Logo
image

অস্কাৰ জয়ৰ পাছত হস্তী দৰ্শনৰ বাবে ভিৰ পৰ্যটকৰ

আমাৰ অসম, ১৫ মাৰ্চঃ এটা হাতী পোৱালী, নাম তাৰ ৰঘু৷ হঠাৎ এই ৰঘু সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ৰঘুক চাবলৈ তামিলনাডুৰ  থেপ্পাকাদুু হস্তীকেম্পত এতিয়া অজস্ৰজনৰ ভিৰ৷ উল্লেখ্য, সোমবাৰে ভাৰতলৈ ‘অস্কাৰ’ কঢ়িয়াই অনা ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’ নামৰ ছবিখনত দেখা গৈছিল ৰঘুক৷ দুটা হাতীপোৱালীক লৈ প্ৰযোজক গুণীত মোংগা আৰু পৰিচালক কাৰ্তিকি গঞ্জালভেছে নিৰ্মাণ কৰি উলিয়াইছে ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’ নামৰ ছবিখন৷ স্বল্পদৈৰ্ঘৰ তথ্যচিত্ৰ শাখাত ছবিখনে ভাৰতলৈ অস্কাৰ কঢ়িয়াই অনাৰ পাছত তামিলনাডুৰ হস্তীকুলক লৈ এতিয়া চলচ্ছিত্ৰপ্ৰেমী আৰু প্ৰকৃতিপ্ৰেমীসকলৰ মাজত তুমুল চৰ্চা আৰম্ভ হৈছে৷ ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’ নামৰ ছবিখন নিৰ্মাণ হৈছে বোমান আৰু বেলি নামৰ এহাল দম্পতীয়ে দুটা হাতী-পোৱালীক লালন-পালন কৰা কাহিনীক লৈ৷ সেই হাতী পোৱালী দুটাৰ এটা হৈছে ৰঘু আৰু আনটোৰ নাম আম্মু৷ ছবিখনে ‘অস্কাৰ’ বুটলিবলৈ সক্ষম হোৱাৰ পাছত এতিয়া নিশাৰ ভিতৰতে চেলিব্ৰেটী হৈ পৰিছে কণমানি ৰঘু৷

এজন পৰ্যটকে জনোৱা মতে তেওঁ লণ্ডনৰ পৰা আহিছে৷ ভাৰত ভ্ৰমণৰ উদ্দেশ্যেৰে অহা পৰ্যটকজনে ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’-এ অস্কাৰ পোৱা বুলি জানিব পাৰি ৰঘু আৰু তাৰ সংগীসকলক চাবলৈ থেপ্পাকাদু হস্তীকেম্পত উপস্থিত হৈছে৷ তথ্যচিত্ৰখনে অস্কাৰ পোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্নজনে শুভেচ্ছাৰে ওপচাই পেলাইছে প্ৰযোজিকা গুণীত মোংগা আৰু পৰিচালিকা কাৰ্তিকি গঞ্জালভেছক৷ ইপিনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই দুই মহিলাই বন্যপ্ৰাণীৰ সৌন্দৰ্য আৰু গুৰুত্বক এখন ছবিৰ জৰিয়তে বিশ্বৰ আগত যিদৰে উপস্থাপন কৰিলে তাৰ বাবে ভাৰত আজি গৰ্বিত বুলি টুইট কৰিছে৷