Logo
image

কাৰাবন্দী অখিলৰ ‘বৃদ্ধি’, মুখ্যমন্ত্ৰী সোণোৱালৰ ‘সংকোচন’

অখিল গগৈৰ জামিন আৱেদন আকৌ এবাৰ খাৰিজ হ’ল৷ জামিন আৱেদন আদালতে খাৰিজ কৰিলে৷ ভাৰতৰ আইনমতে অ-জামিনযোগ্য অপৰাধৰ ক্ষেত্ৰত জামিন দিয়া বা নিদিয়াটো বিচাৰকৰ মৰ্জিৰ ওপৰত নিৰ্ভৰশীল৷ কিন্তু বিচাৰকৰ ‘মৰ্জি’টো ন্যায়সংগত, যুক্তিসংগত হ’ব লাগিব৷ অখিল গগৈক আদালতে, বিচাৰকে জামিন নিদিবলৈ সিদ্ধান্ত লৈছে৷ এই কথাটো সঁচানে? অখিলক জামিন নিদিয়াৰ সিদ্ধান্ত সঁচাকৈয়েই আদালত বা বিচাৰকৰনে? মূল প্ৰশ্নটো হ’ল– অখিল গগৈৰ জামিন মঞ্জুৰ কৰাৰ ক্ষেত্ৰত আদালত সিদ্ধান্ত ল’ব পৰাকৈ স্বাধীননে? ন্যায়পালিকা সঁচাকৈ স্বাধীননে?

অভিযুক্ত আৰু অপৰাধী বা দোষী একে নহয়৷ অভিযুক্তৰ ওপৰত আৰোপিত অভিযোগ আদালতত প্ৰমাণ হোৱাৰ পাছত আদালতে তেওঁক অপৰাধী বা দোষী সাব্যস্ত কৰে৷ আমাৰ ন্যায়ব্যৱস্থাৰ মতে এজন অভিযুক্ত তেওঁৰ ওপৰত আৰোপিত অভিযোগ প্ৰমাণ নোহোৱালৈ দোষী বা অপৰাধী নহয়৷ অখিল গগৈ এজন অভিযুক্ত মাত্ৰ৷ তেওঁৰ ওপৰত আৰোপ কৰা অভিযোগ আদালতত প্ৰমাণ হোৱা নাই৷ 

কাৰাগাৰত দুইধৰণৰ বন্দী থাকে৷ বিচাৰাধীন বন্দী– যাৰ বিৰুদ্ধে অভিযোগ প্ৰমাণ হোৱা নাই আৰু কয়দী– যাক আদালতে দোষী সাব্যস্ত কৰিছে৷ ভাৰতৰ উচ্ছতম ন্যায়ালয়ে এই ৰায় দি থৈছে যে এজন অভিযুক্তই জামিন লাভ কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ সাধাৰণতে জামিন মঞ্জুৰ কৰাটোৱেই নিয়ম৷ বিশেষ কাৰণ থাকিলেহে জামিন নিদি অভিযুক্তক কাৰাগাৰত ৰাখিব লাগে৷ অখিল গগৈক জামিন নিদি বন্দী কৰি ৰখাৰ কি বিশেষ কাৰণ আছে? কাৰণবোৰ ন্যায়িক নে ৰাজনৈতিক? জামিন মঞ্জুৰ বা নামঞ্জুৰ কৰোঁতে আদালতে কেৱল ন্যায়িক বিষয়বোৰহে বিবেচনা কৰে নে ৰাজনৈতিক বিচাৰ-বিবেচনায়ো সেই সিদ্ধান্তত প্ৰভাৱ পেলায়? অখিল গগৈৰ জামিন নামঞ্জুৰ কৰাৰ আঁৰত ন্যায়িক বিচাৰ-বিবেচনাৰ লগতে ৰাজনৈতিক বিচাৰ-বিবেচনাও আছে নেকি?

অখিল গগৈৰ বিৰুদ্ধে যদি এনে সাংঘাতিক প্ৰমাণ আছে যে তেওঁক জামিন দিলে দেশৰ সাংঘাতিক অনিষ্ট হ’ব, তেনেহ’লে তেওঁৰ বিৰুদ্ধে অভিযোগনামা [চাৰ্জছিট] দাখিল কৰি আদালতত তেওঁৰ দোষ প্ৰমাণ কৰি তেওঁক দোষী সাব্যস্ত কৰি জে’লত নথয় কিয়? 

