিনত কেৱল সুৰা বিক্ৰীৰে অভিলেখ ৰচনা কৰা নহয়, দুৰ্ঘটনাৰ সংখ্যায়ো আন এক যেন অভিলেখ গঢ়িলে৷ ৰঙীণ পানীয় খাই আনন্দ কৰাৰ পৰিণতিত ৰাজ্যত ফাকুৱাৰ দুটা দিনত প্ৰায় ৫ শতাধিক দুৰ্ঘটনা সংঘটিত হয়৷ ইয়াৰ ভিতৰত গুৱাহাটীতে সংঘটিত হয় ১১৩ টা দুৰ্ঘটনা৷ তথ্য অনুসৰি দৌলোৎসৱৰ দুটা দিনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুঠ ২৩৩ জন দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোক ভৰ্তি হৈছে৷ আনহাতে জি এম চি এইচলৈ অনা অৱস্থাতে দুৰ্ঘটনাত পতিত ৯ জন লোকৰ মৃত্যু হৈছে৷ হাস্পতাল কতৃৰ্পক্ষৰ তথ্য অনুসৰি মঙলবাৰৰ দিনটোত দুৰ্ঘটনাগ্ৰস্ত মুঠ ১৪৬ জন লোকক চিকিৎসা প্ৰদান কৰিছে৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ৪৭টা, কামৰূপ জিলাত ৩৭টা, নলবাৰীত ১২ টা, বাগ্‌সাত ১১টা, দৰঙত ১৩টা দুৰ্ঘটনাৰ আঘাতপ্ৰাপ্তক চিকিৎসা প্ৰদান কৰে জি এম চি এইচত৷ মঙলবাৰে সংঘটিত দুৰ্ঘটনাস্থলীৰ পৰা জি এম চি এইচলৈ অনা অৱস্থাতে মৃত্যু হৈছিল পাঁচজন লোকৰ৷ একেদৰে বুধবাৰৰ দিনটোত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ১৩৩ জন লোকক ভৰ্তি কৰা হয় জি এম চি এইচত৷ উক্ত দিনা গুৱাহাটীত সৰ্বাধিক ৫৬ টা দুৰ্ঘটনাত আঘাতপ্ৰাপ্তক  চিকিৎসা প্ৰদান কৰে৷ তদুপৰি কামৰূপৰ ২৯ জন, দৰঙৰ ১৫ জন আঘাতপ্ৰাপ্ত লোককো চিকিৎসা প্ৰদান কৰে জিএমচিয়ে৷ আনহাতে বুধবাৰৰ দিনটোতো জি এম চি এইচলৈ অনা দুৰ্ঘটনাগ্ৰস্ত ৪জন লোকক মৃত ঘোষণা কৰিছিল চিকিৎসকে৷ যি সময়ত ফাকুৱাত সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজপথত নামি পৰিছিল, তেনে সময়ত জি এম চি এইচত চিকিৎসাৰ বাবে ভৰ্তি কৰা দুৰ্ঘটনাগ্ৰস্ত লোকৰ পৰিসংখ্যাই সুৰাপায়ীক নাকী লগোৱাত আৰক্ষী-প্ৰশাসনৰ ব্যৰ্থতাকে প্ৰতীয়মান কৰিলে৷ এক কথাত আৰক্ষী প্ৰশাসনে ৰাজপথত অভিযান চলোৱাৰ হুংকাৰ দিছিল যদিও দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ বাবেই বৃহৎ সংখ্যক দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে৷ যাৰ বাবে এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে বহুজনৰ৷ পূৰ্বতে উৎসৱ-পাৰ্বনত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছিল যদিও এইবাৰ সুৰাৰ সমান্তৰালভাৱে দুৰ্ঘটনায়ো আন এক অভিলেখ ৰচনা কৰিলে৷