Logo
image

ক’ভিডে গৰকা অৰ্থনীতি

বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনীতিসমূহৰ উত্থান-পতনৰ নিৰন্তৰ নিৰীক্ষণ আৰু পৰ্যালোচনা কৰাটো বিশ্ব বেংকৰ অন্যতম প্ৰধান কাম৷ ক’ভিড অতিমাৰীৰ আতংকৰ মাজতো এই কাম চলিয়েই আছে৷ ২০২১ চনৰ জানুৱাৰীত প্ৰকাশিত ‘গ্ল’বেল ইক’নমিক এছপেক্ট’ নামৰ প্ৰতিবেদনত বিশ্ব বেংকে কৈছে যে ক’ভিড অতিমাৰীয়ে কৰা ক্ষয়-ক্ষতি পূৰণ কৰিবলৈ বিশ্ববাসীক কিছু দীৰ্ঘ সময়ৰ প্ৰয়োজন হ’ব, যদিওবা কেতবোৰ দেশে ক’ভিডসৃষ্ট অৰ্থনৈতিক সংকটৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে৷ অৱশ্যে, ভাৰতৰ দৰে জনবহুল তথা উন্নয়নশীল অৰ্থনীতিৰ বাবে এই ক্ষয়-ক্ষতি সহজতে পূৰণ কৰাটো সম্ভৱ নহ’ব৷ এই প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি ২০২১ বৰ্ষত বিশ্ব অৰ্থনীতিৰ সমৃদ্ধিৰ হাৰ ৪ শতাংশ হ’বগৈ বুলি অনুমান কৰা হৈছে৷ অৱশ্যে, ক’ভিড অতিমাৰীৰ পুনৰ সংক্ৰমণ তথা প্ৰতিষেধক ছিটাৰ প্ৰচলনৰ বিলম্বনৰ ওপৰতো সমৃদ্ধিৰ হ্ৰাস-বৃদ্ধি নিৰ্ভৰ কৰিব৷ ভাৰত সমন্বিতে দক্ষিণ এছিয়াৰ অৰ্থনৈতিক সমৃদ্ধিৰ হাৰ ৩.৩ শতাংশ হ’ব বুলি প্ৰতিবেদনত পূৰ্বাভাস দিয়া হৈছে৷ বিশ্ব বেংকৰ মতে সমগ্ৰ দক্ষিণ এছিয়াৰ অঞ্চলটোতেই ক’ভিড অতিমাৰীৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব৷ নিম্ন আৰু মধ্যমীয়া আয়ৰ অৰ্থনীতিৰ দেশবোৰত অৰ্থনৈতিক কাম-কাজ ক্ষিপ্ৰতৰ কৰাৰ বাবে বিশ্ব বেংকে আৰ্থিক সাহায্যও আগবঢ়াইছে৷ ইতিমধ্যে পশ্চিমবংগত স্থল পৰিবহণ প্ৰকল্পৰ বাবে বেংকটোৱে ১০৫ নিযুত ডলাৰ আৰু সেউজ-নিৰাপদ হাইৱে’ নিৰ্মাণৰ বাবে ভাৰতলৈ ৫০০ নিযুত ডলাৰৰ বিত্ত আগবঢ়াইছে৷ অৱশ্যে, ক’ভিড-বহিৰ্ভূত কালতো বিশ্ব বেংকৰ পৰা ভাৰতে নিয়মিত ৰূপত ঋণ তথা বিত্তীয় সাহায্য আদায় কৰি আহিছে৷ ক’ভিড দুৰ্যোগৰ মাজতে ভাৰতীয় অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপ-নিকাচৰ সময় উপস্থিত হৈছে৷ কিয়নো, পহিলা ফেব্ৰুৱাৰী হৈছে ভাৰতৰ সাধাৰণ বাজেট দাখিলৰ দিন৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট প্ৰস্তুতিৰ কুচ-কাৱাজ ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে৷ নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে কৈছে যে ক’ভিড অতিমাৰীৰ পৰা হোৱা ক্ষয়-ক্ষতিবোৰ মেৰামতিৰ বাবে ৰাজকোষীয় নীতি-কৌশল প্ৰস্তুত কৰা হৈছে৷ নেশ্বনেল ষ্টেটিষ্টিকেল অফিচৰ [এন এছ অ’] উদ্ধৃতি দি ৰাজীৱ কুমাৰে কৈছে যে ২০২০-২১ বৰ্ষত ভাৰতীয় অৰ্থনীতি ৭.৭ শতাংশ হাৰত সংকুচিত হ’ব৷ ২০১৯-২০ বৰ্ষৰো বৃদ্ধিৰ হাৰ ৪.২ শতাংশহে হ’ব৷ বিগত ৪১ বছৰৰ ভিতৰত ২০২০-২১ বৰ্ষত বাৰ্ষিক মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ঋণাত্মক হ’ব৷ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গণনা মতেও ভাৰতীয় অৰ্থনীতিৰ সমৃদ্ধিৰ হাৰ নিম্নমুখী হ’ব৷ এনেবোৰ হিচাপ-নিকাচ, তথ্য-পৰিসংখ্যা পৰ্যালোচনাৰ মাজতেই দেশবাসীয়ে আগন্তুক বাজেট উত্থাপনৰ দিনটোলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে৷ কিছুদিন পূৰ্বে নিটি আয়োগৰ তৰফৰ পৰা সংসদীয় সমিতিৰ সদস্যসকলক জনোৱা হৈছিল যে ক’ভিড-১৯ৰ দ্বাৰা ভাৰতৰ অৰ্থনীতি বৰ বেয়াকৈ আক্ৰান্ত হৈছে৷ লগতে এই কথাও জনোৱা হৈছিল যে ভাৰতৰ বিপৰীতে চীন দেশে কিন্তু অতি ক্ষিপ্ৰতাৰে হৃত সমৃদ্ধি ঘূৰাই আনিবলৈ সক্ষম হৈছে৷ এনে মন্তব্যৰ প্ৰত্যুত্তৰত সংসদীয় সমিতিৰ সদস্যসকলে নিটি আয়োগক ভাৰতৰ নিম্নগামী আৰ্থিক স্থিতি ঊধবৰ্মুখী কৰাৰ বাবে তথা গ্ৰাম্য অৰ্থনীতি আৰু ক্ষুদ্ৰ শিল্প-ব্যৱসায়ৰ পুনৰুদ্ধাৰৰ বাবে ১৯ জানুৱাৰীত প্ৰতিবেদন দিবলৈ আহ্বান জনায়৷ প্ৰধানতঃ এয়াই ভাৰতীয় অৰ্থনীতিৰ বিড়ম্বনা৷ ‘হেণ্ডচেক’ক তুচ্ছজ্ঞান কৰি ‘নমস্কাৰ’ক লৈ অহংকাৰ কৰি আনন্দ-উৎসৱ কৰোঁতে অৰ্থনীতি গৈ গাঁতত সোমাল৷ এতিয়া ইটোৱে সিটোক দোষাৰোপ কৰি, প্ৰতিবেদন বিচাৰি, নীতি-আঁচনিৰ মালা গাঁথোতেই সময়বোৰ পাৰ হ’বগৈ!