Logo
image

গুৱাহাটীৰ নতুন যুটীয়া আৰক্ষী আয়ুক্ত টি পি বিজয়কুমাৰ

আমাৰ অসম, ১৭ মাৰ্চঃ গুৱাহাটীৰ ভাৰপ্ৰাপ্ত যুটীয়া আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে টি প্ৰতীক বিজয় কুমাৰক৷ ২০১৩ বেট্‌ছৰ আই পি এছ বিষয়া কুমাৰক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ উপ-আৰক্ষী আয়ুক্ত [অভিযান] পদৰো দায়িত্ব দিয়া হৈছে৷ বৰ্তমান মান্দাকাটাস্থিত কমাণ্ডো বাহিনীৰ অধিনায়কৰ  পদত কাৰ্যনিৰ্বাহ কৰি থকা টি প্ৰতীক বিজয় কুমাৰক বৃহস্পতিবাৰে গৃহ আৰু ৰাজনীতি বিভাগৰ সচিব শিলাদিত্য চেতিয়াই যুটীয়া আৰক্ষী আয়ুক্ত পদলৈ বদলিৰ নিৰ্দেশনা জাৰি কৰে৷ উল্লেখ্য, গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি কৰাৰ পাছত দীৰ্ঘদিন ধৰি উক্ত পদটো খালী হৈ আছিল৷ ইফালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ ডিচিপি [প্ৰশাসন] সুভাশিস বৰুৱাক সহকাৰী আৰক্ষী মহা পৰিদৰ্শক [প্ৰশাসন] পদলৈ বদলি কৰা হৈছে৷ আনহাতে কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষ আছিফ আহমেদক গুৱাহাটীৰ যান-বাহন শাখাৰ এডিচিপি পদলৈ বদলি কৰা হৈছে৷ কেন্দ্ৰীয় ডেপুটেশ্বনত চোৰাংচোৱা শাখাত যোগদানৰ বাবে অসম এৰিব গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমণদীপ কৌৰে৷ তদুপৰি গুৱাহাটীৰ মধ্য এডিচিপি কল্যান কুমাৰ পাঠকক কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ বদলি কৰাৰ বিপৰীতে গুৱাহাটীৰ এডিচিপি [চোৰাংচোৱা আৰু নিৰাপত্তা] নন্দিনী কাকতিক গুৱাহাটী মধ্য এডিচিপি পদলৈ বদলি কৰিছে৷