Logo
image

ৰাজনীতিত যোগদানৰ অফাৰ ছনু সুদলৈঃ কি ক'লে অভিনেতাজনে?

ডিজিটেল ডেস্কঃ দৰিদ্ৰৰ বন্ধু বুলি কোৱা হয় বলীউদ অবিনেতা ছনু সুুদক৷ ক'ভিডৰ সময়ত দুখীয়া লোকসকলক সহায়ৰ হাত আগবঢ়াইছিল অভিনেতাজনে৷ কেৱল খাদ্য যোগানেই নহয়, বহিঃৰাজ্যৰ লোকসকলকো ঘৰলৈ যাবলৈ যাতায়তৰ ব্যৱস্থা কৰিছিল অভিনেতাজনে৷ ইয়াৰ পিছতে অনুমান কৰা হৈছিল যে ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে ছনু সুদে৷ শেহতীয়াকৈ ৰাজনীতিত যোগদানৰ বিষয়টোক লৈ মুখ খুলিছে অভিনেতাজনে৷

সংবাদ সংস্থা এএনআইৰ পডকাষ্ট শ্ব'ত এটা সাক্ষাৎকাৰত ৰাজনীতিলৈ যোৱাৰ বিষয় সন্দৰ্ভত ঢ়ছনু সুদে কয়, "মোক দুবাৰকৈ ৰাজ্যসভাৰ সাংসদ হোৱাৰ প্ৰস্তাৱ দিয়া হৈছে, কিন্তু মই এই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিলোঁ। মোক ভাল ভাল পদৰ প্ৰস্তাৱ দিছে। আনকি উপ-মুখ্যমন্ত্ৰীৰ পদৰ প্ৰস্তাৱো মোক দিছে।"

ইয়াৰ উপৰি অভিনেতাজনে কয়, "মোক বহু বিষয়ত প্ৰস্তাৱ দিছে, কিন্তু এই বোৰে মোক বিশেষ প্ৰভাৱিত নকৰে৷ মই মোৰ নিজৰ নিয়ম প্ৰস্তুত কৰিব বিচাৰো কাৰণ মই কাৰো পথ অনুসৰণ কৰিব নিবিচাৰো৷"