Logo
image

১২% দাম বাঢ়িল ঔষধৰ

আমাৰ অসম, ২৯ মাৰ্চঃ খাদ্য সামগ্ৰী, ইন্ধন, ৰন্ধন গেছকে ধৰি প্ৰায় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা হৈ পৰা দেশৰ জনতাই অহা মাহৰ প্ৰথম দিনটোৰ পৰাই অত্যাৱশ্যকীয় ঔষধ অধিক ধন ভৰি ক্ৰয় কৰিব লাগিব৷ কিয়নো ১ এপ্ৰিলৰ পৰা পেইনকিলাৰ, এণ্টিবায়’টিক, এণ্টি-ইনফেক্টিভ, হৃদৰোগৰ ঔষধকে ধৰি অত্যাৱশ্যকীয় বা জৰুৰী ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি কৰিব মোদী চৰকাৰে৷ অচ্ছে দিনৰ আশাত ভোট দি দুবাৰকৈ শাসনৰ গাদীত বহুওৱা বিজেপিয়ে জনতাৰ অভাব-অভিযোগলৈ কৰ্ণপাত নকৰাকৈ যিকোনো পণ্যৰ দৰে ঔষধৰ মূল্যও বৃদ্ধি কৰি সামগ্ৰিকভাৱে প্ৰত্যেকজন নাগৰিককে মাধমাৰ দিছে৷ ইন্ধন, ৰন্ধন গেছ, দাইল-চাউল-তেল আদি অপৰিহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি যদি ৰাইজৰ ওপৰত মাধমাৰ, তেন্তে দেশৰ প্ৰত্যেকজন ঔষধ নিৰ্ভৰ ব্যক্তিৰ  ওপৰত এয়া মোদী চৰকাৰৰ প্ৰহাৰ৷ কিয়নো পেইনকিলাৰ, এণ্টিবায়’টিক, এণ্টি-ইনফেক্টিভ, হৃদৰোগৰ ঔষধ যিকোনো ৰোগ আৰু ৰোগীৰ বাবে অত্যাৱশ্যকীয়৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে দুই চাৰিবিধ ঔষধ নহয়, মুঠতে ৮০০ বিধৰো অধিক জৰুৰী ঔষধৰ মূল্য ১ এপ্ৰিলৰ পৰা সৰ্বাধিক ১২ শতাংশ পৰ্যন্ত বৃদ্ধি পাব৷ ৮০০ বিধ জৰুৰী বা অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি কৰিলে তাৰ ফল দেশৰ কোনো নহয় কোনো নাগৰিকে ভূঞ্জিবই লাগিব৷ কিয়েনা যিকোনো ৰোগত ভোগা ৰোগীৰ ক্ষেত্ৰত এই ৮০০ বিধ ঔষধৰ কোনো নহয় কোনো এবিধ ঔষধৰ প্ৰয়োজন থাকিবই৷ সেয়ে এনে পৰিস্থিতিত ঔষধ নিৰ্ভৰ হোৱা বা নোহোৱা ৰোগী, দুৰ্ঘটনাত আহত লোকেও মূল্যবৃদ্ধিৰ ফল ভূগিব লাগিব৷ তদুপৰি ‘লাইফ ষ্টাইল’ ৰোগত ভূগি দৈনিক ঔষধ সেৱন কৰা ব্যক্তিয়ো ঔষধৰ এই মূল্যবৃদ্ধিৰ চিকাৰ হ’ব৷ কেন্দ্ৰীয় চৰকাৰৰ বিভাগ ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটী’য়ে অহা ১ এপ্ৰিলৰ পৰা ৮০০ বিধৰো অধিক অত্যাৱশ্যকীয় ঔষধৰ মূল্যবৃদ্ধি ঘটোৱাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগে লগে সকলো স্তৰৰ লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো কোনো লোকৰ বাবেই এই ৮০০ বিধ ঔষধ এৰাই চলা সম্ভৱ নহয়৷ প্ৰসংগতঃ বিগত বছৰো ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী’য়ে সকলো ঔষধৰ পাইকাৰী মূল্য ১০.৭ শতাংশ বৃদ্ধি কৰিছিল৷ ফলত দুবছৰত দেশৰ বজাৰত ঔষধৰ মূল্য ২২ শতাংশতকৈয়ো অধিক বৃদ্ধি কৰিলে মোদী চৰকাৰে৷ উল্লেখ্য, এন পি পি এ ই প্ৰত্যেক বছৰেই ঔষধৰ পাইকাৰী মূল্য ১০ শতাংশকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈ থৈছে৷ ‘ছিডিউলড’ আৰু ‘নন ছিডিউলড’ হিচাপে ঔষধৰ দুটা শ্ৰেণী বিভাজন কৰা হৈছে৷ ইয়াৰে ‘নন ছিডিউলড’ ঔষধৰ পাইকাৰী মূল্য বছৰি ১০ শতাংশকৈ বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰে পূৰ্বেই লৈ থৈছে৷ পিছে একেৰাহে দুবছৰ ধৰি মোদী চৰকাৰে ‘ছিডিউলড’ ঔষধৰ মূল্য বৃদ্ধিৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া দেশৰ জনতাৰ প্ৰতি অতিশয় হঠকাৰী আৰু মাৰাত্মক সিদ্ধান্ত হিচাপে বিবেচিত হৈছে৷ মোদী চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ ফলত ‘ছিডিউলড’ ঔষধৰ মূল্য ‘নন ছিডিউলড’ ঔষধতকৈ অধিক হৈ পৰিল, যিটো প্ৰকৃততে অনুচিত৷

