Logo
image

২০০১ৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰনিৰ্ধাৰণৰ সম্ভাৱনা

আমাৰ অসম, ২১ মাৰ্চঃ ‘পশ্চিমবংগ, কৰ্ণাটক, তামিলনাডুত যি প্ৰক্ৰিয়াৰে সমষ্টিৰ পুনৰনিৰ্ধাৰণ হৈছে, সেই একেই প্ৰক্ৰিয়া তথা জনসংখ্যাৰ ভিত্তিত অসমৰো সমষ্টি পুনৰনিৰ্ধাৰণ হ’ব৷ যদি উক্ত ৰাজ্যসমূহত ২০০১ৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে, তেন্তে অসমতো ২০০১ৰ লোকপিয়লেই সমষ্টি পুনৰনিৰ্ধাৰণৰ  ভিত্তি হ’ব৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে বিধানসভাত কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে উত্থাপন কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰি কয় যে ‘অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে৷ কেতিয়া শেষ হ’ব এই কথা ৰাজ্য চৰকাৰে ক’ব নোৱাৰে৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোৰ লগত ৰাজ্য চৰকাৰ পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত নহয়৷ ভাৰতৰ নিৰ্বাচন আয়োগ এটা সাংবিধানিক সংস্থা৷ সাংবিধানিক কামকাজত জড়িত সংস্থাৰ লগত ৰাজ্য চৰকাৰ সাধাৰণতে জড়িত হৈ নাথাকে৷ ৰাজ্য চৰকাৰৰ কাম এটাই হ’ব যে নিৰ্বাচন আয়োগে যি ধৰণৰ পৰিসংখ্যা, ডাটা বিচাৰে, ইয়াক যোগান ধৰা৷ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ এখন তথাকথিত খচৰা বাতৰি কাকতসমূহ প্ৰচাৰ হৈ আছে৷ মই বিধানসভাৰ মজিয়াৰ পৰাই সেই খচৰাখন কোনো বিধানসন্মত নহয় বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো৷ নিৰ্বাচন আয়োগে শূন্যৰ পৰা এই গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব৷ ইয়াৰ বাবেই নিৰ্বাচন আয়োগ প্ৰথমবাৰৰ বাবে অসমলৈ আহিব৷ সেয়েহে সন্দেহৰ আচ্ছাদনৰে সমষ্টিৰ মানুহক ন্যায়সংগত অধিকাৰৰ পৰা বঞ্চিত কৰাটো উচিত নহ’ব৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া এনআৰচিৰ বাবে বন্ধ হোৱা নাছিল৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আইন শৃংখলা পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলি নিৰ্বাচন আয়োগক প্ৰতিবেদন দিয়াৰ বাবেহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বন্ধ আছিল৷ কিন্তু আমাৰ চৰকাৰে আইন শৃংখলাৰ কোনো চিন্তাৰ কাৰণ নাই বুলি প্ৰতিবেদন দিয়াৰ পাছতে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰে৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননী জাৰি কৰি যাৱতীয় প্ৰশাসনিক কামকাজবোৰ কৰিবলৈ তিনিদিন সময় দিয়ে৷’