Logo
image

লাচিতৰ বিশ্বৰেকৰ্ড শলাগিলে মোদীয়ে

আমাৰ অসম, ২৭ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৯৯তম সংস্কৰণ ‘মন কি বাত’ত স্থান পালে অসমৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্‌যাপন তথা লাচিত বৰফুকন সম্পৰ্কীয় ৰচনাই বিশ্ব ৰেকৰ্ড কৰি  গীণিজ বুক অব ৱল্ডৰ্ ৰেকৰ্ডছত স্থান পোৱাৰ প্ৰসংগ৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এনেদৰে ক’লে– ‘মন কী বাতৰ সৈতে জড়িত  শ্ৰোতাক মই অসমৰ সৈতে জড়িত এটা কথা ক’ব খুজিছোঁ৷ এই কথাই এক ভাৰত শ্ৰেষ্ঠ ভাৰত ধাৰণাক মজবুত কৰে৷ আপোনালোকে সকলোৱে জানে যে আমি বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদ্‌যাপন কৰি আছো৷ বীৰ লাচিত বৰফুকনে অত্যাচাৰী মোগল সম্ৰাটৰ হাতৰ পৰা গুৱাহাটীক স্বাধীন কৰিছিল৷ আজি দেশ এই মহান যোদ্ধাজনৰ অদম্য সাহসৰ সৈতে পৰিচিত হৈছে৷ কিছুদিনৰ পূৰ্বে লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত ৰচনা লিখাৰ এখন অভিযান চলোৱা হৈছিল৷ আপোনালোকে এই কথা জানি আচৰিত হ’ব যে ইয়াৰ বাবে প্ৰায় ৪৫ লাখ লোকে ৰচনা প্ৰেৰণ কৰিছিল৷ এয়া এক গীনিজ ৰেকৰ্ড হৈছে৷ সকলোতকৈ প্ৰশংসনীয় কথা এইটো যে বীৰ লাচিত বৰফুকনৰ ওপৰত লিখা নিৱন্ধবোৰ ২৩ টা বেলেগ বেলেগ ভাষাত লিখা হৈছিল৷ অসমীয়া ভাষাৰ উপৰি হিন্দী, ইংৰাজী, বাংলা, বড়ো, নেপালী, সংস্কৃত, সান্থালী আদিৰ দৰে ভাষাতো মানুহে ৰচনা প্ৰেৰণ কৰিছিল৷ মই এই প্ৰয়াসৰ অংশীদাৰ হোৱা সকলো লোককে হৃদয়ৰ পৰা প্ৰশংসা কৰিছো৷’ উল্লেখ্য যে ২০১৪ চনৰ তিনি অক্টোবৰত বিজয় দশমী উপলক্ষে প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হোৱা প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ অনুষ্ঠানটোৱে আজি সফলভাৱে ৯৯ টা খণ্ড সম্পূৰ্ণ কৰে৷ আগন্তুক ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ মাহেকীয়া এই কাৰ্যসূচীৰ ১০০ তম খণ্ড সম্পূৰ্ণ হ’ব৷ ‘মন কি বাত’ এক মাহেকীয়া বাৰ্তালাপ অনুষ্ঠান যি প্ৰতিমাহৰ শেষ দেওবাৰে ‘অল ইণ্ডিয়া ৰেডিঅ’ত সম্প্ৰচাৰিত হয়৷ এই ভাষণৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ নাগৰিকক সম্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰায়ে বিভিন্ন প্ৰেৰণ মানুহ আৰু সমাজলৈ তেওঁলোকৰ অৱদানৰ স্বীকৃতি আৰু উদ্‌যাপন কৰিবলৈ ৰেডিঅ’ৰ জৰিয়তে ‘মন কি বাত’ অনুষ্ঠান ব্যৱহাৰ কৰিছে৷ তেওঁ ক্ষুদ্ৰ ব্যৱসায়, মহিলা উদ্যোগ আৰু বহনক্ষম ব্যৱসায়ীসকলৰে আলোচনাত মিলিত হয়৷ আজিৰ ‘মন কী বাত’ প্ৰধানমন্ত্ৰীয়ে কয় যে নাৰী শক্তিয়ে দেশৰ আগবঢ়োৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