Logo
image

মনোজ গোস্বামীসহ ৩জনক ‘নিপন গোস্বামী বঁটা’

আমাৰ অসম, ২৭ মাৰ্চঃ  প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ জীৱন আৰু কৰ্মৰাজিক নতুন প্ৰজন্মৰ মাজত দাঙি ধৰাৰ লগতে মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ আৰ কে ইউনিভাৰ্ছ  নামৰ সামাজিক, সাংস্কৃতিক সংগঠনটোৱে ৰাজ্যৰ চলচ্ছিত্ৰ আৰু সংগীতৰ লগতে সাহিত্য, ক্ৰীড়া, শান্তি ৰক্ষা, শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তি বিশেষক সন্মান জনোৱাৰ উদ্দেশ্যৰে নিপন গোস্বামীৰ সোঁৱৰণত আগবঢ়াইছে ২৬ টাকৈ বঁটা৷  গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত দেওবাৰে সন্ধিয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা সমূহ প্ৰদান কৰা হয়৷ নিপন গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলনৰে অনুষ্ঠানটো শুভাৰম্ভ কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে৷  আনহাতে সাংস্কৃতিক জগতকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত পূৰ্বে ঘোষিত ৫ টাকৈ বঁটাৰ লগতে নতুনকৈ ঘোষণা কৰা ২১টা বঁটা প্ৰদান কৰা হয়৷  তাৰ ভিতৰত অসমৰ এগৰাকী বিশিষ্ট অভিনেতা দীনেশ দাস আৰু যশস্বী সংগীত শিল্পী দ্বীপেন বৰুৱাক আৰ কে ইউনিভাৰ্ছে আগবঢ়োৱা নিপন গোস্বামী জীৱনযোৰা সাধনা বঁটা - ২০২২ প্ৰদান কৰে৷ তেনেদৰে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক বিশিষ্ট, কবি- অভিনেতা পাৰ্থ সাৰথি মহন্তক আৰক্ষী সেৱাৰ বিশেষ অৱদানৰ বাবে, সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক, ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক সংবাদ সেৱাৰ বিশেষ অৱদানৰ বাবে আৰু অজুৰ্ন বঁটা প্ৰাপক ক্ৰীড়াবিদ নয়নমণি শইকীয়ালৈ ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা দক্ষতাৰ বাবে ‘নিপন গোস্বামী বঁটা ২০২২’ প্ৰদান কৰা হয়৷ আৰ কে ইউনিভাৰ্চৰ অধ্যক্ষ কুন্তল কুমাৰ কৌশিক আৰু পৰিচালন সঞ্চালক ৰুণামণি কৌশিকৰ উদ্যোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত চলচ্ছিত্ৰ, সংগীত, পৰিচালনা, সাহিত্য, সমাজসেৱা, চিকিৎসাসেৱা, উদ্যোগ ক্ষেত্ৰত অৱদান আগবঢ়োৱা মুঠ ২১গৰাকী লোককো নিপন গোস্বামী স্বীকৃতি বঁটা ২০২২ প্ৰদান কৰা হয়৷ তাৰ ভিতৰত চিনেমাৰ পৰিচালনা-অভিনয় আৰু সংগীতৰ ক্ষেত্ৰত নিপন গোস্বামী স্বীকৃতি বঁটা লাভ কৰে ‘‘ৰাজনীতি’’ চিনেমাৰ পৰিচালক মনোজিৎ শৰ্মা,  প্ৰযোজক বিকাশ সাহা আৰু অসীম নাথে৷ আনহাতে সমালোচকৰ বিশেষ বঁটা লাভ কৰে ‘‘ গড অন দ্যা বেলকনি’’ চিনেমাৰ পৰিচালক বিশ্বজিৎ বৰা আৰু প্ৰযোজক নুৰুল চুলতানে লাভ কৰে নিপন গোস্বামী স্বীকৃতি বঁটা৷ ‘‘ব্ৰীজ’’ চিনেমাৰ পৰিচালক কৃপাল কলিতা, নৱাগত পৰিচালক কুলনন্দিনী মহন্ত[এমুঠি পুঠি] নৱাগত সংগীত পৰিচালক সৌৰভ মহন্ত[উপসৰ্গ], অভিনেত্ৰী আইমী বৰুৱা[শ্বেমখৰ], অভিনেতা কমল লোচন, নৱাগত অভিনেতা কিংকৰ নাথ, নৱাগত অভিনেত্ৰী শিৱা কলিতা, নেপথ্য কণ্ঠশিল্পী অৰূপ জ্যোতি বৰুৱা, [একলব্য], নেপথ্য কণ্ঠশিল্পী কাব্যশ্ৰী বৰা, বুম্বা ৰাইড চিনেমাৰ শিশু শিল্পী ইন্দ্ৰজিৎ পেগুলৈয়ো নিপন গোস্বামী স্বীকৃতি বঁটা আগবঢ়োৱা হয়৷ ইয়াৰ উপৰিও যুৱ উদ্যোগী অক্ষতা নাৰায়ণ, ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য, ব্যৱসায়ী স্তুতি হাজৰিকা, সমাজসেৱক অধিৰ চন্দ্ৰ দাস, দন্ত চিকিৎসক ডাঃ ৰীতি কৌশিক, মহিলা উদ্যোগী প্ৰীতিক্ষা বৰকটকীক নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নিপন গোস্বামী স্বীকৃতি বঁটা ২০২২ প্ৰদান কৰা হয়৷ আৰম্ভণিতে পৰ্দাত নিপন গোস্বামীৰ অভিনয় জগতৰ কেতবোৰ বিশেষ দৃশ্য প্ৰদৰ্শন কৰা হয়৷