মূল কথাটো হ’ল– অখিল গগৈ এজন ৰাজনৈতিক বন্দী৷ সম্পূৰ্ণ ৰাজনৈতিক কাৰণত অখিলৰ জামিন মঞ্জুৰ হোৱা নাই৷ ৰাজনৈতিক বন্দীৰ ক্ষেত্ৰত জামিন মঞ্জুৰ হোৱাটো আইনৰ ওপৰত নহয়, ৰাজনীতিৰ ওপৰতহে নিৰ্ভৰ কৰে৷ অখিলক জামিন নিদিয়াৰ সিদ্ধান্ত এটা ৰাজনৈতিক সিদ্ধান্ত আৰু এই সিদ্ধান্ত লৈছে চৰকাৰে৷ 

চৰকাৰে জানে যে আদালতত অখিলৰ বিৰুদ্ধে অভিযোগ প্ৰমাণ হোৱাৰ সম্ভাৱনা খুবেই কম৷ গতিকে অখিলক তেওঁৰ ৰাজনৈতিক সক্ৰিয়তাৰ পৰা আঁতৰাই ৰাখিবলৈ তেওঁক বিচাৰাধীন বন্দীৰূপে ৰখাৰ আন বিকল্প নাই৷ 

এখন ৰাষ্ট˜ই যেতিয়া এজন লোকৰ বিৰুদ্ধে দমনমূলক, প্ৰতিশোধপৰায়ণ ব্যৱস্থা ল’ব বিচাৰে, তেতিয়া সেই লোকজনৰ বাবে তাক প্ৰতিৰোধ কৰা অত্যন্ত কঠিন বা প্ৰায় অসম্ভৱ হৈ পৰে৷ এই কথা স্পষ্ট যে অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট˜ই দমনমূলক, প্ৰতিশোধপৰায়ণ হোৱাৰ সিদ্ধান্ত লৈছে৷

সংবিধানৰ মতে আইন-শৃংখলা ৰাজ্যৰ বিষয়৷ অসমৰ আইন-শৃংখলা অসম চৰকাৰৰ আৰু গৃহমন্ত্ৰীৰূপে থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কতৃৰ্ত্বাধীন আৰু তাৰ বাবে তেওঁ দায়বদ্ধ৷ অখিল গগৈ অসমৰ আইন-শৃংখলাৰ বাবে কিমান ডাঙৰ ভাবুকি, তেওঁক ৰজানৈতিক বন্দীৰূপে বিভিন্ন উপায়েৰে বন্দী কৰি ৰাখিব লাগে নে নালাগে, সেয়া অসমৰ গৃহ বিভাগৰ সিদ্ধান্ত, আন ভাষাত মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰীৰ সিদ্ধান্ত৷ কিন্তু এই কথা এতিয়া জলজল পটপট যে অসমৰ আইন-শৃংখলা দিল্লীৰ গৃহ বিভাগৰ নিয়ন্ত্ৰণাধীন৷ অসমৰ গৃহ বিভাগে, গৃহমন্ত্ৰীয়ে, অসম চৰকাৰে ভাৰতৰ সংবিধানে তেওঁলোকক দিয়া অধিকাৰ আৰু দায়িত্ব দিল্লীৰ গৃহ বিভাগক চমজাই দিছে৷ দিল্লীৰ গৃহ বিভাগে অখিল গগৈক বিনা বিচাৰে কাৰাগাৰত ৰখাৰ সিদ্ধান্ত লৈছে৷ আদালতৰ সিদ্ধান্তত সেই সিদ্ধান্ত প্ৰতিফলিত হৈছে মাথোন৷ এয়া এটা ৰাজনৈতিক সিদ্ধান্ত৷ 

দিল্লীৰ এই ৰাজনৈতিক সিদ্ধান্তৰ ফলত সৰ্বানন্দ সোণোৱালৰ কিমান ৰাজনৈতিক লাভ হৈছে? সৰ্বানন্দ সোণোৱালৰ এজন প্ৰতিশোধপৰায়ণ, প্ৰতিহিংসাপৰায়ণ ব্যক্তিৰ ভাবমূৰ্তি গঢ়ি উঠিছে৷ তেওঁৰ নিজৰ কতৃৰ্ত্ব দিল্লীৰ হাতত গটাই দিয়া এজন দুৰ্বল নেতাৰ ভাবমূৰ্তি গঢ়ি উঠিছে৷ অখিল গগৈক ৰাজনৈতিকভাৱে মোকাবিলা কৰিবলৈ অক্ষম বুলি প্ৰতীয়মান হৈছে৷ সৰ্বানন্দ সোণোৱালে জানে যে কংগ্ৰেছৰ শাসন ওপৰাই তেওঁক মুখ্যমন্ত্ৰীৰ আসনত বহুওৱাত অখিল গগৈৰ কিঞ্চিত হ’লেও অৰিহণা আছে৷ ‘কা’ অসমৰ বাবে উচিত নহ’ব বুলি এটা সাহসী পদক্ষেপ নোলোৱাৰ ফলত সোণোৱালৰ ভীষণ ৰাজনৈতিক ক্ষতি হ’ল৷ এতিয়া তেওঁ এটা সাহসী সিদ্ধান্ত লওক৷ তেওঁ দিল্লীক জনাওক যে তেওঁ অসমৰ আইন-শৃংখলা ৰক্ষা কৰিবলৈ সক্ষম আৰু তেওঁৰ ৰাজনৈতিক স্বাৰ্থতেই অখিল গগৈক মুক্তি দিয়াটো জৰুৰী৷ কাৰাৰুদ্ধ অখিল গগৈয়ে যিমানেই ৰাজহুৱা মানসত বৃহৎ আকাৰ ধাৰণ কৰি গৈ আছে, সিমানেই সংকুচিত হৈ গৈ আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