পাকিস্তানৰ দৰে দেশত অভাৱনীয় আৰ্থিক সংকটৰ বাবে সকলো ধৰণৰ ঔষধৰ মূল্যবৃদ্ধি ঘটিছে৷ পাকিস্তানত নিজা ঔষধৰ উৎপাদন সীমিত, নিৰ্ভৰ কৰিবলগীয়া হয় আমদানিত৷ বিদেশী মুদ্ৰাৰ নাটনিৰ বাবে পাকিস্তানত ঔষধৰ মূল্যবৃদ্ধি অস্বাভাৱিক নহয়৷ কিন্তু মোদী চৰকাৰে সততে দেশৰ আৰ্থিক উন্নয়ন বৃদ্ধি হৈ থকা বুলি দাবী কৰি থকাৰ সময়ত দেশৰ সকলো শ্ৰেণীৰ নাগৰিকক মাধমাৰ দি কিয় একেৰাহে দুবছৰত ঔষধৰ মূল্য ২২ শতাংশতকৈও অধিক বৃদ্ধি কৰিলে সেয়া এক বিস্ময়৷ এক প্ৰতিবেদন অনুসাৰে ৩৮৪ বিধ ‘মলিউকেল’ৰ মূল্যবৃদ্ধি হৈছে, যি ৯০০ ‘ফৰ্মুলেচন’ৰ ক্ষেত্ৰত ব্যৱহৃত হয়৷ সেয়ে ৮০০ ৰো অধিক ঔষধৰ মূল্যবৃদ্ধি অৱশ্যম্ভাবী হৈ পৰিল৷

