Logo
image

টুইন টাৱাৰ নহ’ল, গুৱাহাটীৰ বশিষ্ঠত এইবাৰ ৰাম মন্দিৰ

আমাৰ অসম, ৮ জানুৱাৰীঃ টুইন টাৱাৰ নহয়, বশিষ্ঠত নিৰ্মাণ হ’ব ৰাম মন্দিৰহে৷ সোণোৱাল চৰকাৰৰ অভিলাষী  প্ৰকল্প টুইন টাৱাৰৰ নামত বছৰৰ পিছত বছৰ ধৰি মাটি এচপৰাও নপৰাৰ বিপৰীতে অতি শীঘ্ৰে বশিষ্ঠত নিৰ্মাণ হ’ব সুদৃশ্য ৰাম মন্দিৰ৷ ২০১৮ চনৰ ২ ফেব্ৰুৱাৰীত এন বি চি চি আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল বুজাবুজিৰ এখন চুক্তি৷ এই চুক্তি অনুসৰি ৬০ মাহৰ ভিতৰত গুৱাহাটীৰ বশিষ্ঠত ২,০০০ কোটি টকা বাজেটেৰে ৬৫ মহলীয়া টুইন টাৱাৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া আছিল৷ অথচ চুক্তি স্বাক্ষৰৰ দুবছৰ ১০মাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত আৰম্ভ নহ’ল টুইন টাৱাৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ৷ পৰৱৰ্তী সময়ত টুইন টাৱাৰৰ অনিশ্চিত ভৱিষ্যৎক লৈ এন বি চি চি শংকিত হৈ এই প্ৰকল্পটোৰ পৰা আঁতৰি যায়৷ ফলত চৰকাৰ বাধ্য  হৈ এই প্ৰকল্পৰ দায়িত্ব এ আই ডি চিক অৰ্পণ কৰে৷ এই প্ৰকল্পটোৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বশিষ্ঠত ৩২ বিঘা ভূমিত চৰকাৰে তৎকালীনভাৱে আৱণ্টন দিয়ে৷ চৰকাৰীভাৱে এই ভূমিৰ বজাৰ মূল্য ১৮০ কোটিৰো অধিক নিৰ্ধাৰণ কৰা হয়৷ ২০১৮ চনৰ ১৮ জুলাইত টুইন টাৱাৰ প্ৰকল্পৰ ভূমিপূজনো অনুষ্ঠিত হৈছিল৷ অৱশেষত উদ্যোগ আৰু বাণিজ্য বিভাগে যোৱা আঠ ডিচেম্বৰত টুইন টাৱাৰ প্ৰকল্পৰ বাবে গোলকীয় নিবিদা আহ্বান কৰে৷ ‘এডভাণ্টেজ আসাম’ৰ সময়ত গ্ৰহণ কৰা এই অভিলাষী প্ৰকল্পটো বছৰৰ পিছত বছৰ ধৰি পৰি থকাৰ বিপৰীতে বশিষ্ঠতে শীঘ্ৰে নিৰ্মাণ হ’বলৈ গৈ আছে ৰাম মন্দিৰ৷ টুইন টাৱাৰ প্ৰকল্পৰ নিৰ্মাণৰ কাম ন্যূনতমো আগনবঢ়াৰ লগতে অনিশ্চিত ভৱিষ্যতৰ দিশত গতি কৰাৰ সময়তে অতি তৰিৎ গতিত আগবাঢ়িছে ৰাম মন্দিৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ৷ ৰাম মন্দিৰ নিৰ্মাণ ন্যাস কমিটীৰ সভাপতি নয়ন তালুকদাৰ আৰু সাধাৰণ সম্পাদক জীতেন শৰ্মাই বিগত বৰ্ষৰ ২১ জানুৱাৰীত দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মাটি আৱণ্টন বিচাৰি আবেদন কৰে৷ ন্যাস কমিটীয়ে বশিষ্ঠ অঞ্চলত থকা ৫০ বিঘা, ৫ লেচা মাটি চক্ৰ বিষয়াক দেখুৱাই দিয়ে আৱণ্টনৰ বাবে৷ এই ভূমি বশিষ্ঠ মন্দিৰৰ দক্ষিণ ভাগৰ পাহাৰীয়া চৰকাৰী মাটি [দাগ নম্বৰ ১৪২] বুলিও ন্যাস কমিটীয়ে স্পষ্ট কৰি দিয়ে৷ ইয়াৰ সমান্তৰালভাৱে ন্যাস সমিতিয়ে মাটি বিচাৰি অন্য এখন আবেদন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীকো দিয়ে৷ বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত এই আবেদন দিছপুৰ চক্ৰ বিষয়ালৈ প্ৰেৰণ কৰে৷ লক্ষ্যণীয়ভাৱে এই সন্দৰ্ভত দিছপুৰ চক্ৰ বিষয়াই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ পত্ৰৰ প্ৰসংগ উল্লেখ কৰি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তলৈ ডি আই এছ ০৩/২০১৪/৩০৯ নম্বৰ পত্ৰযোগে  এখন প্ৰতিবেদন প্ৰেৰণ কৰে৷ এই প্ৰতিবেদনখনত দিছপুৰ ৰাজহ চক্ৰৰ বিষয়াজনে স্পষ্টভাৱে উল্লেখ কৰে যে বেলতলা মৌজাৰ অন্তৰ্গত বশিষ্ঠ গাঁৱৰ ৩০ বিঘা মাটি [ডাগ নম্বৰ ১৪২] ৰাম মন্দিৰ নিৰ্মাণৰ বাবে উপযুক্ত স্থান৷ ন্যাস সমিতিয়ে যি স্থানত বিচাৰিছিল সেই স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ সেউজ সংকেত দিয়ে চক্ৰ বিষয়াজনে৷ চক্ৰ বিষয়াৰ এই প্ৰতিবেদনৰ ভিত্তিত অতি শীঘ্ৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ে ৰাম মন্দিৰ নিৰ্মাণ ন্যাসক বশিষ্ঠত ৩০ বিঘা চৰকাৰী ভূমি আৱণ্টন দিয়াৰ বাবে সাজু হৈছে৷ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি আৱণ্টনৰ ক্ষেত্ৰত চৰকাৰে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰাৰ বিপৰীতে অভিলাষী প্ৰকল্প টুইন টাৱাৰ নিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱে গেঠেলা মাৰিছে৷