Logo
image

দৰঙৰ ধূলাত একে নিশাই দুটাকৈ পথ দুৰ্ঘটনাঃ নিহত দুই বন্ধু

ডিজিটেল সংবাদ, খাৰুপেটীয়াঃ দৰঙৰ ধূলাত সোমবাৰে  নিশা সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ যুৱক। জানিব পৰা মতে,  তেজপুৰমুখী  ডব্লিউ বি ৩৫-১৭০৭  নম্বৰৰ তীব্ৰ বেগী ট্ৰাক আৰু মঙলদৈ অভিমুখে গৈ এচ ০১ ডি ৱাই ৩৭০০ নম্বৰৰ বেলেন' বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। ‌ফলত নিহত হয় দুই বন্ধু। দুৰ্ঘটনাত নিহত যুৱক দুজন খাৰুপেটীয়াৰ ঠাকুৰপট্টীৰ সন্দীপ দাস (২০) আৰু ঘোষপট্টীৰ‌ দ্বীপজ্যোতি বৰ্মন ( পাপ্পু ) ( ১৯) বুলি জানিব পৰা গৈছে৷ 

সন্দীপ দাস মঙলদৈ কমাৰ্চ কলেজত অধ্যয়নৰত ছাত্ৰ বুলি জানিব পৰা গৈছে। ইফালে দুর্ঘটনা সংঘটিত কৰি ট্ৰাকখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে। উল্লেখ্য যে জে চি বি আৰু ক্রেঙৰ সহায়ত গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ দুটা। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মৰুণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৃতদেহ। একেদৰে  প্ৰথমটো দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় দুঘণ্টা মান পিছত পুনৰ ধূলাৰ সৰকাৰ চ'কত সংঘটিত হয় দ্বিতীয়টো পথ দুৰ্ঘটনা। পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত ভেনো গাড়ীয়ে খুন্দা মৰাৰ ফলত সংঘটিত হয় দ্বিতীয় দুৰ্ঘটনাটো।  ফলত আহত হয় এজন লোক। সংকটজনক অৱস্থাত আহত লোকজনক মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।