এই মূল্যবৃদ্ধিৰ ফল সকলো স্তৰৰ নাগৰিকেই ভূগিব লাগিব৷ কিয়নো চিকিৎসকে যি ঔষধ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে, ৰোগীয়ে সেই ঔষধেই ক্ৰয় কৰিবলগীয়া হয়৷ ৰোগীৰ হাতত ঔষধ সলনিৰ বিকল্প নাথাকে৷ ৰোগীয়ে কেতিয়াও নিজৰ ইচ্ছা অনুসৰি ঔষধৰ নাম সলনি কৰিব নোৱাৰে বা ঔষধ সলনি কৰিব নোৱাৰে৷ অন্ততঃ ভাৰতৰ দৰে দেশত চিকিৎসকে দিয়া পেচক্ৰিপছনেই শেষ কথা৷ যদিহে চিকিৎসকে লিখা ঔষধৰ মূল্য অধিক হয় তথাপি ৰোগীয়ে তাতকৈ কম মূল্যৰ ঔষধ পোৱা যাব নেকি বুলি ফাৰ্মাচীত সোধাৰ কোনো অভ্যাস ভাৰতত নাই৷ অৱশ্যে বিদেশত ঔষধৰ পোনপটীয়াকৈ নাম নিলিখি চিকিৎসকে ‘জেনেৰিক’ নাম লিখে৷ তেনেক্ষেত্ৰত ৰোগীৰ বাবে সেই জাতৰ ঔষধৰ কম মূল্যৰ কি ঔষধ আছে সেয়া নিৰ্বাচন কৰি লোৱাৰ বিকল্প থাকে৷ বহু সময়ত নিৰ্দিষ্ট কিছুমান ব্ৰেণ্ডৰ ঔষধৰ তুলনাত জেনেৰিক ঔষধৰ মূল্য ৯০ শতাংশ কম হোৱাৰ উদাহৰণ আছে৷ যিটো ব্যৱস্থা ভাৰতত এতিয়াও হোৱা নাই৷ এনে পৰিস্থিতিত প্ৰত্যেকজন ৰোগীয়ে উচ্ছ হাৰত ঔষধ কিনিবলৈ বাধ্য হয়৷ এতিয়া আঠ শতাধিক ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে সেয়ে দেশৰ সকলো স্তৰৰ লোকৰ ওপৰত প্ৰভাৱ আৰু অধিক কাঢ়াকৈ ক’বলৈ হ’লে মাধমাৰ পৰিব৷

ভাৰতত যিবোৰ ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীয়ে ঔষধ প্ৰস্তুত কৰে তেওঁলোকে তাৰ বাবে কেঁচা মাল বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়৷ উৎসতে কেঁচামালৰ মূল্য বৃদ্ধি হোৱাৰ বাবেও ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীয়ে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ এটা যুক্তি আছে৷ কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে মেক ইন ইণ্ডিয়া অভিযান আৰম্ভ কৰি দেশীয়ভাৱে সকলো প্ৰয়োজনীয় সম্পদ তৈয়াৰ কৰা বুলি দাবী জনাই আছে৷ পিছে আন সামগ্ৰীৰ বাদেই, অত্যাৱশ্যকীয় আৰু জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা কেঁচামাল এতিয়াও নৰেন্দ্ৰ মোদী চৰকাৰৰ মেক ইন ইণ্ডিয়া অভিযানে যোগান ধৰিব পৰা নাই৷ অতি তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে, ৰাজনৈতিকভাৱে চীনৰ সৈতে মোদী চৰকাৰে খকা-খুন্দা লাগি থাকিলেও অন্যান্য বহু সামগ্ৰীৰ কেঁচামালৰ দৰে ঔষধৰ বাবে প্ৰয়োজনীয় কেঁচামালো সৰ্বাধিক আমদানি কৰে চীনৰ পৰা৷ সেই ক্ষেত্ৰত চীনে মূল্য বৃদ্ধি কৰিলে ভাৰতৰ হাতত আন কোনো বিকল্প নাথাকে৷ এনে পৰিস্থিতিৰ দাস হৈয়ে নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘নেচনেল ফাৰ্মাচিটিউকেল প্ৰাইচিং অথৰিটী’য়ে জ্বৰত ব্যৱহৃত ঔষধ, সংক্ৰমণৰোধী ঔষধ, হৃদৰোগত ব্যৱহূত সকলো প্ৰকাৰৰ ঔষধ, উচ্ছ ৰক্তচাপত ব্যৱহৃত ঔষধ, চালৰ ৰোগত ব্যৱহৃত ঔষধ, এনিমিয়া ৰোগত ব্যৱহৃত ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে৷