Logo
image

শনিবাৰৰ পৰা ২৬ দলং উৎখাত

আমাৰ অসম, ১০ মাৰ্চঃ শিলসাঁকো বিলত প্ৰশাসনৰ বেদখল উচ্ছেদ অভিযানত হস্তক্ষেপ নকৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰশাসনে শিলসাঁকো বিলত বেদখল উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পাছতেই একাধিক পৰিয়ালে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে উচ্চেদত স্থগিতাদেশ জাৰি কৰিছিল৷ অৱশ্যে প্ৰায় দুসপ্তাহ ধৰি চলা শুনানিৰ অন্তত শেহতীয়াকৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ে মহানগৰীৰ জলাশয়-পাহাৰ আদিৰ উচ্ছেদত চৰকাৰক সেউজ সংকেত প্ৰদান কৰি হস্তক্ষেপ নকৰাৰ ইংগিত দিয়ে৷ ন্যায়ালয়ে নিৰ্দেশনাটোত লগতে ১০ এপ্ৰিলৰ ভিতৰত  উচ্ছেদ কাৰ্য সম্পন্ন কৰিবলৈ নিৰ্দেশ দি মেট্ৰিক-উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী থকা পৰিয়ালসমূহে সাময়িক সকাহ বিচাৰি ১৫ মাৰ্চৰ ভিতৰত প্ৰশাসনৰ ওচৰত আবেদন জনাব লাগিব বুলিও স্পষ্ট কৰি দিয়ে৷ ইফালে গুৱাহাটী উচ্ছ ন্যায়ালয়ে পূৰ্বে এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰৰ ৰায়ত মহানগৰীৰ বাহিনী নৈৰ স্বাভাৱিক সোতক বাধা দিয়া দলংসমূহ চিনাক্ত কৰি ভাঙি দিবলৈ প্ৰশাসনক নিৰ্দেশ দিছিল৷ সেই অনুসৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ বাহিনী নৈৰ ওপৰত থকা ৮৯খন দলং চিনাক্ত কৰি ভাঙি পেলোৱাৰ নিৰ্দেশনা জাৰি কৰিছিল৷ কিন্তু ইয়াকে লৈ বিভিন্নজনে হেঁচা প্ৰয়োগ কৰাত শেহতীয়াকৈ নগৰ উন্নয়নমন্ত্ৰী অশোক সিংঘালৰ হস্তক্ষেপত কামৰূপ মহানগৰ জিলা উপায়ুক্তই নিশাটোৰ ভিতৰতে ভাঙিবলগীয়া দলঙৰ সংখ্যা ৮৯খনৰ পৰা ২৬খনলৈ হ্ৰাস কৰিলে৷ প্ৰশাসনে নতুনকৈ চিনাক্ত কৰা ২৬ খন দলং শনিবাৰৰে পৰা উৎখাতৰ পৰিকল্পনা কৰিছে৷ নিৰ্দিষ্ট দলং কেইখন ভাঙি পেলোৱাৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্তই দিছপুৰ চক্ৰ বিষয়াক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰো আদেশ দিছে৷ জি এম চিৰ সহযোগত প্ৰশাসনে দলং ভঙাৰ কাম আৰম্ভ কৰিব৷ ইফালে বাহিনী নৈৰ স্বাভাৱিক জল প্ৰৱাহক বাধা দিয়া ৮৯ খন দলং ২৬ খনলৈ হ্ৰাস কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰথম অৱস্থাত কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ চলাই থকা অভিযানৰ অংশ হিচাপে বাহিনী নৈৰ স্বাভাৱিক জলপ্ৰৱাহত সৃষ্টি হোৱা বাধা আঁতৰোৱাৰ উদ্দেশ্যৰে নৈখনৰ ওপৰত থকা ৮৯খন দলং ভঙাৰ নিৰ্দেশনা জাৰি কৰিছিল৷ কিন্তু গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে এই ক্ষেত্ৰত হস্তক্ষেপ কৰে৷ একাংশ লোকে অভিযোগ কৰা মতে, একাংশ ধনী ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাষত থকা দলং ভঙাৰ পৰা ৰেহাই দিয়াৰ বাবেই দিছপুৰে উপায়ুক্তৰ নিৰ্দেশনাত হস্তক্ষেপ কৰে৷ অৱশ্যে অসম গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে টুইটাৰত প্ৰকাশ কৰা মতে, যিকেইখন দলঙে নৈখনৰ জলপ্ৰৱাহত অধিক বাধা সৃষ্টি কৰিছে আৰু যি কৃত্ৰিম বানৰ মুখ্য কাৰণ হৈ পৰিছে, সেইকেইখন দলংহে ভঙা হ’ব৷ মন্ত্ৰীজনে লগতে এইটো স্পষ্ট কৰিছে যে পূৰ্বতে দিয়া ৮৯খন দলং ভঙাৰ নিৰ্দেশনা বাতিল কৰি ২৬খন দলং ভঙা হ’ব বুলি নতুনকৈ নিৰ্দেশনা জাৰি কৰা হৈছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে বাহিনী নৈৰ ওপৰত থকা ৮৯খন দলং ভাঙি পেলোৱাৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নিৰ্দেশ জাৰি কৰিছিল৷ ২ মাৰ্চত জাৰি কৰা নিৰ্দেশটোত বাহিনী নৈৰ ওপৰৰ এই দলংসমূহে নৈখনৰ পানী স্বাভাৱিকভাৱে প্ৰৱাহিত হৈ থকাত বাধাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰা হৈছিল৷ গুৱাহাটীৰ দেবেন্দ্ৰ নাৰায়ণ ডেকা নামৰ এজন নাগৰিকে বাহিনী নৈৰ ওপৰত থকা দলঙে নৈখনৰ জলপ্ৰৱাহত বাধা সৃষ্টি কৰাৰ অভিযোগ তুলি গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছিল৷ এই গোচৰৰ ভিত্তিত গুৱাহাটী উচ্ছ ন্যায়ালয়ে নৈখনৰ জলপ্ৰৱাহত অধিক বাধা সৃষ্টি কৰা দলং ভাঙি দিয়াৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনক নিৰ্দেশ দিছিল৷ উল্লেখ্য ২০০৮ চনত গুৱাহাটীৰ বাহিনী আৰু ভৰলু নৈৰ ওপৰত থকা ৮০ খনৰো অধিক দলং ভাঙি পেলাইছিল প্ৰশাসনে৷